আৰামদায়ক চাকৰি এৰি এগৰাকী মুছলমান মহিলাৰ উদ্যোগৰ যাত্ৰা

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
ৰুণা ৰফিক
ৰুণা ৰফিক
ডঃ শিবানী শৰ্মা / গুৱাহাটী
 
উচ্চ শিক্ষিত মুছলমান মহিলা ৰুণা ৰফিকে কিছু বছৰ আগতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনৰ এটি আৰামদায়ক চাকৰি ত্যাগ কৰি  উদ্যোগ জগতলৈ ঢাপলি মেলিছিল। দুই সন্তানৰ মাতৃ ৰুণাৰ বাবে উদ্যোগ জগতখন প্ৰত্যাহ্বানেৰে ভৰি আছিল। কিন্তু ৰুণাৰ আত্মবিশ্বাস আৰু দৃঢ়তাই তেখেতক কেতিয়াও পিছ হুহুকীবলৈ বাধ্য কৰোৱা নাছিল।
 
২০১৯ চনৰ জানুৱাৰী মাহত ৰুণাই  তেওঁৰ ভাতৃ নজুম ৰহমান হাজৰিকাৰ সৈতে অংশীদাৰীত্বত 'ব্লু প্লেনেট এমালগামেটেড' নামৰ এটা প্ৰতিষ্ঠানৰ আৰম্ভ কৰিছিল।তেওঁ কামৰূপ গ্ৰাম্যৰ আথিয়াবোই
গাঁৱত 'শৰাইঘাট ফাৰ্ম' নামে এখন কুকুৰা পাম  স্থাপন কৰিছিল।
 
শৰাইঘাট ফাৰ্মত কুকুৰা; (সোঁফালে) ৰুনা কেইজনমান দৰ্শনাৰ্থীৰ সৈতে তেওঁৰ পাম
 
ডিব্ৰুগড়ৰ এক মধ্যবিত্ত উদাৰ মুছলমান পৰিয়ালত ৰুণাই জন্ম গ্ৰহণ কৰিছিল। পৰম্পৰাগত নিয়মক অস্বীকাৰ কৰি উচ্চ বৰ্ণৰ হিন্দু পৰিয়ালত ৰুণাৰ বিবাহে এক সুন্দৰ আন্তঃধৰ্মীয় বিবাহৰ উদাহৰণ দাঙি ধৰিছে। তেওঁৰ স্বামী ৰাহুল মহন্ত অসমৰ কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ সহযোগী অধ্যাপক।
"যদি মোৰ স্বামীৰ সমৰ্থন নহ'লহেঁতেন, তেন্তে মই ইমান দূৰ আগবাঢ়ি আহিব নোৱাৰিলোহেঁতেন। এগৰাকী মহিলা উদ্যোগীৰ বাবে পৰিয়ালৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ," ৰুণাই কয়
ৰুণাৰ সৃষ্টিশীলতা আৰু ব্যৱসায়িক দক্ষতা দেশৰ বহুতো সফল উদ্যোগী মহিলাৰ সৈতে তুলনা কৰিব পাৰি, যিয়ে দেশৰ উদ্যোগী দৃশ্যপট সলনি কৰিছে।
 
ৰুনাই কয়, "উদ্যোগৰ সৌন্দৰ্য হৈছে স্বাধীনতা। স্বাধীনতা যিয়ে আপোনাক সম্ভাৱনাবোৰ চাবলৈ অনুমতি দিয়ে।"
 
শৰাইঘাট পাম হাঁহ
 
২০২০ চনত ৰুণাই তেওঁৰ ব্যৱসায়ত বৈচিত্ৰতা আনিছিল আৰু পশুপালনৰ দিশে আগবাঢ়িছিল। তেওঁ টিকাকৰণ, ঔষধ, খাদ্যৰ বৈজ্ঞানিক পদ্ধতি অনুসৰণ কৰিছিল আৰু নিজকে কাৰিকৰী দক্ষতাৰে সজ্জিত কৰিছিল। ৰুণাৰ ব্যৱসায়িক ধাৰণাবোৰ স্বকীয়। 'শৰাইঘাট ফাৰ্ম'য়ে এতিয়া সতেজ মাংস ৰখাৰ লগতে এণ্টিবায়টিক মুক্ত কুকুৰা মাংসৰ প্ৰস্তুত কৰাৰ দৰে অভিনৱ ব্যৱস্থাৰ আৰম্ভ কৰিছে। তেওঁ অসমৰ এক থলুৱা প্ৰজাতি পাতি হাঁহ আৰু স্থানীয় কুকুৰা ব্ৰেণ্ড যোগান ধৰাৰ পৰিকল্পনা কৰিছে।
ৰুণাই ধোৱাচাং' নামৰ এটা পোৰা মাংসৰ ব্ৰেণ্ডৰ যোগান ধৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ধোৱাচাং'য়ে উত্তৰ-পূবৰ পৰম্পৰাগত সোৱাদযুক্ত পোৰা হাঁহ, মাছ আৰু মুৰ্গীৰ মাংস যোগান ধৰিব। যি উত্তৰ-পূবৰ সোৱাদ সংৰক্ষণ কৰাৰ এক প্ৰচেষ্টা।
ৰুণাই চহৰবাসী আৰু চহৰৰ বাহিৰৰ পৰা অহা লোকসকলৰ বাবে উত্তৰ-পূবৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ লোৱাৰ এক  পদক্ষেপ গ্ৰহণ কৰিছে। ধোৱাচাঙৰ অন্য এক বৈশিষ্ট্য হ'ল এণ্টিবায়টিক মুক্ত কুকুৰাৰ মাংস যোগান ধৰা।
 
এণ্টিবায়টিক মুক্ত কুকুৰাৰ অভিনৱ ধাৰণাটোৰ সন্দৰ্ভত ৰুণাই কয়, "মই মুৰ্গীৰ মাংসত এণ্টিবডীৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰিছিলো। কুকুৰা পালনত  ব্যৱহাৰ হোৱা প্ৰতিৰোধী বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা এই বেক্টেৰিয়া মুখ্য চিন্তাৰ কাৰণ। এই বেক্টেৰিয়া খোৱা লোকসকলো সংক্ৰমিত হব পাৰে। এইটো জনাৰ পিছত মই মোৰ ল'ৰা-ছোৱালীক এনে মাংস খাবলৈ দিব নোৱাৰিলোঁ। কেৱল মোৰ সন্তানেই নহয়, কোনেও এণ্টিবায়টিক যূক্ত কুকুৰাৰ মাংস খাব নালাগে। কিন্তু এণ্টিবায়টিক মুক্ত কুকুৰাৰ মাংস উপলব্ধ কৰাৰ বাবে কোনোবাই এক প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। এই চিন্তাই মোক  মুক্ত কুকুৰাৰ মাংস  উৎপাদন আৰু যোগান আৰম্ভ কৰিবলৈ উদগনি যোগাইছিল।"
 
ৰুনা তেওঁৰ নৱগঠিত গোটৰ মহিলা পশুধন পালকৰ সৈতে
 
ৰুণাই পিছপৰা তথা গ্রাম্যাঞ্চলত কুকুৰা পালনৰ জৰিয়তে মহিলাসকলক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অসমৰ গ্রাম্যাঞ্চলত বহু মহিলাই পৰম্পৰাগতভাৱে  কুকুৰা আৰু হাঁহ পালন কৰি আহিছে। এই পুৰণি প্ৰথাটোক বহনক্ষম জীৱিকাৰ মাধ্যমলৈ ৰূপান্তৰ কৰা আৰু শক্তিশালী কৰাৰ বাবে মহিলা সকলক এখোজ আগুৱাই লৈ যোৱা হল। বৰ্তমান ৰুণাই ১০০ গৰাকী মহিলা কৃষকক এণ্টিবায়টিক মুক্ত কুকুৰা
উৎপাদন কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰি আছে।
ৰুণাই কয়, "এগৰাকী মহিলাৰ লগতে এগৰাকী মুছলমান মহিলা হিচাপেও মোৰ পৰিচয় এটা আছে। মই সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ মই নাৰী হোৱাৰ বাবে বা মোৰ মুছলমান পৰিচয়ৰ বাবে অহা নাছিল। মই প্ৰতিজন উদ্যোগীৰ দৰে একে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলো।"
ৰুণাই কয় যে তেওঁ এজন আৰম্ভণি উদ্যোগী হিচাপে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁ কেতিয়াও তেওঁৰ লিংগ বা ধৰ্মৰ বাবে কোনো বাধাৰ সন্মুখীন হোৱা নাছিল আৰু তেওঁ ইয়াক অসমীয়া সমাজৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ বাবে সম্ভৱ হোৱা বুলি ভাবে।  
 
ৰুণাই সন্মুখীন হোৱা কেইটামান সমস্যা হল ক্ৰমে-
 
• বজাৰৰ  প্ৰস্তুত কৰা
• ব্যৱসায় চলোৱা
• উচ্চ মানৰ পশু চিকিৎসাৰ অভাৱ
ৰুণাই অনুভৱ কৰে যে যদিহে সঠিক পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিব পৰা যায় তেন্তে উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমত পশুপালনৰ এক বৃহৎ সম্ভৱনা আছে। তেওঁৰ কয় যে চৰকাৰে এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন।
ৰুণাই বিশ্বাস কৰে যে অসম্ভৱ বুলি কোনো কথা জীৱনত নাথাকে, যদি মনত কিবা এটা কৰাৰ হেঁপাহ থাকে, তেন্তে সেয়া বাস্তৱত ৰূপায়িত কৰিবলৈ অসুবিধা নাথাকে। এই ধাৰণাটোৰ সৈতে তেওঁ এককভাৱে যাত্ৰা অব্যাহত ৰাখিছে। ৰুণাই গ্ৰাম্য মহিলাসকলক শক্তিশালী কৰিব বিচাৰে আৰু যুৱসকলক এক শক্তিশালী কৃষি আৰু পশুধন সংস্কৃতি বিকাশ কৰিবলৈ অনুপ্ৰাণিত কৰিব বিচাৰে। তেওঁৰ ব্যৱসায়ৰ জৰিয়তে উত্তৰ-পূবৰ ঐতিহ্যৰ সোৱাদবোৰ সংৰক্ষণ কৰিবলৈও চেষ্টা কৰি আছে। ৰুণা এগৰাকী উৎসাহী, সমৰ্পিত, অভিনৱ আৰু অনুপ্ৰেৰিত উদ্যোগী যি বহুতৰ বাবে এক অনুপ্ৰেৰণা বুলি কব পাৰি।