কেৰিয়াৰৰ বিয়লি বেলাত অস্ত্ৰোপচাৰৰ সন্মুখীন হ'ব লাগিব মেৰীকমে

Story by  atv | Posted by  [email protected] • 1 Years ago
কেৰিয়াৰৰ বিয়লি বেলাত অস্ত্ৰোপচাৰৰ সন্মুখীন হ'ব লাগিব মেৰীকমে
কেৰিয়াৰৰ বিয়লি বেলাত অস্ত্ৰোপচাৰৰ সন্মুখীন হ'ব লাগিব মেৰীকমে
নতুন দিল্লী
 
৬বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমে কেৰিয়াৰৰ বিয়লি বেলাত এক জটিল অস্ত্ৰোপচাৰৰ সন্মুখীন হ'ব লাগিব। কমনৱেলথ গেমছৰ ট্ৰায়েলত আঘাতপ্ৰাপ্ত হোৱা মণিপুৰৰ কিংবদন্তী মহিলা বক্সাৰগৰাকীক সুস্থ হ'বলৈ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব বুলি চিকিৎসকে জানিবলৈ দিছে। চিকিৎসকৰ মতে তেওঁ Anterior Cruciate Ligament (ACL) আঘাতৰ সন্মুখীন হৈছে। 
 
অলিম্পিকত পদক জয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা বক্সাৰ মেৰীকমে যোৱা ৯ জুনত নতুন দিল্লীত অনুষ্ঠিত ছিলেকছন ট্ৰায়েলৰ ৪৮ কেজিৰ ছেমিফাইনেলত হাৰিয়ানাৰ নিতুৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত বাওঁ আঁঠুত আঘাতৰ সন্মুখীন হৈছিল। ইয়াৰ পিছতো তেওঁ যুঁজি থকাৰ সাহস দেখুৱাইছিল যদিও আঁঠুৰ বিষ ক্ৰমাত বৃদ্ধি পোৱাত আধাতে ৰিং ত্যাগ কৰিবলৈ বাধ্য হয়। 
ইয়াৰ লগে লগতে কিংবদন্তী বক্সাৰগৰাকীৰ কমনৱেলথ গেমছৰ স্বপ্ন ধূলিস্যাৎ হয়। উল্লেখ্য যে, ২০১৮ৰ গোল্ড ক'ষ্ট কমনৱেলথ গেমছত মণিপুৰী বক্সাৰগৰাকীয়ে দেশৰ হৈ ঐতিহাসিক স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল। প্ৰতিযোগিতাখনত সেয়া আছিল ভাৰতীয় মহিলা বক্সাৰৰ প্ৰথমটো স্বৰ্ণ পদক। 
৩৮ বছৰ বয়সত সন্মুখত হোৱা এই আঘাতে মেৰীকমৰ কেৰিয়াৰ সমাপ্ত কৰিব বুলি অনুৰাগীয়ে শংকিত হৈছে যদিও দৃঢ়মনা বক্সাৰগৰাকীয়ে শীঘ্ৰে প্ৰত্যাৱৰ্তন কৰিব বুলি ঘোষণা কৰিছে। সংবাদ মাধ্যমৰ সন্মুখত বক্সাৰগৰাকীয়ে কৈছে যে তেওঁ পুনৰ ১-২ বছৰ খেলি যাব বিচাৰে।