আৰ্থিক দূৰৱস্থা নেওচি ফুটবলেৰে জগত জিনাৰ সংগ্ৰাম ছাৰ্জিক আলমৰ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
প্ৰতিভাবান যুৱ খেলুৱৈ চার্জিক আলম
প্ৰতিভাবান যুৱ খেলুৱৈ চার্জিক আলম
আৰিফুল ইছলাম / গুৱাহাটী
 
প্ৰতিভা বিকাশৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও অন্তৰায় হ'ব নোৱাৰে। চেষ্টা আৰু সাধনা থাকিলে সকলো কামতেই সফল হ'ব পাৰি। এই কথা প্ৰমাণ কৰি দেখুৱাইছে এগৰাকী প্ৰতিভাৱান যুৱকে। ফুটবলেৰে জগত জিনাৰ সপোন দেখা যুৱকজন হ’ল ছার্জিক আলম। 
 
মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ বিশ্বমুখী হোৱাৰ সুযোগ লাভ কৰিছে। অসমৰ প্ৰতিভাৱান ফুটবলাৰজনে পৰ্তুগালত অনুষ্ঠিত হ'বলগীয়া ইণ্টাৰনেচনেল ইউথ কাপ ২০২২ ত খেলিবলৈ সুযোগ পাইছে। ১৪ বছৰ অনুৰ্ধ ভাৰতীয় ফুটবল দলৰ গ'লৰক্ষক হিচাপে খেলিব কামৰূপ জিলাৰ ডেকাৰকুছিৰ চার্জিক আলমে। প্ৰতিভা আৰু দক্ষতাৰ বলত তেওঁ ভাৰতীয় জুনিয়ৰ ফুটবল দলত স্থান দখল কৰিবলৈ সক্ষম হৈছে। 
 
মিনাৰ্ভা পাঞ্জাৱৰ জাৰ্চি পৰিহিত চার্জিক
 
সৰুৰে পৰা ফুটবলৰ প্ৰতি আগ্ৰহী চার্জিক আলমে গাওঁত ৰবাব টেঙাৰ বলেৰে ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল। কামৰূপ জিলাৰ অন্তৰ্গত ডেকাৰকুছি গাঁওত জন্ম লাভ কৰা ফুটবলাৰজনে বৰ্তমান মাতৃৰ সৈতে গুৱাহাটীৰ হাতীগাঁওৰ এটা ভাড়াঘৰত থাকে। নৱম শ্ৰেণীত পঢ়া চার্জিক আলমে গুৱাহাটীৰ ভাড়াঘৰত থাকিয়েই পঢ়া-শুনা কৰে আৰু ফুটবলৰ অনুশীলন চলাই আছে। ধনৰ অভাৱত তেওঁ হাতীগাঁওৰ ভাড়াঘৰৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ খোজকাঢ়ি অনুশীলন কৰিবলৈ যায়। 
আৱাজ দ্য ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চার্জিক আলমে কয়; "ক'ভিড-১৯ ৰ বাবে পৰ্তুগালত অনুষ্ঠিত হ'বলগীয়া ইণ্টাৰনেচনেল ইউথ কাপ-২০২২ কিছু সময়ৰ বাবে স্থগিত ৰখা হৈছে। লণ্ডনৰ ৱেষ্টহাম ইউনাইটেডৰ এগৰাকী প্ৰাক্তন খেলুৱৈয়ে মই কেম্পত যাওঁতে মোৰ খেল চাই ভাল পাইছিল আৰু মোক ৱেষ্টহাম ইউনাইটেডৰ ১৫ বছৰ অনুৰ্দ্ধ দলত গ'লৰক্ষক হিচাপে খেলিবলৈ আমন্ত্ৰণ জনায়। 
পৰ্তুগালত ইণ্টাৰনেচনেল ইউথ কাপ ২০২২ৰ নতুন তাৰিখ নিদিয়ালৈকে মই ক'ব নোৱাৰিম কেতিয়া যাব লাগে। তাৰ আগত হয়তো মই লণ্ডনলৈ যোৱা হ'ব। লণ্ডন যাবলৈ মোৰ সকলো কাম-কাজ প্ৰায় সম্পন্ন হৈছে, মাত্ৰ ভিছা খন আহিবলৈ বাকী আছে।" 
 
 
উল্লেখ্য যে, চার্জিক আলমে অসম দলৰ হৈ খেলাৰ উপৰিও বিভিন্ন ক্লাৱক প্ৰতিনিধিত্ব কৰিছে। অসম ফুটবল দলৰ সদস্য হৈ তেওঁ বিভিন্ন ঠাইত উন্নত প্ৰদৰ্শনেৰে ফুটবল অনুৰাগীৰ মন জয় কৰিছে। পাঞ্জাৱৰ আগশাৰীৰ ফুটবল ক্লাব মিনাৰ্ভা পাঞ্জাৱ এফ চিত খেলাৰো সুযোগ পাইছে চার্জিক আলমে। উদীয়মান খেলুৱৈগৰাকীয়ে মিনাৰ্ভা পাঞ্জাৱ এফ চি অনুৰ্দ্ধ-১৪ ৰ গ'লৰক্ষক হিচাপে খেলে। 
"ইয়াৰে আগতে মই বিভিন্ন ঠাইত খেলাৰ উপৰিও, নৰ্থ ইষ্ট ইউনাইটেড এফ চিত অনুশীলনৰ সুবিধা পাইছিলোঁ। তাত মই প্ৰায়ে অনুশীলন কৰোঁ। খালিদ জামিল চাৰে মোক নৰ্থ ইষ্ট ইউনাইটেড এফ চিত খেলাৰ সুযোগ দিছে। তেওঁ বৰ্তমান আই এছ এলৰ বেংগালুৰু দলৰ মুখ্য প্ৰশিক্ষক। সেই সময়ত মোৰ এযোৰ ভাল বুট জোতা নাছিল। জাৰ্চি আৰু বুট জোতা খালিদ জামিল চাৰে মোক যোগান ধৰিছিল। 
ক'ভিডৰ বাবে নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষণ কেন্দ্ৰটো বন্ধ হ'ল। তাৰ পিছত মই গুৱাহাটী চিটি এফ চিত প্ৰশিক্ষণৰ বাবে যোগদান কৰিলোঁ। গুৱাহাটী চিটি এফ চিত বিতোপন সোনোৱাল ছাৰে মোক বহুত সহায় কৰিছিল আৰু ক'ভিডৰ সময়চোৱাত ব্যক্তিগত ভাবেও মোক প্ৰশিক্ষণ দিছিল," ছার্জিক আলমে কয়। 
 
নৰ্থইষ্ট ইউনাইটেড এফ চিত প্ৰশিক্ষণৰ সময়ত চার্জিক আলম
 
পেলে, ৰোনাল্ডো, লিঅ’নেল মেছিৰ দৰে মহান ফুটবলাৰে সদায় আকৰ্ষিত কৰি অহা ছার্জিকে এতিয়া নিজকে এজন সুদক্ষ ফুটবলাৰ হিচাপে প্ৰতিষ্ঠিত কৰাৰ সপোন দেখিছে। আৰ্থিক দূৰৱস্থাই জীৱনলৈ বহুতো প্ৰত্যাহ্বান আনিছে, যদিও সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ সফলতাৰ শিখৰ চুব খোজে।