অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

Story by  atv | Posted by  Munni Begum • 2 Years ago
অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস
অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস
মুন্নী বেগম / গুৱাহাটী
 
সমগ্ৰ বিশ্বৰ লগতে অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ মহিলা শাখাই মংগলবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰে। গুৱাহাটীৰ পি ডব্লিউ কনভেনচন হলত অনুষ্ঠিত হোৱা এটি অনুষ্ঠানত ন্যাসে বিশিষ্ট সমাজকর্মী বিৰুৱালা ৰাভাক পাৰিজাত বঁটা প্ৰদান কৰাৰ ঘোষণা কৰে। এই বঁটা আছে এখন প্ৰশস্তি পত্ৰ আৰু নগদ দহ হাজাৰ টকা। একেটি অনুষ্ঠানতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কেইবাগৰাকীও বিশিষ্ট মহিলাক সম্বৰ্ধনা জনোৱাৰ লগতে পাৰদৰ্শী আৰু সৰোজনী নাইডু বঁটা প্ৰদান কৰা হয়।  
অনুষ্ঠানত অংশ গ্ৰহণ কৰি প্ৰাইড ইষ্ট এণ্টাৰটেইণ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা তথা সমাজকৰ্মী ৰিণিকি ভূঞা শৰ্মাই ভাষণত ঝিক বেদৰ কথা উল্লেখ কৰি কয়, "ঝিক বেদত নাৰীৰ স্থান খুব উচ্চ। নাৰী সকলক শাৰীৰিকভাৱে, অৰ্থনৈতিকভাৱে, প্ৰশাসনিকভাৱে সকলো দিশতে উচ্চ স্থানত পোৱা গৈছিল। কিন্তু বৰ্তমান আমি লাহে লাহে নিজৰ মৰ্য্যদা উচ্চৰ নিম্নলৈ নমাই আহিছোঁ আৰু এনেকুৱা এটা স্থানত উপনীত হৈছোঁ যে আমি নাৰীহে ঘৰত থাকি স্বামী, লৰা ছোৱালী তথা পৰিয়ালক ভালদৰে যতন লোৱাটোৱে আমাৰ একমাত্ৰ কাম। কিন্তু সেইটো নহয়, মই ভাবোঁ প্ৰকৃতিয়ে নাৰীক  পুৰুষতকৈ পৃথককৈ সৃষ্টি কৰিছে। সেয়ে নাৰীসকল  শাৰীৰিকভাৱে পুৰুষতকৈ  দুৰ্বল হয়। কিন্তু নাৰীসকল মানসিকভাৱে পুৰুষৰ সমানে শক্তিশালী। কিয়নো মহিলাসকলে নিজে নিজকে আগুৱাই লৈ যাব লাগে, নিজে নিজৰ পথ প্ৰদৰ্শক হব লাগে। সেয়েহে এগৰাকী মহিলাই কৰা ত্যাগ, কৰ্মৰাজি আদি সকলোবোৰ  এখন সমাজৰ বাবে আগবঢ়োৱা উৎকৃষ্ট অৱদান।"
তেওঁ লগতে কয়, "নাৰী এগৰাকী মাতৃ তথা এগৰাকী গৃহিনী হোৱাৰ লগতে তেওঁলোক বিভিন্ন কৰ্মক্ষেত্ৰত ব্ৰতী হৈ থাকিব লাগে। মই ভাবোঁ যিদৰে এগৰাকী সফল পুৰুষৰ পিছত এগৰাকী নাৰীৰ সহযোগিতা থকা বুলি কোৱা হয়, ঠিক তেনেদৰে এগৰাকী নাৰীৰ সফলতাৰ আঁৰতো এজন পুৰষৰ সমানে সহযোগ থাকে। কিয়নো আমি সহায় অবিহনে কোনোৱে আগবাঢ়ি যাব নোৱাৰে। পুৰুষ মহিলা দুয়ো দুয়োকে সহায় কৰিব লাগিব।"  
 
অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অনুষ্ঠানত প্ৰাইড ইষ্ট এণ্টাৰটেইণ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা তথা সমাজ কৰ্মী ৰিণিকি ভূঞা শৰ্মা এগৰাকী বিশিষ্ট নাৰীক সম্বৰ্ধনা জনাইছে
 
বিশিষ্ট মহিলা শাৰদী শইকীয়াই কয়, " আমাৰ মাজত এতিয়াও লিংগ বৈষম্যতা  দেখা যায় আৰু এই লিংগ বৈষম্যতা আমি মহিলাসকলে জন্ম দিওঁ। কিয়নো ভগৱানে লৰা ছোৱালী সৃষ্টি কৰিছে, কিন্তু লৰা ছোৱালীক পৃথকীকৰণ কৰা নাই। পৃথকীকৰণ আমি নাৰীসকলে কৰিছোঁ।"
বিশিষ্ট উপন্যাসিকা মনিকুন্তলা ভট্টাচাৰ্যই কয়, "পৃথিৱীত এসময়ত নাৰীৰ অধিকাৰ বিচাৰি যি আলোড়নৰ সৃষ্টি হৈছিল সেয়াই আজি সফল হৈছে। কিয়নো আজি নাৰী বহুত দূৰ আগবাঢ়ি গৈছে। নাৰী শিক্ষিত হ'লেহে লৰা ছোৱালী শিক্ষিত হব আৰু তেতিয়াহে এখন সমাজ শিক্ষিত হব।"
বিশিষ্ট অভিনেত্ৰী বৰষা ৰাণী বৰুৱাই কয়, "এইবাৰৰ নাৰী  দিৱসৰ বিষয়বস্তুটো মোৰ খুব আপোন। নাৰী দুৰ্বল পুৰুষ শক্তিশালী বুলি কোৱাটো এটা সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা। এই ধাৰণা সলনি কৰিবলৈ আমি প্ৰথমে নিজৰ ঘৰতে পৰিৱৰ্তন আনিব লাগিব। নাৰী আৰু পুৰুষ সমান আৰু এইটো কথা আমি নাৰীসকলে বিশ্বাস কৰিব লাগিব।"
 

এই অনুষ্ঠানত লোক সংগীত শিল্পী জীনা ৰাজকুমাৰী, গায়িকা পাৰবীন চুলতানা, ববিতা শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট মহিলা উপস্থিত থাকে।
 
ৰোটাৰী ক্লাব দিছপুৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
 
আনহাতে ৰোটাৰী ক্লাব দিছপুৰে অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ডাউন টাউন হাস্পতালৰ  কেইবাজনো মহিলা উদ্যোগীক সম্বৰ্ধনা জনায়। পাষ্ট ডিষ্ট্ৰিক্ট গভৰ্ণৰ প্ৰভাত কেডিয়া আৰু অসম আৰক্ষীৰ প্ৰাক্তন বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লব ভট্টাচাৰ্যই এই সম্বৰ্ধনা প্ৰমাণপত্ৰ বিতৰণ কৰে।