ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জামাত-ই-ইছলামীৰ ক্লীন ছুইপ

Story by  atv | Posted by  [email protected] • 1 Months ago
ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত জয়ী হোৱা জামাত-ই-ইছলামীৰ ছাত্ৰ শাখা ইছলামী ছাত্ৰ শিবিৰৰ নেতাসকল
ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত জয়ী হোৱা জামাত-ই-ইছলামীৰ ছাত্ৰ শাখা ইছলামী ছাত্ৰ শিবিৰৰ নেতাসকল
 
অংকিতা সন্যাল

শেহতীয়াকৈ ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ নিৰ্বাচনত জামাত-ই-ইছলামীৰ ছাত্ৰ শাখা ইছলামী ছাত্ৰ শিবিৰ (আই চি এছ)ৰ সমৰ্থনত ঐক্যবদ্ধ শিক্ষাৰ্থী জোট (ইউনাইটেড ষ্টুডেণ্টছ এলায়েন্স)-এ জয়লাভ কৰে। তেওঁলোকে ২৮টা পদৰ ভিতৰত ২৩টা পদত জয়লাভ কৰে। ইয়াৰ ভিতৰত আছে উপ-সভাপতি (ভিপি), সাধাৰণ সম্পাদক (জিএছ), আৰু সহকাৰী সাধাৰণ সম্পাদক (এজিএছ)আদি।
 
১৯৭১ চনৰ পিছত এইবাৰ ঢাকা বিশ্ববিদ্যালয়ত ইছলামী ছাত্ৰ শিবিৰে (আই চি এছ) ইমান ডাঙৰ জয়লাভ কৰিবলৈ সক্ষম হৈছে। এই জয় অতি তাৎপৰ্যপূৰ্ণ কাৰণ শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত বাংলাদেশত ইছলামিক ৰাজনীতিৰ পুনৰ উত্থান ঘটিছে। ঢাকা বিশ্ববিদ্যালয়ক প্ৰায়ে দেশৰ ‘দ্বিতীয় সংসদ’ বুলি কোৱা হয়, কাৰণ ইয়াত দেশৰ ৰাজনৈতিক মনোভাৱ প্ৰতিফলিত হয়। সেয়ে এই ফলাফল বিশেষভাৱে গুৰুত্বপূৰ্ণ।
 
ঢাকা বিশ্ববিদ্যালয় হৈছে বাংলাদেশৰ প্ৰধান ৰাজনৈতিক আন্দোলনৰ কেন্দ্ৰবিন্দু।  ১৯৫২ চনত বাংলা সুৰক্ষাৰ বাবে ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি ১৯৬৬ চনত হোৱা স্বায়ত্তশাসন আন্দোলন, আৰু ১৯৬৯ চনত পাকিস্তানৰ সামৰিক শাসনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদলৈকে বিশ্ববিদ্যালয়খনে অগ্ৰণী ভূমিকা পালন কৰিছিল। ইয়াৰ বাবেই পাকিস্তানী সেনাই ঢাকা বিশ্ববিদ্যালয়ক ঘৃণা কৰি ১৯৭১ চনত তাতেই নিষ্ঠুৰ অপাৰেচন চাৰ্চলাইট (Operation Searchlight) আৰম্ভ কৰে। এই আক্ৰমণৰ ফলত মুক্তিযুদ্ধৰ সূচনা হয়, যাৰ ফলত বাংলাদেশ স্বাধীন দেশ হিচাপে গঢ় লৈ উঠে।
 
ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ এটা মুহূৰ্ত
 
১৯৭১ চনৰ পিছত ঢাকা বিশ্ববিদ্যালয় বাংলাদেশৰ প্ৰগতিশীল, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চিন্তাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈয়েই থাকিল। ইয়াৰ সক্ৰিয় ছাত্ৰ ৰাজনীতিয়ে বহু জাতীয় নেতাৰ জন্ম দিছে আৰু দেশৰ ৰাজনৈতিক দিশ গঢ় দিছে। ১৯৯০ চনত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এৰছাদ বিৰোধী আন্দোলন (Anti-Ershad Movement)ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিয়ে বছৰ বছৰ ধৰি চলি অহা সামৰিক শাসনৰ অন্ত পেলাই অসামৰিক চৰকাৰৰ সৈতে গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰিছিল।
 
ইছলামিক ৰাজনীতি, বিশেষকৈ জামাত-ই-ইছলামী আৰু ইয়াৰ ছাত্ৰ শাখা ইছলামী ছাত্ৰ শিবিৰ (আই চি এছ)ৰ কথা আহিলে ঢাকা বিশ্ববিদ্যালয় সদায় সন্দেহবাদী আৰু প্ৰতিৰোধী হৈ আহিছে। ইয়াৰ কাৰণ হ’ল মুক্তিযুদ্ধত জামাতৰ বিতৰ্কিত ভূমিকা আৰু বিশ্ববিদ্যালয়খনৰ প্ৰগতিশীল মূল্যবোধৰ সৈতে সংঘৰ্ষ হোৱা ৰক্ষণশীল মতাদৰ্শ।
 
১৯৭৭ চনত গঠন হোৱাৰ পিছৰে পৰা ইছলামী ছাত্ৰ শিবিৰৰ নিৰ্বাচনী সফলতা অতি কম আছিল আৰু বাংলাদেশৰ জাতীয় নীতিৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰা হিংসাত্মক আৰু উগ্ৰপন্থী কাৰ্যকলাপৰ বাবে প্ৰায়ে বাধাৰ সন্মুখীন হৈছিল—বিশেষকৈ আৱামি লীগ চৰকাৰৰ অধীনত। ২০১৯ চনত যেতিয়া ২৮ বছৰৰ পাছত ছাত্ৰ নিৰ্বাচন ঘূৰি আহিছিল, তেতিয়া ইছলামী ছাত্ৰ শিবিৰক আনুষ্ঠানিকভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, তথাপিও ই গোপনে বিশ্ববিদ্যালয় কেম্পাছত নিজৰ কাৰ্যকলাপ অব্যাহত ৰাখিছিল আৰু নিৰৱে উপস্থিতি বজাই ৰাখিছিল।
 
ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত ২০২৪ চনৰ জুলাই মাহত হোৱা বিদ্ৰোহৰ ফলত শ্বেখ হাছিনাৰ ১৫ বছৰীয়া শাসনৰ অন্ত পৰে। প্ৰতিবাদৰ সময়ত জামাত-ই-ইছলামী আৰু ইয়াৰ ছাত্ৰ শাখা আইচিএছক সন্ত্ৰাসবাদৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। কিন্তু অতি সোনকালেই অন্তৱৰ্তীকালীন চৰকাৰে এই নিষেধাজ্ঞা উঠাই লয়, যাৰ ফলত ইছলামিক ৰাজনীতি পুনৰ মূলসুঁতিলৈ ঘূৰি আহিল। জামাতে নিজকে অধিক সহনশীল আৰু প্ৰগতিশীল ইছলামিক দল হিচাপে পুনৰ ব্ৰেণ্ড কৰিলে। আনহাতে, আইচিএছে মুকলিকৈ বিশ্ববিদ্যালয়ৰ ৰাজনীতিত পুনৰ যোগদান কৰিলে আৰু প্ৰথমবাৰৰ বাবে ছাত্ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে।
 
ঢাকা বিশ্ববিদ্যালয়ত ইছলামী ছাত্ৰ শিবিৰৰ ক্ৰমবৰ্ধমান ভূমিকা প্ৰত্যাহ্বানহীন হৈ নাথাকিল। বাওঁপন্থী ছাত্ৰ-ছাত্ৰীসকলে ১৯৭১ চনৰ যুদ্ধাপৰাধৰ অভিযুক্ত জামাতৰ নেতা এ টি এম আজহাৰুল ইছলামক দোষমুক্ত কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ নেতৃত্ব দিয়ে আৰু অন্তৱৰ্তীকালীন চৰকাৰে মুক্তিৰ ইতিহাস পুনৰ লিখি যুদ্ধ অপৰাধীক পুনৰ সংস্থাপন কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।
 
জুলাই মাহৰ বিদ্ৰোহৰ বৰ্ষপূৰ্তিৰ সময়ত শিবিৰে কেম্পাছত ১৯৭১ চনৰ দোষী সাব্যস্ত হোৱা যুদ্ধ অপৰাধীসকলক লৈ এখন ফটো প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ লগে লগে উত্তেজনা আৰু অধিক বৃদ্ধি পালে। বহু ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকে ইয়াক আইচিএছৰ “পানী পৰীক্ষা কৰাৰ” (testing the waters) পদ্ধতি হিচাপে গণ্য কৰিছিল।
DUCSU-ৰ নিৰ্বাচন কেইবাটাও কাৰণত ঐতিহাসিক। প্ৰথমবাৰৰ বাবে আৱামি লীগৰ ছাত্ৰ শাখা Chhatra League-এ নিৰ্বাচনত অংশ লোৱা নাছিল, কিয়নো এতিয়া ইয়াক নিষিদ্ধ কৰা হৈছে। ইয়াৰ ফলত মূলতঃ বিএনপিৰ ছাত্ৰ শাখা জাতীয়তাবাদী ছাত্ৰ দল (জেচিডি), আৰু ইছলামিক ছাত্ৰ শিবিৰ (আইচিএছ)ৰ বাবে পথাৰ মুকলি হয়। 
 
বছৰ বছৰ ধৰি প্ৰান্তীয়কৰণ আৰু কলংক দূৰ কৰিবলৈ ইছলামী ছাত্ৰ শিবিৰে ছাত্ৰ-ছাত্ৰীৰ বহল গোট এটাক আকৰ্ষণ কৰাৰ প্ৰয়োজন আছিল। গতিকে, আইচিএছে ইউনাইটেড ষ্টুডেণ্টছ এলায়েন্স গঠন কৰিলে, যিটো মিত্ৰজোঁটে ইছলামী ছাত্ৰ শিবিৰৰ সমৰ্থক আৰু আৱামি লীগৰ বিৰোধিতা কৰা স্বতন্ত্ৰ কৰ্মী উভয়কে সামৰি লৈছিল।
 
সংকীৰ্ণ দলীয় গোটতকৈ অধিক সমন্বয়মুখী হিচাপে পৰিচিত আইচিএছে ব্যাপক সমৰ্থন লাভ কৰিছিল। ফলাফলত দেখা গ’ল যে এই কৌশলে কাম কৰিছিল, কিয়নো মিত্ৰজোঁটে নিৰ্বাচনত বিএনপিৰ ছাত্ৰ শাখাক পৰাস্ত কৰিবলৈ সক্ষম হয়।

(ড° অংকিতা সন্যাল নতুন দিল্লীৰ ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ পিছ ষ্টাডিজ (আই চি পি এছ)ৰ গৱেষক ফেলো)