অসম কন্যা কিছমত বানোলৈ সন্মানীয় বিছমিল্লা খান বঁটা

Story by  atv | Posted by  [email protected] • 1 Years ago
সন্মানীয় বিছমিল্লা খান বঁটা লাভ কৰা অসম কন্যা কিছমত বানো
সন্মানীয় বিছমিল্লা খান বঁটা লাভ কৰা অসম কন্যা কিছমত বানো
গুৱাহাটী
 
সংগীত, নৃত্য, আৰু নাটকৰ ৰাষ্ট্ৰীয় একাডেমী, আৰু দেশৰ পৰিবেশন কলাৰ শীৰ্ষ সংস্থা সংগীত নাটক একাডেমীয়ে ২০২২ চনৰ নৱেম্বৰৰ প্ৰথম সপ্তাহত নতুন দিল্লীত অনুষ্ঠিত ইয়াৰ সাধাৰণ পৰিষদৰ বৈঠকত ১০২ জনক (তিনিটা যৌথকে ধৰি) নিৰ্বাচিত কৰে। ২০১৯, ২০২০ আৰু ২০২১ চনৰ আধৰুৱা 'উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ'ৰ বাবে পৰিবেশন কলাৰ নিজ নিজ ক্ষেত্ৰত যুৱ প্ৰতিভা হিচাপে নাম উজলাইছে।
 
 
৪০ বছৰৰ তলৰ শিল্পীক দিয়া উস্তাদ বিছমিল্লাহ খান যুৱপুৰাস্কাৰ ২০০৬ চনত পৰিবেশন কলাৰ বিভিন্ন ক্ষেত্ৰত অসাধাৰণ যুৱ প্ৰতিভাক চিনাক্ত কৰি উৎসাহিত কৰি জীৱনৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যেৰে প্ৰৱৰ্তন কৰা হৈছিল। যাতে তেওঁলোকে নিজৰ নিৰ্বাচিত ক্ষেত্ৰত অধিক দায়বদ্ধতা আৰু নিষ্ঠাৰে কাম কৰিব পাৰে। ২০২০ বৰ্ষৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱা আঠগৰাকী যুৱ শিল্পীৰ ভিতৰত গুৱাহাটী কন্যা কিছমত বানো অন্যতম হোৱাটো অসম ৰাজ্যৰ বাবে অতি আনন্দৰ কাৰণ। নাট্যক্ষেত্ৰত অভিনয়ৰ পাৰদৰ্শিতাৰ বাবে কিছমতে এই বঁটা লাভ কৰিছে।
 
অসম কন্যা কিছমত বানো
 
বিগত সময়ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ বাছনি সমিতিৰ দ্বাৰা ২০১৬-২০১৭ বৰ্ষৰ যুৱ প্ৰতিভা শিল্পী বঁটাৰ বাবেও কিছমত নিৰ্বাচিত হৈছিল।
 
 
ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা বৃত্তি লাভ কৰা কিছমত বানোৱে শেহতীয়া বছৰবোৰত সমগ্ৰ দেশৰ লগতে বিদেশতো বৃহৎ নাট্য মহোৎসৱত অভিনয় কৰি আহিছে। গুৱাহাটীত মঞ্চস্থ হোৱা তেওঁৰ দুখন নাটক ‘হেলেন’ আৰু ‘বানো’ই মহানগৰীৰ নাট্যপ্ৰেমী ৰাইজৰ শলাগ লোৱাই নহয়, সংবাদ মাধ্যমৰ পৰাও সমাদৰ লাভ কৰে।
 
সংগীত নাটক একাডেমীৰ এখন বিজ্ঞপ্তি
 
কিছমত বানো অতি কম বয়সতে ইতিমধ্যে বিভিন্ন ভাষাৰ লগতে অসমীয়া আৰু হিন্দীকে ধৰি ৩০খনতকৈও অধিক নাটকত অভিনয় কৰিছে আৰু এই নাটকসমূহ দেশৰ বহু ডাঙৰ চহৰত মঞ্চস্থ কৰা হৈছে। এনে কিছুমান নাটকৰ কথা উল্লেখ কৰিব পাৰি, যেনে, আকাছ, মধ্যবৰ্তিনী, যাত্ৰা, দ্য লেচন, কোমলা কুৱৰী, হেলেন, আৰু পুহোৰ। ভাৰত ৰং মহোৎসৱ, নন্দিকৰ, ইজেডচিচি, সংগীত নাটক একাডেমী মহোৎসৱ, পৃথ্বী, নেহৰু চেণ্টাৰ, পিডিএ মহোৎসৱ, কলাক্ষেত্ৰ চেন্নাই, অষ্টক মহোৎসৱ (গোৱা আৰু ৰাজস্থান) আৰু কাদিৰ আলী বাইগ নাট মহোৎসৱত বিভিন্ন শীৰ্ষ নাট্য অনুষ্ঠান আৰু উৎসৱত অংশগ্ৰহণ কৰিছে। 
 
কিছমতৰ নিজা নাট্যদল ‘উইংছ থিয়েটাৰ’ (সাংস্কৃতিক গোট)য়ে বহু যুৱ শিল্পীক নাট্যক্ষেত্ৰত নিজৰ যোগ্যতা প্ৰমাণ কৰাত সহায় আৰু প্ৰশিক্ষণ দিছে। ছ’চিয়েল মিডিয়াৰ বাৰ্তাযোগে কিছমত মঞ্চত আৰোহণৰ অংশীদাৰ হোৱাৰ বাবে পিতৃ-মাতৃ সংগীত নাটক অকাডেমী আৰু অসম ৰাজ্যক ধন্যবাদ জ্ঞাপন কৰিছে।