হকী বিশ্বকাপ ২০২৩ৰ প্ৰথমটো টিকট ক্ৰয় উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
হকী বিশ্বকাপ ২০২৩ৰ প্ৰথমটো টিকট ক্ৰয় উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ
হকী বিশ্বকাপ ২০২৩ৰ প্ৰথমটো টিকট ক্ৰয় উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ
ভুৱনেশ্বৰ
 
উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বুধবাৰে ২০২৩ বৰ্ষৰ ১৩ জানুৱাৰীৰ পৰা উৰিষ্যাত অনুষ্ঠিত হ'বলগীয়া এফআইএইচ পুৰুষ হকী বিশ্বকাপ ২০২৩ৰ প্ৰথমটো টিকট ক্ৰয় কৰিছে। তেওঁ টিকটৰ বাবে ৫০০ টকা পৰিশোধ কৰিছে বুলি বিষয়াসকলে প্ৰকাশ কৰিছে।
 
হকী ইণ্ডিয়াৰ সভাপতি দিলীপ তিৰ্কীয়ে ৰাউৰকেলাৰ বিৰচা মুণ্ডা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী দিনৰ খেলসমূহৰ বাবে পাটনায়কক টিকট প্ৰদান কৰিছে।
অহা বছৰৰ ১৩ ৰ পৰা ২৯ জানুৱাৰী লৈ নৱনিৰ্মিত বিৰচা মুণ্ডা হকী ষ্টেডিয়াম, ৰাউৰকেলা আৰু ভুৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিশ্বকাপ। 
যদিও ১৬ টা দলে বিশ্ব প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব। ২৪ খন খেল ভুৱনেশ্বৰত আৰু আন ২০ খন ৰাউৰকেলাত অনুষ্ঠিত হ'ব। হকী বিশ্বকাপৰ বাবে টিকটৰ অনলাইন বিক্ৰী শীঘ্ৰেই আৰম্ভ হ'ব বুলিও বিষয়াসকলে জানিবলৈ দিয়ে।