গুলমাকি হাবিব এতিয়া চেলিব্ৰিটি; উৰিষ্যা পৌৰসভা নিৰ্বাচনত জয়ী হোৱা প্ৰথমগৰাকী মুছলমান মহিলা

Story by  atv | Posted by  Munni Begum • 2 Years ago
গুলমাকি দালাওজী হাবিব
গুলমাকি দালাওজী হাবিব
নতুন দিল্লী
 
মুছলমান সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা হিচাপে পৌৰসভাৰ নিৰ্বাচনত জয়েৰে ইতিহাস ৰচিছে গুলমাকি দালাওজী হাবিব নামৰ উৰিষ্যাৰ এগৰাকী মহিলাই। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নমা ৩১ বছৰীয়া মহিলাগৰাকীয়ে বিজু জনতা দল(বিজেডি)ৰ প্ৰাৰ্থীক পৰাভূত কৰি উৰিষ্যাৰ ভদ্ৰক পৌৰসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ বিজেডি শক্তিশালী প্ৰাৰ্থী সমিতা মিশ্ৰক ৩,২৫৬টা ভোটক পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। 
 
এই জয়ে গুলমাকি দালাওজীক দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ নতুন চেলিব্ৰিটী হিচাপে চিহ্নিত কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো তেওঁক লৈ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমৰ কেমেৰাপাৰ্চন আৰু ৰিপ’ৰ্টাৰেৰে তেওঁৰ ঘৰ আৰু কাৰ্যালয়ৰ চৌহদ ভৰি থকা দেখা গৈছে। 
উল্লেখ্য যে, গুলমাকি দালাওজী এগৰাকী উচ্চ-শিক্ষিত মহিলা। তেওঁ এমবিএ ডিগ্ৰী সম্পূৰ্ণ কৰিছে। ৰাজনীতিৰ পথাৰত গুলমাকি অনভিজ্ঞ যদিও তেওঁৰ স্বামী আৰু শহুৰেক স্থানীয় ৰাজনীতিৰ চিনাকী মুখ। তেওঁৰ স্বামী চেইখ জাহিদ হাবিব ভদ্ৰক জিলাৰ বিজেডিএলৰ উপ-সভাপতি আছিল। ভদ্ৰকত নাগৰিক সংস্থাৰ অধ্যক্ষৰ প্ৰাৰ্থী হিচাপে সংখ্যালঘু সম্প্ৰদায়ৰ এজন ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ দাবী আছিল য'ত মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা যথেষ্ট। যিহেতু পদটো মহিলাসকলৰ বাবে সংৰক্ষিত আছিল, সেয়ে গুলমাকি সকলোৰে পচন্দৰ প্ৰাৰ্থী হৈ পৰিছিল।
গুলমাকি দালাৱজীয়ে পৌৰসভাৰ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ পিছত কয় যে অঞ্চলটোৰ সাধাৰণ নাগৰিকে তেওঁক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিছিল, তেওঁলোকে কেতিয়াও মোক হিন্দু অথবা মুছলিম প্ৰাৰ্থীৰ ৰূপত চোৱা নাছিল। মনকৰিবলগীয়া যে, মুছলমান মহিলাই ইয়াৰ পূৰ্বে কাউন্সিলৰ অথবা ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচনত জয়লাভ কৰিছে যদিও প্ৰথমবাৰৰলৈ এগৰাকী মুছলমান মহিলাক ভোটাৰে এখন চহৰৰ নেতৃত্ব দিয়াৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে। 
 
প্ৰচাৰৰ সময়ত গুলমাকি দালাওজী হাবিব
 
ইফালে, উৰিষ্যাৰ নিৰ্বাচনী ইতিহাসত এতিয়ালৈকে কোনো মহিলাই বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নাই। আনকি এটা সময়ত মুছলমান সম্প্ৰদায়ে মহিলাসকলক নিৰ্বাচনত অৱতীৰ্ণ হোৱাত আপত্তি দৰ্শাইছিল। ১৯৮৪ৰ পৰা ১৯৯০ চনলৈ ৬বছৰ কেন্দ্ৰপাৰা পৌৰসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা মহম্মদ আকবৰ আলীয়ে কয় যে উৰিষ্যা চৰকাৰে পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচনত তিনিটা পৰ্যায়ত মহিলাসকলৰ বাবে আসন সংৰক্ষণ কৰাৰ পিছত মুছলমান মহিলাসকলক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অনুমতি দিয়া হৈছিল।
 
উল্লেখ্য যে, শেহতীয়া নিৰ্বাচনত গুলমাকি দালাৱজীয়ে ২৮,১১৫টা ভোট, বিজেডিৰ সমিতা মিশ্ৰই ২৪,৮৫৯টা, বিজেপিৰ গীতাঞ্জলি পাধ্যাৰীয়ে ৬,৭৮৭টা ভোট আৰু কংগ্ৰেছৰ ইম্বালা আচাৰ্যই ১,৯০৭টা ভোট লাভ কৰে। গুলমাকিয়ে তেওঁৰ স্বামী তথা ভদ্ৰক পৌৰসভাৰ প্ৰাক্তন পৰিষদ জাহিদ হাবিবৰ সৈতে ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছিল। বৃহৎ সমদল আৰু সভাৰে প্ৰচাৰ অভিযান চলোৱা দম্পতীহালে নিৰ্বাচনৰ পূৰ্বে বহুসংখ্যক লোকৰ কাষ চাপিবলৈ সক্ষম হৈছিল। গুলমাকিয়ে ভোটাৰসকলক আশ্বাস দিছিল যে তেওঁ জয়ী হ’লে ভদ্ৰকত শান্তি, সম্প্ৰীতি ৰক্ষাৰ সমান্তৰালকৈ উন্নয়নত গুৰুত্ব আৰোপ কৰা হ’ব।