অকলেণ্ড
নিউজীলেণ্ড ভ্ৰমণত ব্যস্ত টীম ইণ্ডিয়াই প্ৰথমখন এদিনীয়াত পৰাজয়ৰ সন্মুখীন হৈছে। অকলেণ্ডত আজি অনুষ্ঠিত হাইস্ক'ৰিং মেচখনত ঘৰুৱা দল নিউজীলেণ্ডে ভাৰতক ৭ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়।
কিৱি বাহিনীৰ এই চমকপ্ৰদ জয়ৰ মূলতে আছিল টম লাথাম আৰু কেন উইলিয়ামছনৰ দুৰ্দান্ত বেটিং। ভাৰতীয় বলিং আক্ৰমণক তচনচ কৰি তেওঁলোকে ১৭টা বল বাকী থাকোতেই নিউজীলেণ্ডক জয়ৰ লক্ষ্যত উপনীত কৰায়।
লাথামে ১৪৫ আৰু উইলিয়ামছনে ৯৪ ৰানত অপৰাজিত হৈ ৰয়। মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হোৱা লাথামে ১০৪ বলত ১৯টা বাউণ্ডেৰী আৰু ৫টা ছিক্সাৰ কোবায়। ভাৰতৰ হৈ উদীয়মান বেগী বলাৰ উমৰাণ মালিক আৰু অৰ্শ্বদ্বীপ সিঙে আজি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে। জন্মু আৰু কাশ্মীৰৰ দ্বিতীয়জন ক্ৰিকেটাৰ হিচাপে টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰা মালিকে দুটা উইকেট লাভ কৰিবলৈ সক্ষম হয়। তেওঁ তীব্ৰ গতিৰ বলেৰে ক্ৰিকেটপ্ৰেমীৰ মন জয় কৰে।
ইয়াৰ পূৰ্বে, ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ৩০৬ ৰানৰ প্ৰত্যাহ্বানজনক স্ক'ৰ থিয় কৰায়। আলহী দলটোৰ হৈ শ্ৰেয়াছ আয়াৰে ৮০, শিখৰ ধাৱনে ৭২, শুভমন গীলে ৫০, ৱাশ্বিংটন সুন্দৰে ৩৭ (অপঃ) আৰু সঞ্জু ছেমছনে ৩৬ ৰানৰ অৰিহণা আগবঢ়ায়।