প্রথম বৰাক উপত্যকা মহিলা সমাৰোহ -২০২২

Story by  atv | Posted by  Munni Begum • 2 Years ago
ই আৰ ডি এফৰ অধ্যক্ষ মাহবুবুল হকে প্রথম বৰাক উপত্যকা মহিলা সমাৰোহ সম্বোধন কৰিছে
ই আৰ ডি এফৰ অধ্যক্ষ মাহবুবুল হকে প্রথম বৰাক উপত্যকা মহিলা সমাৰোহ সম্বোধন কৰিছে
গুৱাহাটী
 
ইউনিভাৰচিটী অব্ চায়েন্স এণ্ড টেকন'লজি মেঘালয় (ইউ এছ টি এম) আৰু ই আৰ ডি ফাউণ্ডেশ্বন গুৱাহাটীৰ উদ্যোগত আৰু কে এন বি মহিলা মহাবিদ্যালয় বদৰপুৰ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়ৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত তথা ভিজন ৫০ একাডেমিৰ সহযোগত 'প্রথম বৰাক উপত্যকা মহিলা সমাৰোহ-২০২২' খন শনিবাৰে অনুষ্ঠিত হয়।
 
“শিক্ষাৰ জৰিয়তে বৰাক উপত্যকাৰ মহিলাসকলৰ সবলীকৰণ : সম্ভাৱনা আৰু প্ৰত্যাহ্বান” শীর্ষক বিষয়বস্তুৰে বৰাক উপত্যকাৰ মহিলাসকলৰ শিক্ষাৰ উন্নতি সাধনত তেওঁলোকক উৎসাহিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই সমাৰোহত অধ্যাপিকা, শিক্ষয়িত্ৰী, ডাক্তৰ, অধিবক্তা, সমাজকর্মীকে ধৰি বহুতো মহিলা উপস্থিত থাকে 
সমাৰোহত বক্তৃতা প্ৰদান কৰিছে আলিগড়ৰ ইউ জি চি-মানৱ সম্পদ উন্নয়ন কেন্দ্রৰ সঞ্চালক, এ এম ইউ  ড° ফাইজা আব্বাছী, শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° শ্বাহিন আৰা বেগম, আলিগড় এডভাঞ্চ চেণ্টাৰ ফৰ উইমেন’চ ষ্টাডীজ, এএমইউ, ড° শিৱাঙ্গী টেণ্ডন, ইউ এছ টি এম পি কিউ এইচ স্কুল এব এডুকেশ্বনৰ ডীন ড° গায়ত্রী গোস্বামীই।
সমাৰোহত সন্মান আৰু স্বীকৃতি স্বৰূপে সমাজৰ বিভিন্ন ক্ষেত্ৰত সফল কেইবাগৰাকী মহিলাক বঁটা প্ৰদান কৰা হয়। ই আৰ ডি এফ উইমেন এছিভাৰ্ছ এৱাৰ্ড, ২০২২ প্ৰদান কৰা হয় শিলচৰৰ বিশিষ্ট সমাজসেৱিকা সীতালক্ষ্মী ৰাগৱচাৰী কান্নন, ২০১৬ ৰ অসম লোক সেৱা আয়োগৰ প্ৰশাসনিক পৰীক্ষাত শীর্ষস্থান লাভ কৰা মাৰিয়া টামিন, শ্রীগৌৰী অঞ্চলৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ-সঞ্চালক ডাঃ সুপৰ্ণা পাল আৰু বিশিষ্ট সমাজসেৱিকা ড° মন্দিৰা নন্দি।
 
ই আৰ ডি এফ এক্সচেলেণ্ট এৱাৰ্ড, ২০২২ প্ৰদান কৰা হয় অসম বিশ্ববিদ্যালয় শিলচৰৰ ২০১৯ চনৰ স্নাতক পৰীক্ষা আৰু ২০২১ চনৰ স্নাতকোত্তৰ পৰীক্ষাত বঙালী বিষয়ত সোণৰ পদক প্রাপক ছামিমা বেগম চৌধুৰী, একে বিভাগতে দ্বিতীয় স্থান প্রাপ্ত শ্বামিমা হাছান লস্কৰ আৰু ২০২০ চনৰ স্নাতক পৰীক্ষাত ৰাজনীতি বিভাগত দ্বিতীয় স্থানপ্রাপ্ত ফাহমিদা জেছমিন। এই তিনিওগৰাকী ছাত্রী কে এন বি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্রী।
ইউ এছ টি এমৰ আচাৰ্য তথা ই আৰ ডি এফৰ অধ্যক্ষ  মেহবুবুল হকে কয়, “সম্প্রতি নিয়োগৰ সুযোগ হ্রাস পাই আহিছে আৰু যিহেতু বৰাক উপত্যকা অসমৰ পৰা কিছু পৰিমাণে বিচ্ছিন্ন, সেয়েহে ইয়াত নিয়োগৰ সুযোগ অতি কম। শিক্ষা আৰু আৰ্থিক প্ৰগতিৰ ক্ষেত্ৰত ইয়াৰ মহিলাসকলে বহুতো সমস্যাত ভুগিছে। সেয়েহে তেওঁলোকক শিক্ষাৰ জৰিয়তে সবলীকৰণ কৰিবই লাগিব। সেয়েহে কোৱা হয়, যদি আপুনি এগৰাকী মহিলাক শিক্ষিত কৰে, আপুনি এটা প্ৰজন্ম আৰু এখন দেশক শিক্ষিত কৰিছে। শিক্ষা হৈছে প্রত্যেক ব্যক্তিৰ জীৱনৰ এক অখণ্ড অংশ কিন্তু যেতিয়া ছোৱালীসকল শিক্ষিত হয় তেতিয়া দেশ শক্তিশালী আৰু সমৃদ্ধিশালী হয়।” 
এই সমাৰোহৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ জৰিয়তে এই অঞ্চলৰ মহিলাসকলক সবলীকৰণ কৰা আৰু এনেকৈয়ে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত বৰঙণি যোগোৱা