গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শিশু দিৱস উদযাপন

Story by  atv | Posted by  [email protected] • 1 Years ago
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শিশু দিৱস উদযাপন
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শিশু দিৱস উদযাপন
গুৱাহাটী
 
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হেমেট'লজী বিভাগত উদযাপন কৰা হয় শিশু দিৱস। বিভাগটোত থকা শিশু ৰোগীসকলকৰ মাজত শিশু দিৱসৰ লগতে চিত্ৰ অংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি শিশুসকলকৰ মাজত বন্ধুত্বসুলভ পৰিবেশৰ সৃষ্টি কৰা হয়।
 
 
শিশুদিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত কেক কাটি শিশুসকলৰ মাজত বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানটোত হেমেট'লজী বিভাগৰ চিকিৎসকৰ উপৰিও উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অভিজিৎ শৰ্মা।
 
উল্লেখযোগ্য যে, শিশু সকলৰ এই বিশেষ দিনটো উপলক্ষে সমগ্ৰ ৰাজ্যতেই দেখা গৈছে বিভিন্ন আয়োজনৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহত অনুষ্ঠিত কৰা হৈছে শিশু দিৱসৰ কাৰ্যসূচী। নৃত্য-গীত, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ মাজৰে আজিৰ দিনটো উদযাপন কৰা হয় শিক্ষানুষ্ঠান সমূহত।