নাহৰকটীয়াৰ বিধায়ক তৰংগা গগৈ অসম ক্ৰিকেট সংস্থাৰ নতুন সভাপতি

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
তৰংগা গগৈ
তৰংগা গগৈ
গুৱাহাটী
 
নাহৰকটীয়াৰ বিধায়ক তৰংগা গগৈ অসম ক্ৰিকেট সংস্থাৰ নতুন সভাপতি হ'ল। ২০২৩-২৫ বৰ্ষৰ বাবে এ চি এৰ নিৰ্বাচন ২৭ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ইয়াক বাতিল কৰা হৈছে। 
 
মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল ২১ নৱেম্বৰ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ আছিল ২২ নৱেম্বৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজন ঘনিষ্ঠ বিধায়কগৰাকীয়ে নিজৰ গৃহ জিলাৰ পৰিৱৰ্তে গুৱাহাটী ক্ৰীড়া সংস্থাৰ প্ৰতিনিধি হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গগৈয়ে সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল যদিও তেওঁৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা নাছিল।
যদিও গগৈৰ গৃহ জিলা নাহৰকটীয়া ক্ৰীড়া সংস্থা এ চি এৰ সহযোগী জিলা হিচাপে আছে, ইয়াৰ ভোটদানৰ অধিকাৰ নাই আৰু ই নিৰ্বাচনী ক'লেজৰ বাবে প্ৰাৰ্থী মনোনীত কৰিব নোৱাৰে। সেয়েহে, গগৈযে গুৱাহাটী ক্ৰীড়া সংস্থাক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত লয়।
 
ত্ৰিদীপ কোঁৱৰ
 
একেদৰে বিনা প্ৰতিদ্বন্দ্বিতাত এ চি এৰ সম্পাদক হ’ল ব্যৱসায়ী ত্ৰিদীপ কোঁৱৰ। বৰ্তমানৰ কোষাধ্যক্ষ ত্ৰিদীপ কোঁৱৰ আৰু প্ৰাক্তন ৰঞ্জী খেলুৱৈ ৰাজেশ বৰাই সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল যদিও ব্যক্তিগত অসুবিধাৰ কথা উল্লেখ কৰি ৰাজেশ বৰাই শেষ মুহূৰ্তত মনোনয়ন দাখিল নকৰিলে।
কোঁৱৰক বাদ দি, অধ্যক্ষ ৰোমেন দত্ত, সম্পাদক দেৱজিৎ শইকিয়া, যুটীয়া সম্পাদক কামাখ্যা শইকিয়া আৰু উপ-সভাপতি পোৰিখিত দত্তকে ধৰি এপেক্স কাউন্সিলৰ বেছিভাগ পদস্থ বিষয়াই কুলিংত গৈছে।
ইফালে, এ চি এই ৩১খন জিলাৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপৰ জৰিয়তে অন্যান্য পদৰ বাবেও নিৰ্বাচন অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি উপ-সভাপতি পদৰ বাবে ব্যৱসায়ী ৰাজদ্বীপ ওজা, যুটীয়া সম্পাদক পদৰ বাবে প্ৰাক্তন ৰঞ্জী খেলুৱৈ ৰাজিন্দৰ সিং আৰু কোষাধ্যক্ষ পদৰ বাবে চিৰঞ্জীৱ লাংথাছাক চূড়ান্ত কৰা হয়। গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাৰ পুত্ৰ ৰাজদ্বীপ ওজা।
 
তদুপৰি মঙলদৈ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অনুপম ডেকাৰ নাম এপেক্স কাউন্সিলৰ সদস্য হিচাপে চূড়ান্ত কৰা হয়।