বিশ্বত বছৰি ১.২ কোটি ছোৱালীৰ বাল্য বিবাহ সম্পন্ন

Story by  atv | Posted by  Munni Begum • 1 Years ago
বিশ্বত বছৰি ১.২ কোটি ছোৱালীৰ বাল্য বিবাহ সম্পন্ন
বিশ্বত বছৰি ১.২ কোটি ছোৱালীৰ বাল্য বিবাহ সম্পন্ন
নতুন দিল্লী
 
ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনিচেফে সোমবাৰে এক প্ৰতিবেদনত সদৰী কৰিছে যে বিশ্বজুৰি এতিয়াও প্রতিবছৰে ১.২ কোটি ছোৱালীৰ বাল্য বিবাহ সম্পন্ন কৰা হয়। ইয়াৰ অৰ্থ ১৮ বছৰ বয়সত ভৰি দিয়াৰ পূৰ্বে এই ১.২ কোটি ছোৱালীৰ বাল্য বিবাহ সম্পন্ন হয়। 
 
২০৩০ চনলৈ বিশ্বৰ পৰা বাল্য বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূলৰ যি লক্ষ্য লোৱা হৈছিল। এই উদ্দেশ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এতিয়াও যথেষ্ট বাধা দেখা গৈছে। দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতত বাল্য বিবাহৰ ঘটনা পূৰ্বতকৈ এক-তৃতীয়াংশ হ্রাস পাইছে যদিও দেশখনৰ ৮খন ৰাজ্যত এতিয়াও বাল্য বিবাহৰ ছবি উদ্বেগজনক হৈয়ে আছে। 
 
পশ্চিমবংগ, বিহাৰ আৰু ত্ৰিপুৰাৰ দৰে ৰাজ্যত প্রায় ৪০ শতাংশ ছোৱালীকে ১৮ বছৰ বয়সৰ আগতে বিয়া দিয়া হয় ৷ ভাৰতৰ  ৮খন ৰাজ্যৰ ভিতৰত তিনিখনত আকৌ পৰিস্থিতি অধিক ভয়াৱহ বুলিও ইউনিচেফৰ প্ৰতিবেদনত সদৰী কৰা হৈছে। ঝাৰখণ্ডত ৩২.২ শতাংশ হাৰত বালা বিবাহ সম্পন্ন হয়।