মুছৰাত জাহানৰ ব্যতিক্ৰমী উপহাৰৰ বিপণি

Story by  atv | Posted by  Munni Begum • 1 Years ago
মুছৰাত জাহান
মুছৰাত জাহান
মহম্মদ আক্ৰাম / নতুন দিল্লী
 
"যেতিয়া মই বিদেশলৈ গৈছিলো তেতিয়া তাত অতি ধুনীয়া ধুনীয়া বস্তু দেখা পাইছিলো। মই ভাবিছিলো যে আমাৰ ঘৰবোৰত ইছলামিক আভাস থকা বস্তুৰে কিয় সজাব নোৱাৰো। আমি দেখিছিলো যে মুছলমানলোকৰ বাহিৰে অন্য ধৰ্মৰ লোকসকলে বিশ্বাস কৰা কিছুমান বস্তু তেওঁলোকৰ ঘৰত দেখা যায়। কিন্তু আমি মুছলমানলোকসকলৰ ক্ষেত্ৰত এইয়া খুব কমকৈ দেখিবলৈ পাওঁ। সেয়েহে মুছলমানলোক সকলৰ মাজত এই ধাৰা প্ৰচলন কৰাৰ উদ্দেশ্যে মই ইছলামিক পৰিচয় থকা বস্তুবোৰ এক নতুন ধৰণে বজাৰলৈ লৈ আহিছো। যিবোৰ নিকাহ নামাৰ যুৱক যুৱতীসকলৰ এক বিশেষ আকৰ্ষনৰ কেন্দ্ৰ হৈ পৰিছে"- বুলি দিল্লীৰ শ্বাহিন বাগৰ বাসিন্দা মুছৰাত জাহানে কয়।    
 
মুছৰাত জাহানে দ্ৰুত পৰিৱৰ্তনশীল পৰিস্থিতিত মানুহৰ ঘৰলৈ ইছলামিক পৰিচয়ৰ সুন্দৰ সামগ্ৰীবোৰ বিতৰণ কৰিবলৈ এখন বিপণিৰ ব্যৱস্থা কৰাৰ লগতে সময়ে সময়ে তেওঁ মানুহৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে।   
শ্বাহিন বাগৰ অতি ঠেক পথত  মুছৰাতে 'দীন ডেকাৰ ইণ্টাৰনেচনেল লাইফষ্টাইল আৰ্ট ষ্টুডিঅ' নামৰ এখন বিপণিৰ ব্যৱস্থা কৰিছে। য'ত ইছলামিক পৰিচয় থকা সামগ্ৰীৰে মহিলাসকলে নিজৰ ঘৰটো সজোৱা আৰু ইজনে সিজনক উপহাৰ দিব পৰা যথেষ্ট সামগ্ৰী উপলব্ধ। 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা কথোপকথনত  আৰ্ট ষ্টুডিঅ'টোৰ স্বত্বাধিকাৰী মুছৰাত জাহানে কয়, "মই এই বিপণিৰ বাবে, কেইবা সপ্তাহৰ পৰা চিন্তা চৰ্চা কৰি আছিলো। পিছত মই ভাবিলো যে কেনেকৈ ইছলামিক বস্তুবোৰ মানুহৰ মাজলৈ লৈ যাব পাৰো তথা কেনেকৈ বজাৰলৈ আনিব পাৰো।
 
নিকাহ নামাৰ প্ৰতিনিধিত্বমুলক ছবি
 
ইয়াৰ পিছত, মই মোৰ স্বামীৰ সৈতে এই বিষয় সন্দৰ্ভত আলোচনা কৰিছিলো। তেতিয়া তেওঁ বহুত আনন্দিত হৈছিল আৰু আজি মই ওখলাৰ শ্বাহিন বাগত মোৰ বিপণিখন খুলিছো। য'ৰ পৰা সৰহ সংখ্যক লোকে হাতেৰে তৈয়াৰ কৰা বস্তু ক্ৰয় কৰি নিজৰ নিজৰ ঘৰবোৰ সজায় আহিছে। যাৰ ফলত তেওঁলোকৰ ঘৰৰ সৌন্দৰ্য বৃদ্ধি পাইছে।  
মুছৰাতে লগতে কয় যে আমি ইয়াক লকডাউনৰ সময়ত ডিজাইন কৰিছিলো, লকডাউন শিথিল হোৱাৰ লগে লগে আমি ইয়াৰ উৎপাদন বৃদ্ধি আৰম্ভ কৰিছিলোঁ। তেওঁ কয়, "দিল্লীৰ সমীপতে উত্তৰ প্ৰদেশত মোৰ স্বামীৰ এটা কোম্পানী আছে য'ৰ পৰা মই যথেষ্টখিনি সহায় লাভ কৰিছো। ঈদত আমি প্ৰথমবাৰৰ বাবে উপহাৰৰ হেম্পাৰ প্ৰস্তুত কৰিছিলো, যিবোৰ আমি গ্ৰাহকৰ হাতত তুলি দিবলৈ সক্ষম হৈছো।   
এই কামটো কৰাৰ আগতে আমি সংকিত আছিলো যে, ইয়াক কেনেকৈ কৰিম বা কেনেকৈ সম্ভৱ হ'ব, কিমান টকাৰ প্ৰয়োজন হব, মানুহ আকৰ্ষিত হ'ব নে নহয়। কিন্তু মনতে বিশ্বাস আছিল যে আমি আৰম্ভ কৰিছো, যেতিয়া আল্লাই আমাক সহায় কৰিব। আমি বিপণিখন খোলাৰ দিনৰ পৰাই, দূৰৱৰ্তী অঞ্চলৰ পৰাও গ্ৰাহক আমাৰ বিপণিলৈ আহিবলৈ আৰম্ভ কৰিছে। সামগ্ৰী ক্ৰয় কৰিবলৈ, নিকটৱৰ্তী এলেকা তথা দূৰৈৰ যেনে পাটপাৰগঞ্জ, নয়ডা, গাজিয়াবাদ আদিৰ যুৱক-যুৱতীসকলৰো সমাগম ঘটিছে। 
 
মুছৰাত জাহানৰ 'দীন ডেকাৰ ইণ্টাৰনেচনেল লাইফষ্টাইল আৰ্ট ষ্টুডিঅ' নামৰ এখন বিপণিৰ ভিতৰৰ অংশ
 
মুছৰাতে কয় যে আজিৰ সমাজে এনে কামক সমৰ্থন কৰি আছে। কিয়নো এইটো অনুমান কৰিব পাৰি দোকানলৈ  অধিকাংশ গ্ৰাহক পুৰুষ। আমাৰ কাম দেখি তেওঁলোক সুখী আৰু কয় যে যি বস্তু আমাৰ ইয়াত নাছিল সেইয়া আপুনি সম্পূৰ্ণ কৰিছে।
তেওঁ লগতে কয় যে অনাগত সময়ত আমি ডাঙৰ চহৰত  বিপণিৰ ব্যৱস্থা কৰি মানুহৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। অতি সোনকালেই আমি এক  কুপনৰ ব্যৱস্থাও কৰিম যাৰ্দ্বাৰা আমি বহুলোকক বিনামূলীয়াকৈ সামগ্ৰী যোগান ধৰিম।
আজিকালি মানুহে অধিক নিকাহনামা ক্ৰয় কৰা দেখা গৈছে। য'ত বহু সংখ্যক যুৱক-যুৱতী যুৱতী কম বয়সীয়া। নিকাহনামাৰ বিশেষত্ব সম্পৰ্কে মুছৰাতে কয় যে আগৰ সময়ত মৌলানা চাহিবে ছোৱালীজনীক কিতাপ এখনৰ ৰূপত নিকাহনামা উপহাৰ দিছিল আৰু ছোৱালীজনীয়ে একো নপঢ়াকৈ সন্মতি প্ৰকাশ কৰিছিল।
 
মুছৰাত জাহানৰ উপহাৰ 
 
তাৰ পিছতো ছোৱালীজনীৰ নিকাহনামাৰ সন্দৰ্ভত কোনো ধৰনৰ জ্ঞান নাথাকে। আমি সেই বস্তুটো নিকাহনামাৰ ৰূপত উপস্থাপন কৰিছো। য'ত আমি তেওঁলোকক ইছলামী শ্লোক, মহিলাৰ অধিকাৰ আৰু ইছলামে নিকাহৰ বিষয়ে কোৱা কথাবোৰত স্থান দিছো। যিটো গৃহ সজ্জাৰ সামগ্ৰীৰ দৰে হৈ পৰিছে। যাতে যিকোনো মহিলাই গৌৰৱেৰে তেওঁৰ ঘৰৰ ভিতৰত ৰাখিব পাৰে আৰু অহা যোৱা কৰা লোকসকলেও চাব পাৰে।