বিকলাঙ্গতাক শক্তিলৈ ৰূপান্তৰিত কৰা পেৰা-সাঁতোৰবিদ শ্বামছ আলম

Story by  atv | Posted by  [email protected] • 1 Years ago
শ্বামছ আলম
শ্বামছ আলম
চিৰাজ আলী/পাটনা

অন্তৰাত্মাৰ ইচ্ছাক শাৰীৰিক সীমাবদ্ধতাই বাধা দিব নোৱাৰে। শাৰীৰিক সীমাবদ্ধতা থাকিলেও নিজৰ লক্ষ্যত উপনীত হোৱাতো অসম্ভৱ নহয়। এই কথা আখৰে আখৰে প্ৰমাণ কৰিছে বিহাৰৰ মধুবনী জিলাৰ ভাৰতৰ আগশাৰীৰ পেৰা-এথলীট শ্বামছ আলমে। তেওঁ কেৱল এটা ৰোগৰ ফলত হোৱা তেওঁৰ পক্ষাঘাতগ্ৰস্ত অৱস্থা অতিক্ৰম কৰাই নহয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপ জিকিবলৈও সক্ষম হৈছে। তেওঁৰ জীৱনৰ কাহিনীটো মাৰ্মিক। কিন্তু অন্য শাৰীৰিক বাধাগ্ৰস্ত লোকসকলক উৎসাহ দিবৰ বাবে অনুপ্ৰেৰণাদায়ক।
 
৩৪ বছৰীয়া শ্বামছ আলমৰ পৰিয়াল ৰাথোছ গাঁৱৰ বাসিন্দা। আলমে সৰুৰে পৰা সাঁতুৰিবলৈ ভাল পাইছিল। তেওঁক তেওঁৰ পৰিয়ালে স্কুলীয়া শিক্ষাৰ বাবে এখন চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ মুম্বাইলৈ পঠিয়াইছিল। স্কুলত, তেওঁ মাৰ্শাল আৰ্ট বাছনি কৰিছিল আৰু বহুতো পদক জিকিছিল। সাঁতোৰ আৰু সমৰ কলাৰ প্ৰতি তেওঁৰ আগ্ৰহে তেওঁক এছিয়ান গেমছৰ শক্তিশালী প্ৰতিদ্বন্দী কৰি তুলিছিল।
 
ক্ৰীড়া অনুশীলন কৰি থকাৰ সময়ত শ্বামছ আলমে তেওঁৰ পিঠিত এটা সৰু বিষ অনুভৱ কৰিছিল আৰু ই তেওঁৰ চালচলনক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ মেৰুদণ্ডৰ টিউমাৰত আক্ৰান্ত হৈছিল আৰু চিকিৎসকসকলে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছিল। এছিয়ান গেমছলৈ যোৱাৰ পৰিৱৰ্তে আলমে অপাৰেচন থিয়েটাৰত সোমাবলগীয়া হৈছিল। 
 
মেডেল লৈ উৎসাহিত শ্বামছ আলম
 
অস্ত্ৰোপচাৰটোৰ সময়ত তেওঁৰ পেট আৰু ভৰিত সংবেদনহীন কৰি ৰাখিছিল। চিকিৎসকসকলে  আশ্বাস দিয়ে যে তেওঁ সোনকালে দৌৰিব পাৰিব। তেওঁক পুনৰ স্কেলপেলৰ তলত ৰখা হৈছিল, তথাপিও তেওঁৰ শৰীৰত একো সলনি হোৱা নাছিল।
 
ফিজিঅ'থেৰাপীৰ সময়ত, চিকিৎসকে তেওঁক কৈছিল যে সাঁতোৰে এনে অৱস্থাত সহায় কৰে। আলমে ইয়াত আশাৰ ৰশ্মি দেখিছিল। সেয়েহে তেওঁ সদায় পুললৈ ঘূৰি আহিবলৈ ইচ্ছুক আছিল।
 
হুইলছেয়াৰত শ্বামছ আলম
 
পিছদিনা তেওঁ চুইমিং পুলত উপস্থিত হৈছিল কিন্তু প্ৰশিক্ষকসকলে তেওঁক প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰিছিল। তেওঁলোকে বুজিপোৱাত ব্যৰ্থ হৈছিল যে হুইলচেয়াৰত আৱদ্ধ ব্যক্তি এজনে কেনেকৈ সাঁতুৰিব পাৰে আৰু আলমে সাঁতুৰিব নোৱাৰিব বুলি ভাবিছিল আৰু ডুব যোৱাৰ আশংকা কৰিছিল।
 
পিছত আলমৰ জেদ ফলপ্ৰসূ হ'ল। নিয়মীয়াকৈ আলমৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পিছত, তেওঁলোকে তেওঁক ভিতৰলৈ সোমাবলৈ এটা উপায় উলিয়ালে।
 
ভাৰতীয় পোছাক পৰিধান কৰি শ্বামছ আলম
 
ভাগ্যৰ বলত শ্বামছ আলমে ৰাজা ৰামা নামৰ এজন পেৰা-সাঁতোৰবিদক লগ পাইছিল। তেওঁ আলমক সাঁতুৰিবলৈ উৎসাহিত কৰিছিল আৰু এইটোৱে অৱশেষত শ্বামছ আলমে ভাল পোৱা কামটো কৰি গৈছিল।
 
তেওঁ কঠোৰ পৰিশ্ৰম আৰম্ভ কৰিছিল আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত সোণৰ পদক জিকিছিল।  আলমে কয়, "মই কেতিয়াও নাজানিছিলো যে সাঁতোৰ মোৰ কেৰিয়াৰ হৈ পৰিব। মই সাঁতোৰত চাৰিটা সোণৰ পদক জিকিছিলো আৰু সেইটোৱে মোক বহুত সুখী কৰি তুলিছিল।"
 
এখন মানপত্ৰ হাতত লৈ সাঁতোৰবিদ শ্বামছ আলম
 
তাৰপিছত আলমে কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই। তেওঁ গংগা নদী সাঁতোৰ চেম্পিয়নশ্বিপত ১২ মিনিট ২৩ ছেকেণ্ডত দুই কিলোমিটাৰ সাঁতোৰ সম্পূৰ্ণ কৰি ইতিহাস সৃষ্টি কৰিছিল।
 
২০১৭ চনত, আলমে ৪ ঘণ্টা ৪ মিনিটত ৮ কিলোমিটাৰ মুকলি সাগৰ সাঁতোৰ সম্পূৰ্ণ কৰি তেওঁৰ অভিলেখ ভংগ কৰিছিল। তেওঁ প্ৰথমজন পক্ষাঘাতগ্ৰস্ত, যিয়ে সাগৰত সম্পূৰ্ণ হোৱা আটাইতকৈ দীঘল দূৰত্বৰ সাঁতোৰৰ বাবে বিশ্ব ৰেকৰ্ড গঢ়িছিল।
 
আলমে ২০১৯ চনত পোলেণ্ডত অনুষ্ঠিত পোলেণ্ড অপেন সাঁতোৰ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছে য'ত তেওঁ ৫০ মিটাৰ বাটাৰফ্লাই আৰু ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকত সোণৰ পদক জিকিছিল।
ঘৰত থাকোতে চৰকাৰে আলমক বিহাৰ নিৰ্বাচন আয়োগৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত কৰে।
 
শেহতীয়াকৈ, তেওঁক ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে বিহাৰ টাস্ক ফ'ৰ্চৰ সদস্য হিচাপে নিযুক্তি দিছিল। ২০১৮ চনত বিহাৰ খেল ৰত্ন বঁটা লাভ কৰি তেওঁ ২০১৯ চনত কৰ্ণ আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰে।
 
সাঁতোৰৰ অনুশীলন কৰি থকা মুহূৰ্তত
 
আলমে কয়: "মোৰ অক্ষমতাৰ পিছত মোৰ জীৱনত বহু পৰিৱৰ্তন হৈছে। বিকলাঙ্গ লোকসকলৰ প্ৰতি মোৰ মনোভাৱ সলনি হৈছে। মই ফুট চাপোৰ্ট এছ'চিয়েচন, মুম্বাই আৰম্ভ কৰিছিলো, যি এতিয়া এটা পঞ্জীভুক্ত সংস্থা। এইটো বিকলাঙ্গ লোকসকলৰ বাবে ক্ৰীড়াত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ এক মঞ্চ।"
 
২০১৯ চনৰ ৬ জুনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ পৰা ১২ ঘণ্টাৰ যাত্ৰাৰ পিছত তেওঁক নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুইলচেয়াৰৰ বাবে ৯০ মিনিট অপেক্ষা কৰিবলৈ বাধ্য কৰা হৈছিল।
 
তেওঁ দাবী কৰিছিল যে বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত, তেওঁক এটা ত্ৰুটিপূৰ্ণ হুইলচেয়াৰ প্ৰদান কৰা হৈছিল। অৱশ্যে, এয়াৰ ইণ্ডিয়াই দাবী কৰিছিল যে হুইলচেয়াৰখন প্ৰক্ৰিয়া অনুসৰি প্ৰদান কৰা হৈছিল। ব্যক্তিগত হুইলচেয়াৰখন বিমানবন্দৰৰ নীতি-নিয়মৰ কাৰণে পলম হৈছিল।
শ্বামছ আলমে কয় যে মই মোৰ বাকী জীৱনটো কি ঘটিছিল সেই বিষয়ে কান্দি কান্দি কটাব নিবিচাৰো। এতিয়া মই আগবাঢ়িব বিচাৰো। পৰিস্থিতি স্বাভাৱিকলৈ ঘূৰি আহিবলৈ প্ৰায় ডেৰ বছৰ সময় লাগিছিল। তেওঁ এই ক্ষুদ্ৰ বস্তুবোৰৰ উৰ্ধত, কিয়নো লাখ লাখ লোকে অনুপ্ৰেৰণাৰ বাবে তেওঁৰ ফালে চায়।