স্বৰ্ণকন্যা নয়নমণি শইকীয়াক মাতৃভূমিত উষ্ম আদৰণি; উচ্চ পদস্থ চৰকাৰী চাকৰিৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
স্বৰ্ণকন্যা নয়নমণি শইকীয়াক মাতৃভূমিত উষ্ম আদৰণি
স্বৰ্ণকন্যা নয়নমণি শইকীয়াক মাতৃভূমিত উষ্ম আদৰণি
মুকুট শৰ্মা / গুৱাহাটী
 
সদ্যসমাপ্ত কমনৱেলথ গেমছত ঐতিহাসিক স্বৰ্ণ পদক জয় কৰি দেশবাসীৰ নয়নৰ মণি হৈ পৰা অসম কন্যা নয়নমণি শইকীয়াক আজি মাতৃভূমি অসমত ৰাজকীয় আদৰণি জনোৱা হয়।
 
সোমবাৰে বাৰ্মিংহামত সামৰণি পৰা মেগা ইভেণ্টখনত ভাৰতীয় মহিলা লন বল দলৰ হৈ সোণৰ পদক জয়ৰ পিছত বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হোৱা নয়নমণিক অসম লন বল সন্থা, অসম অলিম্পিক সন্থা, অসম ক্ৰীড়া সঞ্চালকালয়, বন বিভাগকে ধৰি বিভিন্ন দল সংগঠনে উষ্ম সম্ভাষণ জনায়।
উল্লেখ্য যে, কমনৱেলথ গেমছত ভাৰতীয় মহিলা লন বল দলটো প্ৰথমবাৰৰ বাবে সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখনত ভাৰতে লন বলৰ পৰা কেতিয়াও সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। বাৰ্মিংহামত ইতিহাসৰ সূচনা কৰা ভাৰতীয় দলটোৰ অন্যতম সদস্য আছিল অসমৰ নয়নমণি শইকীয়া। 
বিমান বন্দৰত দল, সংগঠন আৰু শুভাকাংক্ষীৰ উষ্ম আদৰণি গ্ৰহণৰ পিছতে খেলুৱৈগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিবলৈ পোনে পোনে দিশপুৰত উপস্থিত হয়। জনতা ভৱনত মুখ্যমন্ত্ৰী শৰ্মাই সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰা নয়নমণি শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু তেওঁৰ সৈতে মত-বিনিময় কৰে।
 
 
নয়নমণিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্বৰ্ধনা, দিশপুৰত
 
নয়নমণিয়ে কমনৱেলথ গেমছৰ পূৰ্বে ক'ত কিদৰে প্ৰস্তুতি চলাইছিল, বাৰ্মিংহামত কিধৰণৰ সা-সুবিধা লাভ কৰিছিল, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জানিব বিচাৰে। তেওঁ আগন্তুক সকলো প্ৰতিযোগিতাৰ বাবে খেলুৱৈগৰাকীক শুভেচ্ছা জনায় আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
 
মুখ্যমন্ত্ৰীয়ে কমনৱেলথ গেমছত স্বৰ্ণবিজয়ী নয়নমণিক অসম ক্ৰীড়া নীতি অনুসৰি উচ্চ পদস্থ চৰকাৰী চাকৰিৰ প্ৰস্তাৱ আগবঢ়ায়। বৰ্তমান বন বিভাগত কনিষ্টবলৰ চাকৰি কৰি থকা লন বল খেলুৱৈগৰাকীক অসম চৰকাৰৰ আৱকাৰী অথবা কৰ বিভাগৰ উচ্চ পদবী দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বিভাগ বাচনি কৰিবলৈ নয়নমণিক মুখ্যমন্ত্ৰীয়ে এসপ্তাহৰ সময় বান্ধি দিছে। 
ইফালে, অসমত লন বলৰ এখন গ্ৰাছক'ৰ্ট গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ নয়নমণিয়ে সাক্ষাৎকালত মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰী শৰ্মাই খেলুৱৈগৰাকীৰ এই অনুৰোধ ৰক্ষা কৰি বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰক নিৰ্দেশ দিয়ে। 
যোৰহাটৰ জিমখানা খেলপথাৰত লন বলৰ গ্ৰাছক'ৰ্ট গ্ৰাউণ্ডৰ নিৰ্মাণৰ প্ৰস্তুতি চলি আছে বুলি লক্ষ্য কোঁৱৰে মুখ্যমন্ত্ৰীক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীক সাক্ষতৰ সময়ত নয়নমণিক সংগ দিয়ে তেওঁৰ স্বামী ভাস্কৰজ্যোতি গোহাঁই, কন্যা তনয়া, অসম লনবল সন্থাৰ অধ্যক্ষ দুৰ্গা দাস বড়ো, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আদিয়ে। 
 
 
সৰুসজাইত অসম লন বল সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান, বৃহস্পতিবাৰে
 
সন্ধিয়া তেওঁক সৰুসজাই ষ্টেডিয়ামত অসম লন বল সন্থাই বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে, সৰুসজাই ষ্টেডিয়ামৰ লন বল গ্ৰাউণ্ডতে বছৰ বছৰ ধৰি অনুশীলন চলাই নয়নমণিয়ে কমনৱেলথ গেমছত সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। এই গ্ৰাউণ্ডত উপস্থিত হৈ আজি খেলুৱৈগৰাকী আৱেগিক হৈ পৰে।