নেতিবাচক চিন্তাৰ পৰা মুক্ত কৰি অজস্ৰজনক সফলতাৰ বাট দেখুওৱা নাহিদ খান হোছেইন

Story by  atv | Posted by  Munni Begum • 1 Years ago
নাহিদ খান হোছেইন
নাহিদ খান হোছেইন
দৌলত ৰহমান / গুৱাহাটী
 
নেপ’লিয়ন হিলে এবাৰ কৈছিল, "মনে যিমানলৈকে ধাৰণা কৰিব পাৰে আৰু বিশ্বাস কৰিব পাৰে, সেইখিনিয়েই মানুহে অৰ্জন কৰিব পাৰে।" একেদৰে ভগৱান বুদ্ধই কৈছিল: "মনটোৱেই সকলো। আপুনি যি ভাবে, সেয়াই সম্ভৱ হৈ উঠে।"  এইধৰণৰ উক্তিবোৰে আমাৰ মন-মগজুক বছৰ বছৰ ধৰি আলোকিত আৰু অনুপ্ৰাণিত কৰি আহিছে। 
 
কিন্তু, বৰ্তমান এনে এক বিজ্ঞান আছে, যিয়ে প্ৰকৃততে আমাৰ জীৱনলৈ ইতিবাচক চিন্তা আৰু সফলতা কেনেদৰে আনিব পাৰে, তাৰ পথ প্ৰদৰ্শন কৰে। অসমৰ নাহিদ খান হোছেইনে এনে বিজ্ঞান ব্যৱহাৰ কৰি ভাৰত আৰু বিদেশৰ অজস্ৰ লোকক অনুপ্ৰাণিত কৰি আহিছে আৰু অনেকৰ জীৱনত সফলতাৰ বাট মোকলাইছে।
নাহিদ নিউৰ’লিংগুইষ্টিক প্ৰগ্ৰেম(এন এল পি)ৰ মাষ্টাৰ প্ৰেকটিচনাৰ। ডুবাইত অৱস্থিত ট্ৰেন্সফৰ্মেচনেল লাৰ্নিং এণ্ড ডেভেলপমেণ্ট কনচালটেন্সী ফাৰ্ম ফিউচাৰউইটছৰ তেওঁ চিইঅ’ আৰু সহ-প্ৰতিষ্ঠাপক। নাহিদে আৱাজ-দ্য ভইচ'ৰ আগত কয় যে এন এল পি(NLP) হৈছে চিন্তাধাৰাৰ উৎকৃষ্টতাৰ অধ্যয়ন যিয়ে মানুহক মনৰ চিন্তাধাৰা সলনি কৰাত সহায় কৰিব পৰাকৈ এক সঁজুলি আৰু কৌশল প্ৰদান কৰিব পাৰে। 
“যিবোৰ চিন্তাই মানুহৰ মনত সীমাবদ্ধতাৰ সৃষ্টি কৰে, ভয়ৰ সৃষ্টি কৰে, সংঘাতৰ সৃষ্টি কৰে আৰু মানুহক পুৰণি অসম্পূৰ্ণ অৱস্থাত আবদ্ধ কৰি ৰাখে, সেইবোৰ চিন্তা দূৰ কৰি এন এল পি-এ এক নতুন চিন্তাৰ উন্মেষ ঘটায়। এন এল পিৰ জৰিয়তে আমি মানৱ মনক অধিক নমনীয় হ’বলৈ, পৰিৱৰ্তনৰ সৈতে খাপ খুৱাবলৈ, জীৱনৰ প্ৰতি আশাবাদী মানসিকতা গঢ়ি তুলিবলৈ আৰু জীৱনত উত্তম হ’বলৈ তেওঁলোকৰ চিন্তা-ধাৰাক নতুন ৰূপ দিবলৈ চেষ্টা কৰোঁ,” নাহিদে কয়।
 
ষ্টাৰ অৱ নৰ্থইষ্টে সম্বৰ্ধনা জনায় নাহিদ খান হোছেইনক
 
এন এল পি প্ৰশিক্ষণ হৈছে মগজুৰ চিকিৎসাৰ সৈতে জড়িত এক বিজ্ঞান আৰু ই নেতিবাচক চিন্তা দূৰ কৰাত, মানসিক চাপ হ্ৰাস কৰাত আৰু আমাৰ সমস্যা সমাধানৰ দক্ষতা বৃদ্ধি কৰাত সহায় কৰে। আমাৰ শৰীৰৰ সিদ্ধান্ত গ্ৰহণকাৰী মগজুৱে প্ৰতিটো পৰিস্থিতিৰ প্ৰতি প্ৰতিক্ৰিয়া, অনুভৱ বা আৱেগ প্ৰকাশ কৰে আৰু সেই অনুসৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ই আমাৰ চিন্তা আৰু বিশ্বাসবোৰক স্বচ্ছ কৰি আমাৰ জীৱনৰ সৃষ্টিশীলতা বৃদ্ধি কৰাত সহায় কৰে। আৰু তাৰ বাবে নাহিদৰ দৰে এন এল পি প্ৰশিক্ষকৰ প্ৰয়োজন আছে। এই ধৰণৰ প্ৰশিক্ষণে অৱচেতন মনটোৰ প্ৰতি আমাৰ সজাগতা বৃদ্ধি কৰে। ই আমাৰ ইতিবাচক চিন্তাৰ শক্তিক জাগ্ৰত কৰে আৰু কৰ্মৰ ওপৰত নিয়ন্ত্ৰণ লাভত সহায় কৰে।
নাহিদৰ মতে, এন এল পিয়ে মানুহক নিৰপেক্ষ আৰু সহানুভূতিশীল কৰি তুলে। এনে প্ৰশিক্ষণে এগৰাকী ব্যক্তিক তেওঁৰ বিশ্বাসৰ বিষয়ে সচেতন হোৱাত সহায় কৰে আৰু নিজৰ সক্ষমতা, সফলতা, সম্পৰ্ক বা ব্যক্তিত্বৰ বিষয়ে থকা সীমাবদ্ধতা সলনি কৰে। ইয়াৰ উপৰিও ই উচ্চ মাত্ৰাৰ আত্মসচেতনতা, আৱেগিক বুদ্ধিমত্তা আৰু সমস্যা সমাধানৰ সৃষ্টিশীল দক্ষতা বিকাশ কৰে। সমতা সৃষ্টিৰ বাবে ই এক অতি উপযোগী আহিলা।
অসম ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা নাহিদে ২০০৬ চনত গুৱাহাটীত এছ বি আই লাইফত মেনেজাৰ ট্ৰেইনিং হিচাপে কাম কৰি থকাৰ সময়তে এন এল পিৰ সঁজুলি আৰু কৌশলৰ সৈতে কাম আৰম্ভ কৰিছিল। 
 
নাহিদ খান হোছেইন তেওঁৰ পৰিয়ালৰ সৈতে
 
‘এন এল পিৰ জৰিয়তে যি জ্ঞান লাভ কৰিছিলো, সেই জ্ঞান ব্যৱহাৰ কৰি মই উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় ষ্টেট বেংকৰ কাম-কাজৰ ক্ষেত্ৰত বিভিন্ন পৰিৱৰ্তন সাধন কৰিব পাৰিছিলো। এন এল পিয়ে মানুহক নতুন চিন্তা গঢ় দিয়াত সহায় কৰিছিল, যিয়ে ক্ৰমান্বয়ে মানুহৰ অনুভৱ আৰু কামৰ ধৰণ সলনি কৰি দিয়ে। ই মোৰ ক্লায়েণ্টসকলক তেওঁলোকৰ ব্যৱসায়, যোগাযোগ, নেতৃত্ব আৰু ব্যক্তিগত জীৱনত উৎকৃষ্টতা প্ৰদৰ্শন কৰিবলৈ সহায় কৰিছিল।’-নাহিদে কয়।
 
যুৱক-যুৱতী সকলক নিজৰ কামৰ প্ৰতি প্ৰেৰণা  যোগোৱাৰ উদ্দেশ্যে কৰা এক অনুষ্ঠান
 
এন এল পিৰ সহ-প্ৰতিষ্ঠাপক ড০ ৰিচাৰ্ড বেণ্ডলাৰৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰা মাষ্টাৰ প্ৰেকটিচনাৰ নাহিদে কেইবছৰমান আগতে ডুবাইত স্থাপিত ফিউচাৰউইটছ(Futurwits)নামৰ এটা ৰূপান্তৰমূলক শিক্ষণ আৰু বিকাশ পৰামৰ্শদাতা প্ৰতিষ্ঠান স্থাপন কৰিছিল।
“ফিউটাৰউইটছত আমি সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ব্যৱসায় আৰু বিভিন্ন নেতাৰ সৈতে কাম কৰো আৰু তেওঁলোকৰ চিন্তাধাৰা সলনি কৰি অধিক উদ্ভাৱনীমূলক হোৱাত সহায় কৰো। আমাৰ সমাধানসমূহে প্ৰতিষ্ঠানসমূহক এক দূৰদৰ্শী মানসিকতা গঢ়ি তোলাত সহায় কৰে। আমি প্ৰতিষ্ঠানসমূহত মানৱ বুদ্ধিমত্তা ক্ষমতা(HIC)ক ব্যৱহাৰ কৰি ইয়াক মানুহৰ কৰ্মক্ষমতালৈ ৰূপান্তৰিত কৰোঁ। ই এটা মডেলৰ ওপৰত নিৰ্ভৰ কৰে আৰু যিয়ে মানুহক ফ’ৰ ডাইমেনছনত বিকশিত কৰে,” নাহিদে ব্যাখ্যা কৰে।
গুৱাহাটীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা নাহিদে গুৱাহাটী চহৰতে শিক্ষা সমাপ্ত কৰিছে। গুৱাহাটীত কেৰিয়াৰ আৰম্ভ কৰি তেওঁ আই ডি বি আই, এছ বি আই, ফিউচাৰ গ্ৰুপৰ দৰে প্ৰতিষ্ঠানত কাম কৰিছিল। তেওঁ তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ই-প্ৰশাসন প্ৰকল্প (NeGP)ৰ পৰামৰ্শদাতাও আছিল। ৰাজ্যৰ আই এ এছ, আই চি এছ বিষয়াসকলৰ দক্ষতা বৃদ্ধিৰ বাবে নাহিদক দিছপুৰস্থিত অসম সচিবালয়তো নিযুক্তি দিয়া হৈছিল।
 
নহিদে এন এল পি চেচ'ন কৰি থকা মুহূৰ্ত
 
উল্লেখ্য যে, নাহিদৰ কৰ্মৰাজি ইতিমধ্যে বিশ্বৰ ৬খন দেশলৈ সম্প্ৰসাৰিত হৈছে। “মানৱ মনৰ অসীম সম্ভাৱনাক লৈ সজাগতা সৃষ্টিৰ কাম অব্যাহত ৰাখিম আৰু মোৰ কামৰ জৰিয়তে যিমান পাৰো মানুহক সহায় কৰি যাম। আমাৰ সেৱা এতিয়া ছয়খন দেশত উপলব্ধ, আৰু আমি বিশ্বৰ অধিক লোকৰ মন আৰু মানসিকতাক নতুন দিশ দিবলৈ কাম কৰি যাম।’-নাহিদে কয়।