নিখাত জাৰীন, নয়নমণি শইকীয়াকে ধৰি ২৫ ক্ৰীড়াবিদলৈ সন্মানীয় অৰ্জুন বঁটা

Story by  atv | Posted by  [email protected] • 1 Years ago
নিখাত জাৰীন
নিখাত জাৰীন
নতুন দিল্লী

ৰাষ্ট্ৰপতি ভৱনত বুধবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত উজলি উঠা ভাৰতৰ মুঠ ২৫গৰাকী ক্ৰীড়াবিদক সন্মানীয় অৰ্জুন বঁটা প্ৰদান কৰে।
 
অৰ্জুন বঁটা গ্ৰহণ কৰা খেলুৱৈসকলৰ ভিতৰত অন্যতম আছিল মহিলা বিশ্ব বক্সিং চেম্পিয়ন নিখাত জাৰীন আৰু কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰা অসম কন্যা নয়নমণি শইকীয়া। 

ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২২ৰ লগতে আৰু ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা ২০২১ও প্ৰদান কৰে। অসাধাৰণ ক্ৰীড়াবিদসকলক উৎসাহিত আৰু সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে, অসমৰ লনবল খেলুৱৈ নয়নমণিয়ে চলিত বৰ্ষত বাৰ্মিংহামত অনুষ্ঠিত কমনলেৱথ গেমছত দেশৰ হৈ সোণৰ পদক জয় কৰি সমগ্ৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছিল। একেদৰে, হায়দৰাবাদৰ তাৰকা বক্সাৰ নিখাতে চলিত বৰ্ষৰ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি ইতিহাস ৰচিছিল।