আৱাজ দ্য ভইচ অসম ব্যুৰ'
পৃথিৱীত সকলোৱে দীৰ্ঘ আৰু শান্তিপূৰ্ণ জীৱন যাপনৰ ৰহস্য বিচাৰি ফুৰে। দীৰ্ঘদিনীয়া আৰু পূৰ্ণতাপূৰ্ণ জীৱন যাপন কৰা মানুহৰ পৰা শিকিলে আমাৰ নিজৰ জীৱনবোৰো দীৰ্ঘায়ু আৰু শান্তিপূৰ্ণ হ'ব পাৰে। ১১৫ বছৰ বয়সত বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত মহিলা এথেল কেটাৰহামে কেনেকৈ ইমান দীৰ্ঘ আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে তাৰ এক সহজ অথচ শক্তিশালী আভাস এই প্ৰতিবেদনত আগবঢ়োৱা হৈছে।
১৯০৯ চনত জন্মগ্ৰহণ কৰা এথেলে বিশ্বযুদ্ধৰ পৰা প্ৰযুক্তিগত বিপ্লৱলৈকে সমগ্ৰ বিশ্বৰ বিশাল পৰিৱৰ্তনৰ সাক্ষী হৈছে আৰু এই সকলোবোৰৰ মাজেৰে তেওঁ এনে এক দৰ্শন বজাই ৰাখিছে যিয়ে তেওঁক শান্তিপূৰ্ণ, সুস্থ আৰু সজীৱ কৰি ৰাখিছে।
তেওঁৰ এটা পোনপটীয়া নিয়ম আছে, যিয়ে তেওঁক এশ বছৰৰো অধিক জীয়াই ৰখাত সহায় কৰিছে বুলি তেওঁ বিশ্বাস কৰে, "কেতিয়াও কাৰো লগত তৰ্ক নকৰিবা। নিজৰ কথা শুনা আৰু নিজৰ ভাল লগা কামবোৰ কৰি যোৱা"। শান্ত হৈ থকা, নিজকে সন্মান কৰা, নিজৰ হৃদয়ৰ অনুসৰণ কৰাটোৱে আৱেগিক সুস্থতা আৰু দীৰ্ঘায়ুত অৰিহণা যোগাব পাৰে।
এথেল কেটাৰহাম
শতবৰ্ষীয় এথেলক দীৰ্ঘজীৱন জীয়াই থকাৰ ৰহস্যৰ বিষয়ে সোধাত এথেলৰ উত্তৰটো আছিল একেবাৰেই সহজ: তৰ্কৰ পৰা বিৰত থকা আৰু অধিক নিজৰ মনৰ কথা শুনা। তেওঁ কয়, "কেতিয়াও কাৰো লগত তৰ্ক নকৰিব। মই নিজৰ মনৰ কথা শুনো আৰু মই যি ভাল পাওঁ তাকেই কৰো।" এই দৰ্শন আৱেগিক শান্তি আৰু আত্মনিয়ন্ত্ৰণৰ ওপৰত কেন্দ্ৰিত। তেওঁ শক্তিক্ষয় আৰু মানসিক চাপ বৃদ্ধি কৰিব পৰা অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকে।
বিজ্ঞানেও এথেলৰ এই পন্থাৰ সমৰ্থন কৰে। দীৰ্ঘদিনীয়া মানসিক চাপ আৰু আৱেগিক অস্থিৰতাই স্বাস্থ্যজনিত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে হৃদৰোগ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা, অকাল বয়স বৃদ্ধি। তর্কৰ পৰা আঁতৰি থাকি এথেলে হয়তো এই নেতিবাচক প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি সামগ্ৰিক স্বাস্থ্য আৰু সুখৰ প্ৰসাৰ ঘটাইছে।
১৯০৯ চনৰ ২১ আগষ্টত ইংলেণ্ডৰ শ্বিপটন বেলিংগাৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল এথেল কেটাৰহাম। এথেলে ৭ গৰাকী ভাই-ভনীৰ সৈতে এটা ডাঙৰ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। ৭ গৰাকী ভাই-ভনীৰ ভিতৰত তেওঁ আছিল দ্বিতীয় কণিষ্ঠ। তেওঁৰ শৈশৱ কাল আছিল আছিল সহজ। তেওঁৰ সেই সময়ৰ জীৱনটো আছিল অতি ব্যতিক্ৰম, প্ৰথম বিশ্বযুদ্ধৰ সেই সময়ত ঘোঁৰাগাড়ী আৰু হাতেৰে লিখা চিঠিৰ প্ৰচলন আছিল।
১১৫ বছৰীয়া এথেল কেটাৰহাম
বহুতো ঐতিহাসিক বিশৃংখল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতো এথেলে গোটেই জীৱন এটা স্থিৰ আৰু শান্ত স্বভাৱ বজাই ৰাখিছিল। এই স্থিতিশীল আৰু শান্ত হৈ থাকিব পৰা ক্ষমতাই আছিল তেওঁৰ স্বাস্থ্য আৰু দীৰ্ঘায়ু হোৱাৰ মূল মন্ত্ৰ। দীৰ্ঘ আৰু সুস্থ জীৱন যাপনৰ মূল চাবিকাঠি হ’ল ভাল মানসিক আৰু আৱেগিক স্বাস্থ্য।
যিসকল লোকে নিজৰ আৱেগ ভালদৰে পৰিচালনা কৰে আৰু ইতিবাচক সম্পৰ্ক ৰাখে, তেওঁলোকে সুস্থ জীৱন যাপন কৰিব আৰু দীৰ্ঘদিন জীয়াই থাকিব পাৰে। দীৰ্ঘদিনীয়া আৱেগিক সংঘাতৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ ক্ষতি হয়। যিয়ে বয়সৰ লগে লগে বহু জটিল ৰোগৰ ৰূপ লয়। এথেলৰ শান্ত স্বভাৱে আৱেগিক স্থিতিস্থাপকতা বজাই ৰাখিছে, যিটো গৱেষণাৰ মতে দীৰ্ঘজীৱন জীয়াই থকাৰ বাবে অতি প্ৰয়োজনীয়।
এথেলৰ দীৰ্ঘায়ু হোৱাৰ আঁৰত সাহস আৰু কৌতুহলো আছিল। ১৮ বছৰ বয়সত নতুন সংস্কৃতি আৰু প্ৰত্যাহ্বানক আকোৱালি লৈ নেনী হিচাপে কাম কৰিবলৈ ভাৰতলৈ আহিছিল। পিছলৈ ব্ৰিটিছ সেনাৰ মেজৰ স্বামীৰ সৈতে হংকং আৰু জিব্ৰাল্টাৰত বাস কৰে। এই অভিজ্ঞতাবোৰে সম্ভৱতঃ তেওঁৰ জীৱনটোক সমৃদ্ধ কৰি তুলিছিল আৰু তেওঁক মানসিকভাৱে নিয়োজিত কৰি ৰাখিছিল, যিটো সুস্থ জীৱনৰ সৈতে জড়িত আন এটা গুৰুত্বপূৰ্ণ কাৰক।
জীৱনৰ উত্থান-পতনৰ মাজেতো এথেলে শান্ত স্বভাৱটো বজাই ৰাখিছিল। ছোৱালীকেইজনীক ডাঙৰ-দীঘল কৰি নিজৰ জীৱনটো সুচাৰুৰূপে চলাই আছিল। এথেলৰ ১১৫ বছৰীয়া জন্মদিন উদযাপন কৰাটো আপোনজনৰ সৈতে এক আনন্দৰ অনুষ্ঠান আছিল। তেওঁৰ জীৱনটোৱে হৈছে এক প্ৰেৰণা। কেৱল বছৰৰ সংখ্যাৰে দীৰ্ঘায়ু হ'লে নহ'ব, শান্তি আৰু উদযাপনেৰে জীয়াই থকাটোহে প্ৰকৃত জীৱন।
এথেলৰ জ্ঞান সহজ যদিও শক্তিশালী। শুনা আৰু বুজাত মনোনিৱেশ কৰি অপ্ৰয়োজনীয় সংঘাত এৰাই চলিলে জীৱনটো বহু আগুৱাই যাব। এই পদ্ধতিয়ে মানসিক চাপ হ্ৰাস কৰিব আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব, যিয়ে দীৰ্ঘ আৰু সুস্থ জীৱনত অৰিহণা যোগায়। আপুনি যি ভাল পায় তাকে কৰক: ব্যক্তিগত সুখ আৰু আনন্দক আকোৱালি লৈ আপোনাৰ সুখ আৰু মংগলক অগ্ৰাধিকাৰ দিয়ক। কৌতুহলী হৈ থাকক: আপোনাৰ মনটোক সক্ৰিয় আৰু নিয়োজিত কৰি ৰাখিবলৈ নতুন অভিজ্ঞতা আৰু সংস্কৃতিক আকোৱালি লওক। আৱেগিক সুস্থিৰতাৰ অভ্যাস কৰকঃ শান্তি আৰু মানসিক স্পষ্টতাৰ অভ্যাস গঢ়ি তোলক, যেনে মননশীলতা আৰু গভীৰ উশাহ-নিশাহ।
এথেলৰ দৰ্শন দীৰ্ঘায়ুৰ বাবে বৈজ্ঞানিক পৰামৰ্শৰ সৈতে মিল খায়। যিয়ে শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালভাৱে মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নিয়মিত ব্যায়াম, হাইড্ৰেচন, মানসিক চাপ নিয়ন্ত্ৰণ, পুষ্টিকৰ খাদ্য, আৰু শক্তিশালী সামাজিক সংযোগ আদি সকলোবোৰ অতি প্ৰয়োজনীয়। আৱেগিক শান্তি আৰু সুখে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা আৰু সামগ্ৰিক জীৱন সন্তুষ্টি বৃদ্ধি কৰা দেখা গৈছে।