শ্বিহাব চিতুৰৰ মক্কা যাত্ৰাৰ পিছত নাজী নৌশীৰ কাটাৰলৈ জীপ যাত্ৰা

Story by  atv | Posted by  Munni Begum • 1 Years ago
নাজী নৌশীৰ কাটাৰলৈ জীপ যাত্ৰা
নাজী নৌশীৰ কাটাৰলৈ জীপ যাত্ৰা
মহম্মদ আক্ৰাম / কান্নুৰ 
 
কেৰালাৰ শ্বিহাব চিতুৰে হজ কৰিবলৈ চৌদি আৰৱৰ মক্কালৈ খোজ কাঢ়িছে যোৱাৰ পিছতে বৰ্তমান এগৰাকী যুৱতী ফুটবল প্ৰেমী বিশ্বকাপ ইভেণ্টৰ বাবে জীপেৰে কাটাৰলৈ যাত্ৰা আৰম্ভ কৰিছে।
 
নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ সাক্ষী হ’বলৈ সময়মতে দোহাত উপস্থিত হোৱাৰ বাবে কেৰালাৰ কান্নুৰৰ পৰাই জীপেৰে নাজী নৌশীয়ে যাত্ৰা আৰম্ভ কৰিছে। এই ফুটবল প্ৰতিযোগিতা চাবলৈ অহা মাহত কাটাৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক সমবেত হ’ব।
নাজী নৌশীৰ স্বামী নৌছাদে তেওঁৰ যাত্ৰা আৰু ফিফা বিশ্বকাপ চোৱাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা কৰি দিছে। কেৰালাৰ পৰিবহণ মন্ত্ৰী এণ্টনি ৰাজুৱে নাজীক এই যাত্ৰাৰ ফ্লেগ অফ কৰিছে। ইতিমধ্যে নাজীৰ কাষ্টমাইজড থাৰ জীপখনেৰে বেংগালুৰু উপস্থিত হৈছে।
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত নাজী নৌশীয়ে কয়, “মই মোৰ এই যাত্ৰা দুসপ্তাহৰ পূৰ্বেই আৰম্ভ কৰিছিলো। মই গৌৰৱান্বিত যে মই প্ৰথম মুছলমান ছোৱালী হ'ম যিয়ে গাড়ীৰে ভ্ৰমণ কৰি কাটাৰ লৈ যাম।" 
 
কেৰালাৰ পৰিবহণ মন্ত্ৰী এণ্টনি ৰাজুৱে নাজীৰ এই যাত্ৰাৰ ফ্লেগ অফ কৰিছে
 
নাজীয়ে তেওঁৰ পৰিকল্পনাৰ বিষয়ে মন্তব্য কৰি কয়, "মই বৰ্তমান বেংগালুৰুত আছো আৰু মুম্বাইলৈ ৰাওনা হ’ম। মই জাহাজেৰে ওমানলৈ যাম। বন্দৰৰ পৰা ইউ এ ই, কুৱেইট, আৰু চৌদি আৰব হৈ কাটাৰলৈ যোৱা যাত্ৰা কৰিম।”
তেওঁৰ স্বামী ওমানত থাকে। নাজীও তাত বহু বছৰ ধৰি বাস কৰিছিল আৰু তেওঁৰ হাতত দেশৰ ড্ৰাইভিং লাইচেন্স আছে। যিখন ড্ৰাইভিং লাইচেন্সখন বৰ্তমান আন্তঃৰাষ্ট্ৰীয় লাইচেন্সলৈ ৰূপান্তৰিত কৰিছে। ওমানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও তেওঁক সমৰ্থন জনাইছে।
নাজী নৌশীয়ে দ্বাদশ শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰিছে। নাজীয়ে ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখন চাব বুলি আশা কৰিছে। নাজীয়ে কয় যে তেওঁ ভাৰতীয় দলটোক ফিফা বিশ্বকাপত খেলি থকা চাব বিচাৰে। 
 
কেৰেলাত নাজী নৌশী
 
নাজী নৌশীয়ে তেওঁৰ জীপেৰে লাডাখলৈ যোৱাকে ধৰি দেশৰ কেইবাটাও দীঘলীয়া একক পথ যাত্ৰা কৰিছে। নাজীয়ে কয় যে তেওঁৰ যত্ন ল’বলগীয়া পাঁচটা সন্তান আছে। এই মিছনৰ বাবে তেওঁ সিহঁতক আইতাকৰ ওচৰত এৰি থৈ আহিছে। তেওঁ কয় যে তেওঁ পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন পায়।
 
নাজী নৌশী এজন ইউটিউব ব্লগাৰও। নাজীয়ে ভাবিছে তাই কিয় কৰিব পাৰে আৰু তাইৰ ওচৰ-চুবুৰীয়াৰ আন মহিলাসকলে কিয় ঘৰৰ পৰা ওলাই আহি কিবা এটা কৰি