CFG: বঞ্চিত শিশুৰ বাবে এক আশাৰ ৰেঙণি

Story by  atv | Posted by  Munni Begum • 1 Years ago
চি এফ জিৰ উদ্যোগত সজাগতা অভিযান
চি এফ জিৰ উদ্যোগত সজাগতা অভিযান
আৰিফুল ইছলাম / গুৱাহাটী
 
গুৱাহাটী মহানগৰীৰ পিছপৰা, অভাৱগ্ৰস্ত আৰু বঞ্চিত শিশুসকলৰ মাজত সজাগতা সৃষ্টি কৰি তেওঁলোকক সঠিক পথ দেখুৱাই দিয়াৰ ক্ষেত্ৰত নিঃস্বাৰ্থভাৱে কাম কৰি আহিছে স্নেহালয়াৰ অধীনষ্ঠ ছাইল্ড ফ্রেণ্ডলী গুৱাহাটী চমুকৈ চি এফ জি নামৰ প্ৰকল্পটোৱে। ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা ধৰণে সকলো শিশুৰ জীয়াই থকাৰ, সুৰক্ষিত থকাৰ, বিকাশ আৰু অংশগ্ৰহণৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰকল্পটোৱে বিভিন্ন পদক্ষেপ হাতত লৈছে।
 
বৃহস্পতিবাৰে চাইল্ড ফ্রেণ্ডলী গুৱাহাটীৰ বিষয়ববীয়াসকলে গুৱাহাটীৰ হাটীগাঁওৰ সিজুবাৰী, নটবমা আৰু হাটীগাঁও মাজাৰ ওচৰত ৱাল পেইণ্টিংৰ জৰিয়তে বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদকদ্ৰব্য সেৱনৰ বিৰুদ্ধে শিশু আৰু স্থানীয় ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে। অনুষ্ঠানটোত অংশগ্ৰহণ কৰে পৌৰ নিগমৰ কাউন্সিলৰ মাছুমা বেগম। তেওঁ নিজেও ৱাল পেইণ্টিং কৰি শিশু আৰু স্থানীয় ৰাইজক উৎসাহিত কৰে।
 
 
আৱাজ-দ্য ভইছৰ আগত কাউন্সিলৰ মাছুমা বেগমে কয়; "এই এন জি অ'টোৰ পদক্ষেপ সচাকৈ সলাগ ল'বলগীয়া। বিশেষকৈ শিশু শ্ৰমিক, বাল্য বিবাহ আৰু গুটখা জাতীয় দ্ৰব্য সেৱনৰ পৰা বৰ্তমানৰ শিশুসকলক বচাবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এন জি অ'টোৱে আজি ৱাল পেইণ্টিংৰ জৰিয়তে শুব সুন্দৰ সজাগতাৰ ব্যৱস্থা কৰিছে। এই পেইণ্টিং সমূহ ৰাস্তাৰে অহা যোৱা কৰা প্ৰত্যেকজন মানুহে দেখা পাব। যিবোৰ কথা আমি জানো নজনাসকলক বুজাই দিব লাগিব। কেৱল এই অঞ্চলটোতেই নহয়, সকলোতে এনেধৰণৰ সজাগতা আহিব লাগে। কাৰণ এতিয়াও বহু শিশুৱে বঞ্চিত হৈ আছে। গতিকে আমি শিশুসকলক ভাল পথত আনিব লাগিব, তেতিয়াহে সমাজৰ বা দেশৰ উন্নতি হ'ব।"
 
চি এফ জিৰ অধীনত শিশুসকলে অংকন কৰা মহানগৰীৰ দেৱালৰ দৃশ্য
 
ছাইল্ড ফ্রেণ্ডলী গুৱাহাটীৰ উদ্ধাৰ সমন্বয়ক ঝৰ্ণা চক্ৰৱৰ্তীয়ে কয়; "স্নেহালয়াৰ অধীনত চাইল্ড ফ্রেণ্ডলী গুৱাহাটীৰ এই প্ৰকল্পটোত আমি শিশু শ্ৰমিক, বাল্য বিবাহ আৰু মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি আছোঁ। ছাইল্ড ফ্রেণ্ডলী গুৱাহাটী প্ৰকল্পটোৰ উদ্যোগত আজি আমি ৱাল পেইণ্টিং কৰিছোঁ। সিজুবাৰী, নটবমা আৰু মাজাৰৰ ওচৰত আজি ৱাল পেইণ্টিংৰ জৰিয়তে সজাগতা সৃষ্টি কৰা হ'ব। ৱাল পেইণ্টিং সজাগতাৰ আহিলা হিচাপে বাচি লোৱাৰ কাৰণ হ'ল সৰু লৰা-ছোৱালীয়ে ৰং ভাল পায় আৰু ৰং-বিৰঙী চিত্ৰই নিশ্চয় শিশুসকলক আকৰ্ষিত কৰিব। ৱাল পেইণ্টিংৰ উপৰিও আমি বিভিন্ন মাধ্যমেৰে আমি সজাগতাৰ সৃষ্টি কৰোঁ।"
শিশু সুৰক্ষা বিষয়া মোছাব্বিৰ হুছেইনে কয়; "এই প্ৰকল্পটোৰ অধীনত শিশুৰ ওপৰত বিভিন্ন কাম-কাজ কৰি আছোঁ। ২০১৩ চনৰ পৰাই চাইল্ড ফ্রেণ্ডলী গুৱাহাটীয়ে সমগ্ৰ গুৱাহাটীত ৪০ টাৰো অধিক কেন্দ্ৰত আমি বিনামূলীয়া শিক্ষা প্ৰদান কৰি আছোঁ। তাৰোপৰি   শিশু শ্ৰমিক, বাল্য বিবাহ আদিৰ বিৰুদ্ধে বিভিন্ন প্ৰকাৰে সজাগতাৰ সৃষ্টি কৰি আছোঁ। যিসকল শিশু আমাৰ প্রকল্পৰ সুবিধা লাভ কৰাৰ যোগ্য, তেওঁলোক আমি চিনাক্ত কৰোঁ আৰু উদ্ধাৰ কৰোঁ। লগতে তেওঁলোকক আমাৰ প্ৰকল্পৰ অধীনত সুবিধা প্ৰদান কৰোঁ। আমাৰ সৈতে আন বহু কেইটা সংগঠন জড়িত।"
চাইল্ড ফ্রেণ্ডলী গুৱাহাটীয়ে ১৮ ৰ পৰা২৭ বছৰ যিসকল যুৱক-যুৱতীয়ে অভাবৰ বা অন্য বিভিন্ন কাৰণত স্কুলীয়া বা কলেজীয়া শিক্ষা আধাতেই সমাপ্ত কৰিবলগীয়া হয়, তেওঁলোকৰ বাবে কাৰিকৰী শিক্ষা প্রদানৰ আৰু সংস্থাপনৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়ায়। চি এফ জিৰ নিজাববীয়া ৩ টা কাৰিকৰী শিক্ষা প্ৰদান কেন্দ্ৰ থকাৰ ওপৰিও ৰাজ্য চৰকাৰৰ অধীনত বিভিন্ন আঁচনিৰ জৰিয়তে কাৰিকৰী শিক্ষা প্ৰদান আৰু সংস্থাপনৰ ব্যৱস্থা কৰা প্ৰতিস্থানসমূহৰ  লগতো চি এফ জিয়ে সম্পর্ক স্থাপন কৰিছে।
 
চি এফ জিৰ অধীনত শিশুসকলে মহানগৰীৰ দেৱাল অংকন কৰিছে
 
উল্লেখযোগ্য যে চি এফ জিৰ অধীনত মহানগৰীত বৰ্তমান ৩৬ সম্প্ৰদায়ৰ ২৭ টা টিউচন ক্লাছৰ জৰিয়তে আৰ্ত শিশুসকলক টিউচন ক্লাছ প্ৰদান কৰা হয়। এতিয়ালৈকে ২০১৩ চনৰ পৰা বৰ্তমানলৈকে চি এফ জিৰ জৰিয়তে ৫০০০ শিশুক মূলসুঁতিলৈ অনা হৈছে। এইধৰণে চি এফ জিয়ে গুৱাহাটী মহানগৰখনক শিশুৰ বাবে বিশেষকৈ দুৰ্বল শ্ৰেণীৰ শিশুসকলৰ বাবে বন্ধুত্বসুলভ কৰি তোলাত অৰিহণা জগাই আহিছে।