ৰূপ সলনি হ'ব আই পি এলৰ; নতুন নিয়ম ঘোষণা

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
মুম্বাই

আগন্তুক বৰ্ষৰ পৰা ঐশ্বৰ্যশালী টি-২০ লীগ আই পি এলৰ ৰূপ সলনি হ'ব। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ কৰ্তৃপক্ষই ঘোষণা কৰিছে যে তেওঁলোকে প্ৰতিযোগিতাখনৰ ২০২৩ সংস্কৰণৰ পৰা ''টেকনিকেল ছাবষ্টিটিউট'ৰ নিয়ম প্ৰৱৰ্তন কৰিব।
 
ভাৰতৰ প্ৰধান ঘৰুৱা টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ছৈয়দ মুস্তাক আলী ট্ৰফীত এই নিয়মৰ সফল পৰীক্ষাৰ পিছত আই পি এল কৰ্তৃপক্ষই এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। 
এই নিয়মৰ অধীনত, প্ৰতিটো ইনিংছৰ মাজভাগত দলবোৰক প্লেয়িং ইলেভেনত কাৰোবাৰ ঠাইত এটা বিকল্প বাছনি কৰিবলৈ অনুমতি দিয়া হয়। অৰ্থাৎ, প্ৰতিটো দলে নিজৰ পচন্দ অনুসৰি যিকোনো খেলুৱৈক বাহিৰলৈ পঠাই তেওঁৰ পৰিৱৰ্তে এগৰাকী খেলুৱৈক খেলপথাৰত নমাব পাৰিব।
''টেকনিকেল ছাবষ্টিটিউট'ৰ ৰূপত খেলপথাৰলৈ অহা খেলুৱৈজনে বলিঙো কৰিব পাৰিব, বেটিঙো কৰিব পাৰিব। এই নিয়ম প্ৰথমে অষ্ট্ৰেলিয়ান বিগ বেছ লীগত প্ৰৱৰ্তন কৰা হৈছিল, যিয়ে 'এক্স-ফেক্টৰ'ৰ অনুমতি দিছিল। 
আই পি এল বা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) নিয়মটোৰ চৰ্তাৱলী সম্পৰ্কে কোনো বিৱৰণ দিয়া নাই, কিন্তু আশা কৰা হৈছে যে ২০২২ চনৰ মিনি নিলামৰ আগতে অহা কেইসপ্তাহমানৰ ভিতৰত ইয়াক স্পষ্ট কৰা হ'ব।