ফিফা বিশ্বকাপত আৰ্জেণ্টিনাক পৰাস্ত কৰাৰ বাবে ছৌদি আৰৱৰ ফুটবল খেলুৱৈয়ে লাভ কৰিব ৰলছ ৰয়েছ

Story by  atv | Posted by  [email protected] • 1 Years ago
ফিফা বিশ্বকাপত আৰ্জেণ্টিনাক পৰাস্ত কৰাৰ বাবে ছৌদি আৰৱৰ ফুটবল খেলুৱৈয়ে লাভ কৰিব ৰলছ ৰয়েছ
ফিফা বিশ্বকাপত আৰ্জেণ্টিনাক পৰাস্ত কৰাৰ বাবে ছৌদি আৰৱৰ ফুটবল খেলুৱৈয়ে লাভ কৰিব ৰলছ ৰয়েছ
গুৱাহাটী
 
কাটাৰৰ লুছাইল ষ্টেডিয়ামত ছৌদি আৰবে দুবাৰৰ ফিফা বিশ্বকাপ চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ কৰাটোৱেই আছিল এইবাৰৰ অন্যতম ডাঙৰ অঘটন। বহুতে আৰ্জেণ্টিনাৰ পৰাজয়ক বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অঘটন বুলি অভিহিত কৰে।
 
 
বিশ্ব ৰেংকিঙত চৌদি আৰৱ আৰ্জেণ্টিনাতকৈ ৪৮ টা স্থান পিছত থকাৰ স্বত্তেও দলটোক হৰুৱাইছিল। বহুতে আশা কৰিছিল যে ফুটবল কিংবদন্তি লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই সহজেই ছৌদি আৰবক পৰাস্ত কৰিব। তিনি বছৰ ধৰি অপৰাজিত হৈ থকা আৰ্জেণ্টিনা ২০২২ চনৰ প্ৰতিযোগিতাত জয়ী হোৱাৰ আশা লৈ আহিছিল।
 
খেলখনত দুয়োদলৰ যথেষ্ঠ অনুৰাগীয়ে ভিৰ কৰিছিল। ব্ৰিটেইনস্থিত এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চৌদি আৰৱৰ খেলুৱৈসকলক এই আচৰিত জয়ৰ পিছত দেশখনৰ ৰাজকীয় পৰিয়ালে প্ৰত্যেককে এখনকৈ ৰ’লছ ৰয়েচ উপহাৰ দিব বুলি ঘোষণা কৰে। কোৱা হৈছে যে কাটাৰৰ পৰা উভতি অহাৰ সময়ত ৰাজকুমাৰ মহম্মদ বিন ছালমান আল ছাউদে প্ৰতিজন খেলুৱৈক ৬ মিলিয়ন আৰএমৰ ৰ’লছ ৰয়ছ ফেণ্টম উপহাৰ দিব।
 
অবিশ্বাস্য জয়ৰ পিছত স্তম্ভিত চৌদি আৰৱীয়ানসকলে স্বতঃস্ফূৰ্তভাৱে নৃত্যৰ চক্ৰ আয়োজন কৰা দেখা গৈছিল। 
 
আৰব নিউজৰ তথ্য অনুসৰি ৰাজকুমাৰৰ পৰামৰ্শৰ পিছত ৰজাই দেশখনত উদযাপনমূলক বন্ধৰ দিনো ঘোষণা কৰিছিল। ছৌদি প্ৰেছ এজেন্সীৰ উদ্ধৃতিৰে প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সকলো কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীক ছুটী দিয়া হৈছিল।
আচৰিত জয়লাভ কৰাৰ পূৰ্বে ছৌদি আৰবে ইয়াৰ পূৰ্বে মাত্ৰ তিনিখন বিশ্বকাপ খেলত জয়লাভ কৰিছিল।