মুম্বাই
কল্পনা চাওলাৰ জীৱন কাহিনীৰদ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ এগৰাকী মৌলানাৰ হিজাব পৰিধান কৰা কন্যাই বাণিজ্যিক বিমান উৰাবলৈ সাজু। মহাৰাষ্ট্ৰৰ পৰা বিমান উৰোৱাবলৈ অনুজ্ঞাপত্ৰ লাভ কৰা ২৬ বছৰীয়া প্ৰথম গৰাকী চিয়া ছোৱালী হৈছে মহদেছা জাফৰী।
মৌলানা শ্বেৰ মহম্মদ জাফৰী আৰু আলিমা ফাৰাহ জাফৰীৰ কন্যা মহদেছা জাফৰীয়ে অলপতে দক্ষিণ আফ্ৰিকাৰ পৰা বিমান উৰোৱাৰ বিশেষ প্ৰশিক্ষণ লৈছিল আৰু বাণিজ্যিক পাইলটৰ অনুজ্ঞাপত্ৰ লৈ স্বগৃহলৈ উভতি আহিছিল।
২০০৩ চনৰ ফেব্ৰুৱাৰীত স্পেচ শ্বাটল কলম্বিয়া দুৰ্যোগত ভাৰতীয়-আমেৰিকান মহাকাশচাৰী কল্পনা চাওলাৰ মৃত্যু হোৱাৰ সময়ত মহদেছা জাফৰীৰ বয়স আছিল ৭ বছৰ। চাওলাৰ মৃত্যুৰ পিছত, যেতিয়া তেওঁ দেশৰ বহু ঠাইত পোষ্টাৰ আৰু বেনাৰ দেখিছিল, এদিন মহদেছাই তেওঁৰ দেউতাকক এই বিষয়ে সুধিছিল।
মহদেছাৰ দেউতাকে কল্পনা চাওলাৰ কাহিনী বৰ্ণনা কৰি কৈছিল যে তেওঁ কিমান সাহসী আছিল। মহাকাশচাৰীগৰাকীৰ কাহিনী শুনি সেইদিনাৰ পৰাই চাওলাৰ অনুৰাগী হৈ পৰিছিল।
মহদেছা জাফৰীৰ সৈতে তেওঁৰ পিতৃ মৌলানা শ্বেৰ মহম্মদ জাফৰী আৰু মাতৃ আলিমা ফাৰাহ জাফৰী
চাওলাৰ ওপৰত কেইবাটাও প্ৰবন্ধ পঢ়াৰ পিছত আৰু তেওঁৰ ভিডিঅ' চোৱাৰ পিছত, জাফৰীয়ে তেওঁৰ মাক-দেউতাকক কৈছিল যে তেওঁ বিমান উদ্যোগত যোগদান কৰিব বিচাৰে।
অৱশেষত, ২০২০ চনত তেওঁ দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ এখন উৰণ বিদ্যালয়ত যোগদান কৰিছিল। অৱশ্যে, মহদেছাৰ আত্মীয়সকলে মহদেছাক পাইলট প্ৰশিক্ষণৰ বাবে পঠোৱাৰ মাক-দেউতাকৰ সিদ্ধান্তক সমৰ্থন কৰা নাছিল।
পৰিয়ালৰ সদস্যসকলে কৈছিল যে দেউতাক এগৰাকী মৌলানা আৰু মাতৃ এগৰাকী সাধাৰণ গৃহিণী হোৱা স্বত্বেও, জীয়েকক পাইলট প্ৰশিক্ষণ লোৱাৰ বাবে পঠোৱাত যথেষ্ট সমালোচনা কৰিছিল।
মহদেছাৰ পিতৃ মাতৃৰ সিদ্ধান্তৰ বিৰুদ্ধে কৰা মন্তব্যক উপেক্ষা কৰি, তেওঁলোকে মহদেছাৰ পাইলটৰ প্ৰশিক্ষণ অব্যাহত ৰাখিবলৈ অনুমতি দিছিল। তেওঁলোক নিশ্চিত আছিল যে এইটো অধৰ্মীয় কাৰ্য নহয়।
উল্লেখ্য যে, কল্পনা চাওলা আছিল মহাকাশলৈ যোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা। তেওঁ এগৰাকী যান্ত্ৰিক অভিযন্তা আছিল। তেওঁ তিনিবাৰকৈ মহাকাশলৈ গৈছিল আৰু প্ৰথম দুটা অভিযান সফল হৈছিল। ২০০৩ চনত কলম্বিয়াৰ স্পেচ শ্বাটলত থকা তেওঁৰ তৃতীয় খন উৰণ সফল হোৱা নাছিল।
কল্পনা চাওলা
কল্পনা চাওলাৰ মহাকাশৰ পৰা পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰাৰ সময়ত মহাকাশযানখন বিভক্ত হৈ পৰিছিল। চাওলাৰ উপৰিও, দুৰ্যোগটোত আন ৬ জন ক্ৰু সদস্য নিহত হৈছিল।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood