দীপক হুদাৰ শতকেৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ৰোমাঞ্চকৰ জয়

Story by  atv | Posted by  [email protected] • 1 Years ago
দীপক হুদাৰ শতকেৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ৰোমাঞ্চকৰ জয়
দীপক হুদাৰ শতকেৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ৰোমাঞ্চকৰ জয়
ডুবলিন

উদীয়মান বেটছমেন দীপক হুদাৰ বিস্ফোৰক শতক আৰু অভিজ্ঞ তাৰকা সঞ্জু ছেমছনৰ আক্ৰমণাত্মক অৰ্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিছে। মঙলবাৰে নিশা অনুষ্ঠিত হাইস্ক'ৰিং মেচখনত হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন আলহী দলটোৱে আয়াৰলেণ্ডক ৪ ৰানত হৰুৱায়। 
 
প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২২৫ ৰানৰ বৃহৎ স্ক'ৰ থিয় কৰায়। অপেনাৰ ঈশান কিষন মাত্ৰ ৩ৰানত আউট হয় যদিও সঞ্জু ছেমছন আৰু দীপক হুদাই চকমপ্ৰদ বেটিঙেৰে দ্বিতীয় উইকেটত ১৭৬ ৰান যোগ দি ভাৰতক বৃহৎ স্ক'ৰৰ দিশে আগুৱাই নিয়ে। 
 
হুদাই ১০৪ আৰু সঞ্জুৱে ৭৭ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে। হুদাই ৫৭ বলত ৯টা বাউণ্ডেৰী আৰু ৬টা অভাৰ বাউণ্ডেৰী কোবায়। সঞ্জুৱে ৯টা বাউণ্ডেৰী আৰু ৪টা ছিক্সাৰৰ সহায়ত ইনিংছটো সজায়। সূৰ্যকুমাৰ যাদৱে ১৫ আৰু হাৰ্দিক পাণ্ডিয়াই ১৩ ৰান কৰে। 
 
প্ৰত্যুত্তৰত আয়াৰলেণ্ডে সুন্দৰ বেটিঙেৰে জয়ৰ কাষ চাপে যদিও নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২২১ ৰানত থমকি ৰয়। এই জয়েৰে ভাৰতে ২খন মেচৰ শৃংখলাটো ২-০ৰ ব্যৱধানত দখল কৰিবলৈ সক্ষম হয়। ভাৰতে ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব।