ভাৰতীয় ৰেলে এথলীট অম্লান বৰগোহাঁইক উত্তৰ-পূব সীমান্ত ৰেলত নিযুক্তি দিছে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
অম্লান বৰগোহাঁই
অম্লান বৰগোহাঁই
গুৱাহাটী
 
ভাৰতীয় ৰেলে বৃহস্পতিবাৰে উত্তৰ-পূব সীমান্ত ৰেলত ৰাষ্ট্ৰীয় অভিলেখ ধাৰক এথলীট আৰু ভাৰতৰ দ্ৰুততম পুৰুষ অম্লান বৰগোহাঁইক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। বৃহস্পতিবাৰে ইয়াত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উদযাপন উপলক্ষে উত্তৰ-পূব সীমান্ত ৰেল ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজীৱ মহাজনে এই ঘোষণা কৰে।
 
আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী দৌৰবিদ বৰগোহাঁইক ইয়াত উত্তৰ-পূব সীমান্ত ৰেলৰ তৃতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।
"তেওঁ এজন নিয়মীয়া কৰ্মচাৰীৰ সকলো লাভালাভৰ বাবে যোগ্য হ'ব আৰু গোটেই বছৰটো ৰাজ্যৰ বাহিৰত তেওঁৰ প্ৰশিক্ষণত উপস্থিত থকাৰ স্বাধীনতাও উপভোগ কৰিব। তেওঁ কেইদিনমানৰ ভিতৰতে যোগদান কৰিব বুলি আশা কৰা হৈছে," উত্তৰ-পূব সীমান্ত ৰেলৰ জ্যেষ্ঠ ক্ৰীড়া বিষয়া ৰাজেশ বৰাই আৱাজ - দ্যা ভইচক কয়। তেওঁ আৰু কয় যে উত্তৰ-পূব অঞ্চলৰ আন কেইবাজনো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈকো শীঘ্ৰেই নিযুক্তি দিয়া হ'ব।
অসম অলিম্পিক সংস্থা আৰু অসম এথেলটিক সংস্থা বৰগোহাঁইক নিযুক্তি দিয়াৰ বাবে ভাৰতীয় ৰেললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। "অম্লান বৰগোহাঁইক নিয়োগ কৰাৰ বাবে আমি এন এফ ৰেলৱেৰ কৰ্তৃপক্ষৰ ওচৰত কৃতজ্ঞ। তেওঁৰ জীৱিকা সুৰক্ষিত হোৱাৰ সৈতে, মই নিশ্চিত যে তেওঁ অদূৰ ভৱিষ্যতে দেশলৈ অধিক সুনাম কঢ়িয়াই আনিব," অসম অলিম্পিক সন্থাৰ সম্পাদক তথা অসম এথেলটিক সংস্থাৰ সভাপতি লাখ্য কোঁৱৰে কয়।
 
শেহতীয়াকৈ চেন্নাইত অনুষ্ঠিত ৬১ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ প্ৰতিযোগিতাত অম্লানে দুটা নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। অম্লানে ২১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ২০০ মিটাৰত সোণৰ পদক অৰ্জন কৰিছিল। ইয়াৰ পূৰ্বে, অম্লানে ১০.৪৭ ছেকেণ্ডেৰে ১০০ মিটাৰত সোণৰ পদক লাভ কৰিছিল।