কোহলীক অতিক্ৰম কৰি টি-২০ ক্ৰিকেটত নিউজিলেণ্ডৰ মাৰ্টিন গুপটিলৰ নতুন অভিলেখ

Story by  atv | Posted by  Munni Begum • 2 Years ago
মাৰ্টিন গুপটিল
মাৰ্টিন গুপটিল
গুৱাহাটী 
 
নিউজিলেণ্ডৰ আক্ৰমণাত্মক অপেনিং বেটছমেন মাৰ্টিন গুপটিলে টি-২০ ক্ৰিকেটত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ৩৫ বছৰীয়া সোঁহতীয়া বেটছমেন জনে টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে।
 
ৰাঁচীত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন টি-২০ খেলত অংশ গ্ৰহণ কৰি গুপটিলে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
 
গুপটিলে ৮৭ খন টি-২০ খেলত অংশগ্ৰহণ কৰি বৰ্তমানলৈ মুঠ ৩,২৩১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। টি-২০ ক্ৰিকেটত এই নতুন অভিলেখ গঢ়াৰ সময়ত মাৰ্টিন গুপটিলে ভাৰতৰ টি-২০ ক্ৰিকেটৰ পূৰ্বৰ অধিনায়ক বিৰাট কোহলীৰ নামত থকা টি-২০ ক্ৰিকেটৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ অভিলেখ ভংগ কৰিছে।
 
কোহলীয়ে এতিয়ালৈ টি-২০ ক্ৰিকেটত ৩২২৭ ৰান সংগ্ৰহ কৰিছে।