জায়েদা খাতুনঃ এগৰাকী অসাধাৰণ আশাকৰ্মী

Story by  atv | Posted by  Munni Begum • 1 Years ago
জায়েদা খাতুন
জায়েদা খাতুন
নিতুল বৰা / লখিমপুৰ
 
গ্ৰামাঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ বাবে স্বাস্থ্য সেৱা সুলভ কৰি তোলাৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে তৃণমূল পৰ্যায়ত সৃষ্টি কৰা আশাকৰ্মী পদে ৰাজ্যৰ গ্ৰামাঞ্চলৰ মহিলা সকললৈ কঢ়িয়াই আনিছে এক নতুন আশাৰ বাৰ্তা। আশাকৰ্মী হিচাপে একেবাৰে তৃণমূল পৰ্যায়ত স্বাস্থ্য বিভাগৰ বিভিন্ন শিতানত সৰ্বসাধাৰণ ৰাইজৰ বাবে স্বাস্থ্য সেৱা আগবঢ়াই সমাজ সেৱা কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ বহু আশাকৰ্মীয়ে। 
 
আশাকৰ্মী হিচাপে গ্ৰামাঞ্চলত স্বাস্থ্য সেৱা আগবঢ়াই ২০২১-২২বৰ্ষত দুই লক্ষাধিকতকৈ অধিক ধন উপাৰ্জন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে সমাজৰ এগৰাকী আদৰ্শ মহিলা হিচাপে চিহ্নিত হৈছে জায়েদা খাতুন নামৰ এগৰাকী আশাকৰ্মী। লখিমপুৰ জিলাৰ নাওবৈচা খণ্ড প্রাথমিক চিকিৎসালয়ৰ অধীনস্থ গড়ছিগা ১০ খন বিচনাযুক্ত চিকিৎসালয়ৰ অন্তৰ্গত পশ্চিম পানধোৱা গাঁৱৰ আশাকৰ্মী হিচাপে তেওঁ ২০০৬ চনত যোগদান কৰিছিল। 
স্বামীহাৰা জায়েদা খাতুনে ছয়টা সন্তানৰ দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ আশাকৰ্মী হিচাপে নিষ্ঠাৰে কৰ্তব্য পালন কৰি শেহতীয়াকৈ ৰাজ্যৰ ভিতৰত অধিক মাননী পোৱা আশাকৰ্মীসকলৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিছে। জায়েদা খাতুনে ২০২১ বিত্তীয় বৰ্ষত মাহে গড় ১৮,১৩৫ টকাকৈ বছৰেকত ২,১৭,৬৩০ টকা উপাৰ্জন কৰি আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ লগতে গ্ৰামাঞ্চল মহিলা সকলৰ বাবে এক আদৰ্শ মহিলা হিচাপে পৰিগণিত হৈছে। 
জায়েদা খাতুন ১৬বছৰীয়া কাৰ্যকালত গাঁওখনৰ ১৫০ গৰাকী মহিলাক বন্ধ্যাকৰণ, ১০ জন পুৰুষক বন্ধ্যাকৰণ কৰোৱাই নাওবৈচা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ ভিতৰতে সৰ্বাধিক বন্ধ্যাকৰণ কৰোৱা আশাকৰ্মী হিচাপে স্বীকৃতি লাভ কৰিছে। তাৰোপৰি, জায়েদা খাতুনে মাহে প্ৰায় ১৮ গৰাকী মহিলাৰ প্ৰসৱ কৰাৰ বাবে নাওবৈচা প্রাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাইছে। 
 
গ্ৰাম্যাঞ্চলৰ এক সভাত মহিলাসকলৰ মাজত সজাগতা সৃষ্টি কৰিছে আশাকৰ্মী জায়েদা খাতুনে
 
আন এটা লক্ষণীয় দিশ হ’ল যে, জায়েদা খাতুনৰ কৰ্ম দক্ষতাৰ বাবেই অঞ্চলটোত যোৱা ১৬ বছৰে কোনো মহিলাই ঘৰত সন্তান প্ৰসৱ কৰিবলগীয়া হোৱা নাই। এয়া এক গুৰুত্বপূৰ্ণ দিশ হিচাপে পৰিগণিত হৈছে। 
তদুপৰি, যোৱা মে’-জুনত হোৱা সংহাৰী বানৰ সময়ত আশাকৰ্মী জায়েদা খাতুনে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি বান বিধ্বস্ত পশ্চিম পানধোৱা গাঁওৰ তিনি হাজাৰ লোকক প্ৰয়োজনীয় প্ৰাথমিক স্বাস্থ্য সেৱা আগবঢ়াই অঞ্চলবাসীৰ প্রিয়পাত্ৰ হৈ পৰে। লগতে তেওঁ লখিমপুৰ স্বাস্থ্য বিভাগৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। 
স্বাস্থ্য সেৱাৰ মাধ্যমেৰে সমাজলৈ উল্লেখনীয় অৰিহণা আগবঢ়াই নিজকে আৰ্থিক ভাৱে স্বাৱলম্বী কৰি তুলি জায়েদা খাতুন গ্ৰামাঞ্চল মহিলাসকলৰ বাবে এক আদৰ্শৰ প্ৰতীক হৈ জিলিকি উঠিছে।