মধ্যস্থতাৰে আদালতত বিবাদৰ বোজা হ্ৰাস কৰিছে এগৰাকী মুছলমান মহিলাই

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
শ্বেহনাজ ৰহমান
শ্বেহনাজ ৰহমান
দৌলত ৰহমান / গুৱাহাটী
 
জ্যেষ্ঠ অধিবক্তা শ্বেহনাজ ৰহমানে কেৱল আদালতৰ কোঠাৰ চাৰিবেৰৰ ভিতৰত তৰ্ক কৰি আৰু বিচাৰকসকলক তেওঁৰ মোৱাক্কিলৰ সপক্ষে ৰায় প্ৰদান কৰিবলৈ সৈমান নকৰে। তেখেতে বিশেষকৈ দৰিদ্ৰ আৰু নিপীড়িত লোকসকলক ভাৰতীয় আইন ব্যৱস্থাৰ ইতিবাচক লাভালাভ প্ৰদান কৰিবলৈ আদালতৰ ওপৰিও বিভিন্ন মঞ্চত কাম কৰি আহিছে।  
 
গুৱাহাটী উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতত অনুশীলন কৰাৰ পিছত শ্বেহনাজ ৰহমানে ২০১২ চনত 'মধ্যস্থতা'ৰ ওপৰত প্ৰশিক্ষণ লৈছিল। তেতিয়াৰ পৰাই গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ইয়াৰ অধীনস্থ আদালতত আজিলৈকে মধ্যস্থতাকাৰী হৈ আছে।
 
এটা বিনামূলীয়া আইনী সেৱা শিবিৰত শ্বেহনাজ ৰহমান
 
আৱাজ-দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বেহনাজ ৰহমানে কয়, "মধ্যস্থতা হৈছে এক বৈকল্পিক বিবাদ নিষ্পত্তি (এ ডি আৰ) প্ৰণালী। অতি কম সময়ৰ ভিতৰতে আদালতৰ বাহিৰত আইনী বিবাদ নিষ্পত্তিৰ বাবে এইটো এটা আকৰ্ষণীয় প্ৰক্ৰিয়া। বৰ্তমানৰ পৰিস্থিতিত মধ্যস্থতাকাৰীয়ে এক বিশেষ  স্থান লাভ কৰিছে। দীঘলীয়া সময়ৰ বাবে অমীমাংসিত গোচৰবোৰ অতি কম সময়ৰ ভিতৰত নিষ্পত্তি কৰা হয়। মধ্যস্থতাকাৰী হোৱাৰ বাবে, যেতিয়া দুটা পক্ষৰ মাজত পাৰস্পৰিকভাৱে এটা গোচৰ ৰখা হয় আৰু সেইটোও ইমান কম সময়ৰ ভিতৰত নিষ্পত্তি কৰা হয়, তেতিয়া মই অপৰিসীম আনন্দ আৰু লগতে উৎসাহিত হওঁ। যোৱা ১০ বছৰত অসমত মধ্যস্থতাৰ জৰিয়তে সম্পত্তি, বৈবাহিক, পাৰিবাৰিক আৰু অন্যান্য আইনী বিবাদৰ কেইবাটাও গোচৰ সমাধান কৰি মই অত্যন্ত সুখী।"
শ্বেহনাজ ৰহমানে কয় যে মধ্যস্থতাকাৰীৰ দায়িত্বই তেওঁক অসমৰ ভিতৰুৱা আৰু গ্ৰাম্য অঞ্চলত শিবিৰ আয়োজন কৰি সাধাৰণ লোকসকলৰ মাজত আইনী সজাগতা সৃষ্টি কৰাৰ সুযোগ প্ৰদান কৰিছে। এনে সজাগতা শিবিৰবোৰ ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ, এক বেচৰকাৰী সংগঠনৰদ্বাৰা আয়োজন কৰা হয়।
ৰহমানে লোক আদালতত মীমাংসাকাৰী হিচাপেও কাম কৰিছে। তেওঁ কয়, "ন্যায়পালিকাত মধ্যস্থতাকাৰী প্ৰণালী মোৰ বাবে অধিক আকৰ্ষণীয়। কিয়নো মই মহাবিদ্যালয়ত এ ডি আৰ বিষয়টো শিকাই আছোঁ আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ ব্যৱহাৰিক শ্ৰেণীৰ বাবে লোক আদালতলৈ লৈ যাওঁ।"
 
এটা আইনী সজাগতা অনুষ্ঠানত শ্বেহনাজ ৰহমান
 
১৯৯৫ চনত শ্বেহনাজ ৰহমানে বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল। তেওঁ আজি পৰ্যন্ত এই মহাবিদ্যালয়তে শিক্ষকতা কৰি আছে।  
ৰহমানে কয়, "শিক্ষাদান মোৰ আবেগ। কিয়নো ই মোক ভৱিষ্যতে দেশৰ আইন ৰক্ষা কৰিব পৰা অধিবক্তা সৃষ্টি কৰাৰ সুযোগ দিয়ে। যিয়ে মোৰ এক ইতিবাচক মানসিকতাক সহায় কৰে। যিহেতু আইন পাঠ্যক্ৰম এতিয়া পাঁচ বছৰীয়া পেছাদাৰী পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত যোগদান কৰা শিক্ষাৰ্থীসকলে কেৰিয়াৰ হিচাপে আইন অনুসৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট মনোযোগী। উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকক আইনী বৃত্তিত যোগদান কৰা দেখি মই অত্যন্ত আনন্দিত হওঁ। যেতিয়াই মই তেওঁলোকক আদালতত দেখা পাওঁ তেতিয়াই তেওঁলোক মোৰ শিক্ষাৰ্থী বুলি ক'বলৈ মই গৌৰৱবোধ কৰোঁ।"
গুৱাহাটীৰ এখন মুছলমান পৰিয়ালত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা শ্বেহনাজ ৰহমানে শ্বিলঙৰ ল'ৰেটো কনভেন্টত প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত গুৱাহাটীৰ ছেইণ্ট মেৰী কনভেন্টৰ পৰা স্কুলীয়া শিক্ষা অব্যাহত ৰাখিছিল। তেওঁ কটন কলেজৰ (বৰ্তমান কটন বিশ্ববিদ্যালয়) পৰা ৰাজনীতি বিজ্ঞানত সন্মানৰ সৈতে স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ লেডী শ্ৰী ৰাম মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত বাংলাদেশৰ উত্থানৰ পিছত (১৯৭১-১৯৮১) "ভাৰত-পাক সম্পৰ্ক" বিষয়ত গুৱাহাটী  বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৮৬ চনত গুৱাহাটীৰ বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা এল এল বি সম্পূৰ্ণ কৰিছিল।
 
গুৱাহাটীৰ বি আৰ এম আইন মহাবিদ্যালয়ৰ শিক্ষকসকলৰ সৈতে শ্বেহনাজ ৰহমান
 
শ্বেহনাজ ৰহমান অসম ৰাজ্যিক মহিলা আয়োগৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আৰু তিনিটা কাৰ্যকালৰ বাবে সদস্য আছিল। যিহেতু মহিলা সৱলীকৰণ সদায় তেওঁৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় আছিল। সেয়েহে ৰহমানে মহিলাৰ কল্যাণৰ বাবে আয়োগত তেওঁৰ পদবীৰ সদ ব্যৱহাৰ কৰিছিল, বিশেষকৈ দৰিদ্ৰ আৰু প্রান্তিক লোকসকলৰ বাবে।
 
অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্য হিচাপে ৰহমানে তেওঁ প্ৰথম কাৰ্যকালত  আইনী পৰামৰ্শদাতা সমিতি গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই সমিতি খনত মহিলা আয়োগৰ অধ্যক্ষৰ সৈতে এজন উকীল, আৰক্ষী বিষয়া, চিকিৎসক, সমাজকৰ্মীক সদস্য হিচাপে লৈ সমিতি খন গঠন কৰা হৈছিল। অসম ডাইনী হত্যা (প্ৰতিৰোধ, প্ৰতিৰোধ আৰু সুৰক্ষা) আইনৰ দৰে কিছুমান আইনো অসম ৰাজ্যিক মহিলা আয়োগে প্ৰস্তুত কৰিছিল। ২০১৭ চনত ৰহমানক ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ, অসমৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল।
 
অসম আৰক্ষীৰ এটা অনুষ্ঠানত শ্বেহনাজ ৰহমান
 
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি পি কটকীৰ অধ্যক্ষতাত ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগে অসমৰ বেছিভাগ জিলাৰ আৰক্ষী থানা পৰিদৰ্শন কৰিছিল আৰু আইনী সজাগতা শিবিৰ অনুষ্ঠিত কৰিছিল।  
 
শ্বেহনাজ ৰহমানে বহু বছৰ আগতে আন্তঃধৰ্মীয় বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁৰ মতে  ধৰ্ম কেতিয়াও প্ৰেমৰ হেঙাৰ হব নোৱাৰে। আন্তঃধৰ্মীয় বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতো ৰহমানে ইছলাম ধৰ্ম অনুসৰণ কৰিছিল। মোৰ বাবে আন্তঃধৰ্মীয় বিবাহ এক সফলতা। কিয়নো মই আৰু মোৰ স্বামীয়ে সদায়ে ইজনে সিজনৰ শ্ৰদ্ধা আৰু বিশ্বাস কৰিছিলোঁ। ২০০৯ চনত তেওঁৰ স্বামী মানস বৰাৰ মৃত্যু হৈছিল।