কমনৱেলথ গেমছৰ পৰা সন্ধানহীন দুজন পাকিস্তানী বক্সাৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
কমনৱেলথ গেমছৰ পৰা সন্ধানহীন দুজন পাকিস্তানী বক্সাৰ
কমনৱেলথ গেমছৰ পৰা সন্ধানহীন দুজন পাকিস্তানী বক্সাৰ
বাৰ্মিংহাম 
 
ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ চলিত মাহৰ ৮ আগষ্টত সমাপ্ত হ’ল। ইয়াত অংশ লবলৈ অহা দেশ সমূহৰ ভিতৰত আছিল পাকিস্তানো।
 
 
কিন্তু ইয়াত অংশ লবলৈ অহা পাকিস্তানৰ দুজন খেলুৱৈ নিৰুদ্দেশ হৈ আছে। খেলুৱৈ দুজন পাকিস্তানী বক্সাৰ চোলেইমান বালোচ আৰু নাজিৰুল্লা ।
 
জানিব পৰা মতে খেলবোৰ শেষ হোৱাৰ পিছত তেওঁলোক দুয়োজনে দল পৰিচালনাৰ সৈতে যোগাযোগ কৰা নাছিল। তাৰ পিছৰে পৰা বৰ্তমানলৈকে খেলুৱৈ দুজনৰ কোনো খবৰ পোৱা নাই। এতিয়া পাকিস্তান আৰু লণ্ডনৰ কৰ্তৃপক্ষই দুয়োজন বক্সাৰৰ তদন্ত আৰম্ভ কৰিছে।
 
বক্সিং ফেডাৰেচন অৱ পাকিস্তানৰ নাছিৰ টাঙে কয়, “দুয়োজন বক্সাৰৰ পাছপোৰ্টকে ধৰি সকলো ভ্ৰমণ নথিপত্ৰ এতিয়াও সেই ফেডাৰেচন বিষয়াসকলৰ লগতে আছে।
 
এই নথিপত্ৰবোৰ বৰ্তমান অপাৰেটিং প্ৰক্ৰিয়াৰ অধীনত ৰখা হৈছে। দল পৰিচালনা কাৰীয়ে পাকিস্তান হাই কমিছন আৰু লণ্ডনৰ সংশ্লিষ্ট কৰ্তৃপক্ষক দুয়োজন বক্সাৰৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে অৱগত কৰিছে।
টাঙে লগতে কয় যে মেনেজমেন্টে সকলো খেলুৱৈৰ সৈতে ইছলামাবাদলৈ ৰাওনা হৈছিল কিন্তু তাৰ কেইঘণ্টামান আগতে বক্সাৰ দুজন নোহোৱা হয়।
 
পাকিস্তান অলিম্পিক এছ’চিয়েশ্যনে সন্ধানহীন বক্সাৰ দুজনৰ সন্ধানৰ বাবে বাবে ৪ জনীয়া তদন্ত সমিতি গঠন কৰিছে।