ৰোমাঞ্চকৰ জয়েৰে থমাছ কাপৰ ফাইনেলত ভাৰত

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰোমাঞ্চকৰ জয়েৰে থমাছ কাপৰ ফাইনেলত ভাৰত
ৰোমাঞ্চকৰ জয়েৰে থমাছ কাপৰ ফাইনেলত ভাৰত

বেংকক

বিশ্বৰ আগশাৰীৰ আৰু অতি মৰ্যদাপূৰ্ণ পুৰুষৰ বেডমিণ্টন প্ৰতিযোগিতা থমাছ কাপৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচিছে ভাৰতে। বেংককত চলি থকা প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত ভাৰতে শুকুৰবাৰে নিশা ডেনমাৰ্কৰ বিৰুদ্ধে ৩-২ৰ ব্যৱধানত শ্বাসৰুদ্ধকৰ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ভাৰতে প্ৰথমবাৰৰ বাবে থমাছ কাপৰ ফাইনেললৈ উন্নীত হৈছে। ইয়াৰ পূৰ্বে ভাৰতে ১৯৫২, ১৯৫৫ আৰু ১৯৭৯ চনত থমাছ কাপৰ ছেমি ফাইনেল খেলিছিল। দলটোৱে এতিয়া দেওবাৰে ঐতিহাসিক ফাইনেলত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ক’ৰ্টত নামিব।

ভাৰতৰ এই ঐতিহাসিক সাফল্যৰ মূলতে আছিল এইচ.এছ প্ৰণয়,কিদাম্বি শ্ৰীকান্ত, এছ ৰনকীৰেড্ডী/চিৰাগ চেট্টীৰ চমকপ্ৰদ প্ৰদৰ্শন। লক্ষ্য সেন প্ৰথমখন ছিংগলছত পৰাস্ত হোৱাৰ পিছত চিৰাগ-ৰনকীৰেড্ডীৰ যুটীয়ে ডাবলছত জয় সাব্যস্ত কৰি ভাৰতক মেচলৈ উভতাই আনে।

ইয়াৰ পিছত শ্ৰীকান্ত আৰু প্ৰণয়ে ছিংগলছত ডেনমাৰ্কৰ বিৰুদ্ধে তীব্ৰ যুঁজ দি শেষ মুহূৰ্তত স্মৰণীয় জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। এই জয়েৰে ভাৰতে থমাছ কাপত ইতিহাস ৰচি ফাইনেললৈ উন্নীত হৈছে।