দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ দাবীত প্ৰতিবাদ সাবস্ত্য স্থানীয় মহিলাৰ

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
স্থানীয় মহিলাৰ প্ৰতিবাদ
স্থানীয় মহিলাৰ প্ৰতিবাদ
মুন্নী বেগম/গুৱাহাটী 

প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত এইবাৰ ওলাই আহিল মহিলাসকল। বেচৰকাৰী ব্যৱস্থাৰে দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্য ধ্বংস কৰা কাৰ্যৰ বিৰুধীতাত আজি  চকৰদৌ কলিতাপাৰাৰ মহিলাসকলে এক প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে।
 
আজাৰা - কামাখ্যা সংযোগী ৰেলপথলৈ ওলাই আহি  সাবস্ত্য কৰা এই প্ৰতিবাদী কাৰ্যসুচীত চকৰদৌ কলিতাপাৰা ৰাজহুৱা নামঘৰৰ মহিলা সমাজৰ দলপতি হেমলতা কলিতাৰ নেতৃত্বত মহিলাসকলে হাতে হাতে প্লে - কাৰ্ড  আৰু বেনাৰ লৈ দীপৰ বিলক সংৰক্ষণৰ দাবী জনায়। 
 
প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা মহিলা সকলে মৰা ভৰলু, বাহিনী আৰু বশিষ্ঠ নৈৰ  প্ৰদূষিত পানী পামহী কেনেলৰে দীপৰ বিলত পেলোৱা কার্য বন্ধ কৰক, দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত পৌৰ নিগমে আৱৰ্জনা পেলোৱা বন্ধ কৰক, দ্বৈত ৰেলপথ নিৰ্মাণৰ নামত হাতী আৰু অন্যান্য বনৰীয়া জীৱ জন্তুৰ হত্যা বন্ধ কৰক, ১৯৮৯ চনৰ ভুলৰ পুনৰাবৃত্তি কৰি দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰা কাৰ্য বন্ধ কৰাৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে।