বাৰ্মিংহাম
ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম টেষ্টত ভাৰতে প্ৰথম ইনিংছত ৪১৬ ৰান সংগ্ৰহ কৰিছে। বাৰ্মিংহামত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা মেচখনত আলহী দলটো প্ৰাৰম্ভিক বিপৰ্যয়ৰ সন্মুখীন হয় যদিও ঋষভ পণ্ট আৰু ৰবীন্দ্ৰ জাদেজাৰ চমকপ্ৰদ শতকৰ সহায়ত ভাৰতে বৃহৎ স্ক'ৰ থিয় কৰাবলৈ সক্ষম হৈছে।
নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিত বেগী বলাৰ যশপ্ৰীত বুমৰাহে নেতৃত্ব দিয়া পঞ্চম টেষ্টত টীম ইণ্ডিয়াই কালি ৯৮ ৰানৰ ভিতৰতে ৫টাকৈ উইকেট হেৰুৱাই বিপদত পৰিছিল। কিন্তু সেই সময়তে উইকেটত থিতাপি লয় পণ্ট আৰু জাদেজা। তেওঁলোকে আক্ৰমণাত্মক বেটিঙেৰে খেলৰ গতি সলনি কৰে আৰু ভাৰতক বিপদৰ পৰা উদ্ধাৰ কৰে।
পণ্টৰ ১৪৬ ৰানৰ সহায়ত দলটোৱে প্ৰথম দিনৰ খেলৰ শেষলৈ ৭ উইকেটৰ বিনিময়ত ৩৩৮ ৰান সংগ্ৰহ কৰে। জাদেজাই কালি ৮৩ ৰানত বেটিং কৰি আছিল। আজি তেওঁ টেষ্ট কেৰিয়াৰৰ তৃতীয়টো শতক সম্পূৰ্ণ কৰি ১০৪ ৰানত আউট হয়। তাৰকা বেটছমেন বিৰাট কোহলিৰ ব্যৰ্থতা অব্যাহত আছে। তেওঁ মাত্ৰ ১১ ৰানত পেভিলিয়নমুখী হয়।
ইয়াৰ পূৰ্বে পণ্টে কালি টেষ্ট ক্ৰিকেটত আন এক দুৰ্দান্ত ইনিংছ খেলি কেৰিয়াৰৰ পঞ্চমটো শতক অৰ্জন কৰিবলৈ সক্ষম হয়। এই দৰ্শনীয় ইনিংছটোৰ সহায়ত ঋষভ পণ্টে টেষ্ট ক্ৰিকেটৰ ইতিহাসত ২০০০ ৰানৰ লেণ্ডমাৰ্কত উপনীত হোৱা আটাইতকৈ কম বয়সীয়া উইকেটৰক্ষক বেটছমেন হিচাপে অভিলেখ ৰচিছে।
ভাৰতৰ হৈ ৩১ সংখ্যক টেষ্ট মেচত তেওঁ ২০০০ ৰান সম্পূৰ্ণ কৰে। এজবাষ্টন টেষ্টৰ পূৰ্বে ৫১টা ইনিংছত পণ্টে গড়ে ৪০.৮৫ ৰানত ১৯২০ ৰান সংগ্ৰহ কৰিছিল। ২০১৮ত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটোৱা পণ্টে মাত্ৰ ১১১টা বলত ১৯টা বাউণ্ডেৰী আৰু ৪টা অভাৰ বাউণ্ডেৰীৰ সহায়ত ১৪৬ ৰানৰ আকৰ্ষণীয় ইনিংছটো সজায়।
FEATURED VIDEOS
Haj on foot
Sarjik Alam
Guru meeting
Azimullah Sheikh donates land for crematorium
Referee Jehrul Islam
Sakil Jamal shines
Bandiya - where women offer namaz with men
Birkuchi naamghar
Farhan