মঞ্জুৱাৰাই কেনেকৈ পোৱালে গৈ বৰপেটাৰ চৰৰ বস্ত্ৰ বিদেশৰ বজাৰ?

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
মঞ্জুৱাৰাই বিচনা চাদৰ এখন চিলাই কৰি আছে
মঞ্জুৱাৰাই বিচনা চাদৰ এখন চিলাই কৰি আছে
মুন্নী বেগম / গুৱাহাটী

আৰ্থিক দীনতাই কোঙা কৰা তথা ঘৰুৱা হিংসাৰ বলি হোৱা মহিলা সকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে পশ্চিম অসমৰ বৰপেটা জিলাৰ এগৰাকী মহিলাই। মহিলা সকলক আত্মনির্ভৰশীল হোৱাৰ বাট মোকোলাই দিয়া এই গৰাকী মহিলা হল মঞ্জুৱাৰা মোল্লা। সমাজত পুৰুষৰ সমানে মহিলা সকলৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে মঞ্জুৱাৰই 'আম্ৰাপাৰি' নামৰ এটা গোট আৰম্ভ কৰিছিল। যি গোটৰ জৰিয়তে সম্প্ৰতি বহু মহিলাই আত্মনির্ভৰশীল হবলৈ সক্ষম হৈছে। 

আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মঞ্জুৱাৰাই কয়: "বৰপেটাৰ চৰ চাপৰি অঞ্চলৰ অধিকাংশ লোকে কৃষিজীৱী হোৱাৰ লগতে দৈনিক মজুৰি কৰি জিৱীকা নিৰ্বাহ কৰি আহিছে। অতি নগন্য উপাৰ্জনেৰে এইসকল লোকে তেওঁলোকৰ পৰিয়ালৰ পোহ পাল দি আহিছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে কোভিড-১৯ মহামাৰীৰ বাবে বিগত বৰ্ষসমুহত হোৱা 'লকডাউন'ৰ ফলত এইসকল লোকৰ জীৱিকা তথা উপার্জনৰ ক্ষেত্ৰত যথেষ্ট বিৰূপ প্ৰভাৱ পৰে। কিয়নো 'লকডাউন'ৰ ফলত বহুলোকে জিৱীকাৰ বাট হেৰুৱাই কৰ্মহীন হৈ পৰিছিল। কৰ্মহীন হোৱা এই সকল লোকে যথেষ্ট আৰ্থিক তথা খাদ্য সংকটৰ সন্মুখীন হৈ মানসিক চাপত ভুগিছিল। যাৰ পৰিনতিত বহুতৰ মাজত পাৰিবাৰিক কন্দলৰ দৰে হিংসাত্মক ঘটনাও সংঘটিত হোৱা দেখা গৈছিল। মানসিক চাপত ভুগি বহু পুৰুষে মহিলা সকলৰ ওপৰত শাৰীৰিক নিৰ্যাতনো চলাইছিল। যিহেতু মই বৰপেটাৰ চৰ চাপৰিৰ অঞ্চলতে বাস কৰো, মই মহিলা সকলৰ দুর্দশা তথা সংগ্ৰামবোৰ দেখিছিলো।" 
 

কেইগৰাকীমান মহিলাই চৰ চাপৰি অঞ্চলত অতি জনপ্ৰিয় বস্ত্ৰ ৰেজাই (খেঠা) চিলাই কৰি আছে।
 
মঞ্জুৱাৰাই কয়, "মহিলা সকলক সহায় কৰাৰ লগতে তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে ২০১৯ চনৰ অক্টোবৰত মই  'আম্ৰাপাৰি' নামে এটা গোটৰ আৰম্ভ কৰিছিলো। য'ত মহিলা সকলক চিলাই তথা এম্ব্ৰোইডাৰীৰ প্ৰশিক্ষণ দিয়া হৈছিল। প্ৰথমে মই সম্পুৰ্ণ নিজৰ উদ্যোগত ১৫ হাজাৰ টকাৰে কপোৰৰ এটা ঠান আৰু এম্ব্ৰোইডাৰীৰ বাবে প্ৰয়োজনীয় ৰঙ-বিৰঙি সূতা ক্ৰয় কৰি আনিছিলো। মহিলা সকলে প্ৰথমে চৰ চাপৰি অঞ্চলত অতি জনপ্ৰিয় বস্ত্ৰ ৰেজাই (খেঠা) চিলাই কৰা আৰম্ভ কৰিলে। ৰং বিৰঙি সূতাৰে বিভিন্ন ডিজাইন প্ৰস্তুত কৰি মহিলা সকলে সুন্দৰকৈ ৰেজাই বোৰত এম্ব্ৰোইডাৰী কৰিছিল।" 

মহিলা সকলক স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে আৰম্ভ হোৱা 'আম্ৰাপাৰি'ৰ সৈতে বৰ্তমান ৪০ গৰাকী মহিলা শিল্পী জড়িত হৈ আছে আৰু তেওঁলোক আৰ্থিকভাৱে যথেষ্ট স্বাৱলম্বী।
মঞ্জুৱাৰাই আৰু কয়, "প্ৰথমে মাত্ৰ ১০ গৰাকী মহিলা শিল্পীক 'আম্ৰাপাৰি'ৰ জৰিয়তে চিলাই তথা এম্ব্ৰোইডাৰীৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। মহিলা সকলে প্ৰথ্মে কেইখনমান চৰ চাপৰি অঞ্চলৰ জনপ্ৰিয় বস্ত্ৰ ৰেজাইত (খেঠা) এম্ব্ৰোইডাৰী কৰি উলিয়াইছিল। পিছত ক্ৰমান্বয়ে 'আম্ৰাপাৰি'ৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলাৰ সংখ্য়া বৃদ্ধি হৈছিল আৰু বৰ্তমান মুঠ ৪০ গৰাকী মহিলা শিল্পী ইয়াৰ সৈতে জড়িত হৈ আছে।" 
'আম্ৰাপাৰি'ৰ সৈতে জৰিত মহিলা শিল্পীসকলে হাতেৰে বিভিন্ন ডিজাইনৰ এম্ব্ৰোইডাৰী কৰা ৰেজাই (খেঠা), কুৰ্টী, বিচনা চাদৰ, টেবুল ক্ল'থ, চ'ফা ক'ভাৰ, টেবুল ৰানাৰ, কুচন ক'ভাৰ, গিলিপ, মাফলাৰ, ৰুমাল, মাস্ক, ৱাছ কোট, আদি প্ৰস্তুত কৰি আহিছে।
 

মঞ্জুৱাৰাই মহিলা সকলক প্ৰশিক্ষণ দিয়া কিছু মুহূৰ্ত।
 
মহিলা শিল্পীসকলে প্ৰস্তুত কৰা এই সামগ্ৰীবোৰ অসমৰ বিভিন্ন জিলাৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত হোৱা কপোৰৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে আৰু গ্ৰাহকৰ যথেষ্ট সমাদৰ লাভ কৰিছে। ইয়াৰোপৰি 'আম্ৰাপাৰি'ৰ মহিলা শিল্পীসকলে অনলাইন যোগে হোৱা ব্যৱসায়ৰ জৰিয়তে বিদেশৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছে

ভৱিষ্যতলৈ মহিলা সকলক কপোৰৰ লগতে চৰ চাপৰি অঞ্চলৰ প্ৰচলিত বিভিন্ন ধৰণৰ ব্যঞ্জন, আচাৰ, জাম, মচলা আদি প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি মঞ্জুৱাৰাই আৱাজ দ্যা ভইছক জনায়।
   
এগৰাকী সক্ৰিয় সমাজকৰ্মী মঞ্জুৱাৰাই নাৰীৰ অধিকাৰৰ লগতে অৰ্তজনক সহায় কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁ খাদ্য সংকটৰ সন্মুখীন হোৱা দুখীয়া লোকক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে শিক্ষা, স্বাস্থ্য, বাল্য বিবাহ আদি বিভিন্ন ক্ষেত্ৰত সজাগতা মুলক অনুষ্ঠানৰ আয়োজন কৰি আহিছে।