সুস্বাদু খাদ্য ঘৰৰ দুৱাৰ ডলিত যোগন ধৰি হৃদয় জয় কৰিছে জেৰিনে

Story by  atv | Posted by  Munni Begum • 2 Years ago
জেৰিন হাজৰিকা
জেৰিন হাজৰিকা
মুন্নী বেগম / গুৱাহাটী 

বিশ্ব বিখ্যাত নাট্যকাৰ জৰ্জ বাৰ্ণাৰ্ড শ্ব'ই কৈছিল "There is no love sincerer than the love of food"। সঁচায়ে মানুহৰ হৃদয় জয় কৰিবলৈ সুস্বাদু খাদ্যৰ  বাদে আন কোনো সহজ উপায় নাই। তাৰে এক উদাহৰন হল গুৱাহাটী মহানগৰীৰ ছয়মাইলৰ বাসিন্দা জেৰিন হাজৰিকা। জেৰিন হাজৰিকাই সুস্বাদু খাদ্য প্ৰস্তুত কৰি বিভিন্নজনৰ হৃদয় জয় কৰাৰ লগতে ফেচবুক পেজৰ জৰিয়তে নিজৰ ব্যৱসায় আৰম্ভ কৰিছে। জেৰিন হাজৰিকাই ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হৈ থকা 'হুনৰ হাট'ত এক বিপনৰ জৰিয়তে তেওঁৰ খাদ্য অসমৰ লগতে দেশৰ অন্য প্ৰান্তৰ লোকৰ মাজলৈ লৈ যোৱাৰ এক সুযোগ লাভ কৰিছে।  
 
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জেৰিন হাজৰিকাই কয়, "ক'ভিড মহামাৰীৰ বাবে হোৱা ল'কডাউনৰ সময়ত বহু লোকে বিভিন্ন ধৰনৰ কাম কৰি সময়ৰ লগতে সামাজিক মাধ্যমৰো সদ ব্যৱহাৰ কৰিছে। ল'কডাউনে সকলোৰে মাজত লুকাই থকা প্ৰতিভাবোৰ বিকশিত হোৱাৰ যেন এখন মঞ্চহে প্ৰদান কৰিলে। কোনোৱে যদি, শিল্পকলাৰ দিশত আন কোনোৱে আকৌ কৃষি কৰ্মত নিজৰ প্ৰতিভা বিকাশ কৰিছে। ময়ো সাধাৰনতে এগৰাকী গৃহীনি যদিও লকডাউনৰ সময়ত মই সামাজিক মাধ্যমৰ উচিত ব্যৱহাৰ কৰি মই নিজে প্ৰস্তুত কৰা খাদ্য মনুহৰ মাজলৈ লৈ যোৱাৰ এক প্ৰয়াস কৰিলো। মই প্ৰথমে ফেচবুকৰ জৰিয়তে মই নিজে প্ৰস্তুত কৰা খাদ্য ৰাইজৰ মাজলৈ লৈ যোৱাৰ সুযোগ লাভ কৰিলো।"
 
জেৰিন হাজৰিকাই প্ৰস্তুত কৰা সুস্বাদু খাদ্য
 
ৰান্ধি ভালপোৱা জেৰিন হাজৰিকাই বিভিন্ন প্ৰকাৰৰ সুস্বাদু অসমীয়া ব্যঞ্জন, পিঠা লাড়ু, পিজ্জা, কেক আদিৰ লগতে বিশেষকৈ মোগল খাদ্য ক্ৰমে, বিৰিয়ানী, পুলাও, চিকেন টিক্কা, চিকেন ৰোষ্ট, চিকেন বাটাৰ মছলা, চিকেন তণ্ডুৰী, কোফ্টা, কাবাব আদি প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰি আহিছে। 
জেৰিনে কয়, "সঁচা কথা কবলৈ হ'লে মই আনৰ বাবে ৰান্ধি খুব ভাল পাওঁ। যেতিয়া মই খাদ্যৰ ব্যৱসায় কৰিম বুলি মোৰ পৰিয়ালৰ লোকৰ সৈতে আলোচনা কৰিছিলো তেতিয়া মোক উৎসাহ তথা সমৰ্থন কৰাৰ পৰিৱৰ্তে মোক বাধাহে দিছিল। মোক বহু আত্মীয় তথা সমাজৰ বিভিন্নজনে ককৰ্থনা কৰি কৈছিল যে মোৰ ইমান কিহৰ অভাৱ হৈছে যে এতিয়া মই বিৰিয়ানী বিক্ৰী কৰি খাব লাগা হৈছে। মই মানুহৰ কথাবোৰত মনোযোগ নিদি নিজৰ সিদ্ধান্ত অটল আছিলো আৰু নিজৰ কাম কৰি গৈছিলোঁ। আজি মোৰ কামক সকলোৱে আকোৱালি লৈছে আৰু এটা সময়ত মোক বাধা প্ৰদান কৰা লোকসকলে  মোৰ কামক সমৰ্থনও কৰিছে।"
পৰিস্কাৰ আৰু ঘৰুৱাভাৱে প্ৰস্তুত কৰা খাদ্যৰ বাবে জেৰিনে গ্ৰাহকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। গ্ৰাহকসকলে ফেচবুকৰ জৰিয়তে জেৰিনৰ খাদ্যৰ অৰ্ডাৰ দিয়ে। জেৰিনে নিজে গ্ৰাহকৰ ঘৰলৈ গৈ খাদ্য যোগান ধৰি অহাৰ লগতে বহু গ্ৰাহকে অৰ্ডাৰবোৰ জেৰিনৰ ঘৰলৈ আহিও লৈ যায়। গ্ৰাহকৰ মাজত জেৰিনৰ খাদ্যৰ চাহিদা যথেষ্ট বেছি যদিও তেওঁ দৈনিক মাত্ৰ ৫০ জনৰ বাবে খাদ্য প্ৰস্তুত কৰি আহিছে।   
 
বাওঁফালে 'হুনাৰ হাট'ত খাদ্য প্ৰস্তুতত ব্যস্ত জেৰিন হাজৰিকাৰ আৰু সোঁফালে জেৰিন হাজৰিকাৰ খাদ্যৰ সোৱাদ লৈছে কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাকভী 
 
জেৰিনে কয়, "আমাৰ সমাজত কিছু সংখ্যক লোকে এগৰাকী ছোৱালী ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকে পোন প্ৰথমে ছোৱালীজনীৰ বিয়া দিয়াৰ কথা চিন্তা কৰে। তেনেকুৱা মোৰ কিছু বান্ধৱী আছে যিসকল ক্ৰীড়া, সাহিত্য, সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰৰ আগবঢ়া আছিল। কিন্তু পৰিয়ালৰ সহযোগ আৰু সমৰ্থনৰ অভাৱৰ বাবে তেওঁলোকৰ প্ৰতিভা কৰোৱাত হেৰাই গৈছে। কিন্তু মই ভাবো তেনেকুৱা হব নালাগে।  আমি সকলোকে উৎসাহিত কৰিব লাগে আৰু আগবাঢ়ি যোৱাৰ বাবে সমৰ্থন কৰিব লাগে।"  
জেৰিনে প্ৰথমে নিজে প্ৰস্তুত কৰা খাদ্যৰ ফটোবোৰ ফেচবুকত পোষ্ট কৰি আহিছিল। যিবোৰৰ বাবে তেওঁ মানুহৰ যথেষ্ট প্ৰসংশা লাভ কৰিছিল। পিছত তেওঁ ফেচবুকৰ জৰিয়তে খাদ্যবোৰ মানুহৰ মাজলৈ লৈ যোৱাৰ কথা ভাবিলে আৰু সফলতা লাভ কৰিলে। বৰ্তমান জেৰিনে ৰন্ধা বিৰিয়ানী আৰু চিকেন ৰোষ্ট বিচাৰি ফেচবুকত গ্ৰহকৰ বিশেষ চাহিদা আছে। 
জেৰিনে কয় যে আমাৰ সমাজখনত বিশেষকৈ মুছলমান সমাজখনত মহিলাসলক পৰ্দাত থকাৰ বাবে বাধ্য কৰোৱা হয়। কিন্তু ইছলামত পুৰুষৰ সমানে মহিলাসকলেও ব্যৱসায় কৰিব পাৰে বুলি উল্লেখ আছে। কিন্তু সেই ব্যৱসায় হালাল হব লাগিব। "মই ভাবো ভাল কাম কৰিলে সকলোৱে আকোৱালি লব। সকলোৰে নিজৰ নিজৰ বিশেষ প্ৰতিভা আছে। সেইবোৰ বিকাশ কৰাৰ বাবে মাত্ৰ এখন উচিত মঞ্চৰহে প্ৰয়োজন।"
 
 
 আৰ্তজনৰ ওচৰত হেল্পিং হেণ্ডৰ সদস্যৰ সৈতে জেৰিন হাজৰিকা 
 
ফেচবুকৰ জৰিয়তে বিভিন্ন জনৰ অনুৰোধ ৰক্ষা কৰি এগৰাকী সফল ব্যৱসায়ী হিচাপে নিজকে প্ৰাতিষ্ঠা কৰা জেৰিন হাজৰিকাই আন বহু মহিলাৰ বাবে আদৰ্শ হব বিচাৰে। জেৰিনে ভৱিষ্যতে তেওঁ প্ৰস্তুত কৰা খাদ্য আৰু অধিক লোকৰ মাজলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে। সুস্বাদু খাদ্যৰে মানুহৰ অন্তৰ জয় কৰাৰ লগতে জেৰিনে প্ৰায়ে দৰিদ্ৰলোক সকলৰ ওচৰত থিয় দি আহিছে। নিজৰ গাঁঠিৰ ধনেৰে "হেল্পিং হেণ্ড" শীৰ্ষক গোটৰ উদ্যোগত জেৰিনে খাদ্য সামগ্ৰী, শিক্ষাৰ সামগ্ৰী, কাপোৰ আদি বিতৰণ কৰি আৰ্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে।