অন্তিম টি-২০ত জয়ৰ মুখ দেখিলে দক্ষিণ আফ্ৰিকাই, ৪৯ ৰানত পৰাস্ত টীম ইণ্ডিয়া

Story by  atv | Posted by  [email protected] • 1 Years ago
অন্তিম টি-২০ত জয়ৰ মুখ দেখিলে দক্ষিণ আফ্ৰিকাই
অন্তিম টি-২০ত জয়ৰ মুখ দেখিলে দক্ষিণ আফ্ৰিকাই

ইন্দোৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম টি-২০ত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া। ইন্দোৰত আজি নিশা অনুষ্ঠিত মেচখনত আলহী দলটোৱে ৪৯ ৰানত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। প্ৰথম দুখন মেচত পৰাস্ত হৈ ইতিমধ্যে দক্ষিণ আফ্ৰিকাই শৃংখলা হেৰুৱাইছে।

ভাৰতে আজি ২২৮ ৰানৰ লক্ষ্যৰ পিছ লৈ ১৮.৩ অভাৰত ১৭৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ঘৰুৱা দলটোৰ হৈ দিনেশ কাৰ্তিকে ৪৬, দীপক চহৰে ৩১, ঋষভ পণ্টে ২৭, উমেশ যাদৱে ২০(অপঃ) ৰান সংগ্ৰহ কৰে। অধিনায়ক ৰোহিত শৰ্মাই কোনো ৰান নকৰাকৈ পেভিলিয়নলৈ উভতাত ভাৰত বিপদত পৰে।

উল্লেখ্য যে, আজিৰ মেচখনত অপেনাৰ লোকেশ ৰাহুল আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলিক বিশ্ৰাম দিয়া হয়। ইয়াৰ বিপৰীতে বাঁওহতীয়া বেগী বলাৰ অৰ্শ্বদ্বীপ সিঙে পিঠিৰ আঘাতৰ বাবে খেলিব নোৱাৰিলে। তেওঁলোকৰ সলনি ভাৰতীয় দলৰ মূল একাদশত স্থান লাভ কৰে শ্ৰেয়াছ আয়াৰ, মহম্মদ ছিৰাজ আৰু উমেশ যাদৱে।

কোহলিৰ স্থানত খেলা আয়াৰে মাত্ৰ ১ ৰানত আউট হয়। চমকপ্ৰদ ফৰ্মত থকা সূৰ্য কুমাৰ যাদৱে আজি ৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দক্ষিণ আফ্ৰিকাৰ হৈ ৰিলী ৰছৌৱে মাত্ৰ ৪৮টা বলত ১০০ ৰানত বিধ্বংসী ইনিংছ খেলে। তেওঁ ৭টা বাউণ্ডেৰী আৰু ৮টা ছিক্সাৰেৰে ৰানৰ জোৱাৰ তোলে।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাই এতিয়া তিনিখন মেচৰ এদিনীয়া শৃংখলা খেলিব।