উগ্ৰপন্থী, অপৰাধী, চোৰাং চিকাৰীৰ সৈতে সাহসেৰে মোকাবিলা কৰা নাহিদ কৰিশ্মা

Story by  atv | Posted by  Munni Begum • 2 Years ago
নাহিদ কৰিশ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰা বঁটা গ্ৰাহন কৰাৰ এক মুহুৰ্ত (বাওঁফালে) আৰু নাহিদ কৰিশ্মা (সোঁফালে)
নাহিদ কৰিশ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰা বঁটা গ্ৰাহন কৰাৰ এক মুহুৰ্ত (বাওঁফালে) আৰু নাহিদ কৰিশ্মা (সোঁফালে)
দৌলত ৰহমান/গুৱাহাটী
 
বিদ্ৰোহী বিৰোধী অভিযানৰ সময়ত উগ্ৰপন্থীৰ সৈতে গুলীয়াগুলীৰ পৰা আৰম্ভ কৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা, দূধৰ্ষ অপৰাধী আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া, অপহৰণৰ চেষ্টা বিফল কৰা আদিলৈকে, সকলো দিশত পাৰদৰ্শিতা দাঙি ধৰিছে অসম আৰক্ষীৰ এগৰাকী উদীয়মান মহিলা বিষয়া নাহিদ কৰিশ্মাই। তেওঁৰ বাবে এগৰাকী আৰক্ষীৰ কাম কেৱল এটা আৰামদায়ক কাৰ্যালয়ৰ কোঠাত বহি আনক আদেশ দিয়া নহয়। 
 
কটন বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত ক্ৰমে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা নাহিদ কৰিশ্মাৰ ২০১৬ চনৰ পূৰ্বে আৰক্ষীৰ চাকৰি সন্দৰ্ভত বিশেষ কোনো ধাৰণা নাছিল। কিন্তু অসম লোকসেৱা আয়োগে ২০১৬ত ঘোষণা কৰা ২০১৪বৰ্ষৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেচন(Combined Competitive Examination)ৰ ফলাফলে তেওঁৰ গতিপথ সলনি কৰি দিয়ে। এই পৰীক্ষাত নাহিদ কৰিশ্মা অসম আৰক্ষী সেৱা(এ পি এছ)ৰ বাবে নিৰ্বাচিত হয়। তাৰ পিছত তেওঁ জীৱনৰ সবাতোকৈ কঠিন সিদ্ধান্ত গ্ৰহণ কৰি অসম আৰক্ষীত যোগ দিয়ে। 
‘আৱাজ-দ্যা ভইছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নাহিদ কৰিশ্মাই কয়, ‘আৰক্ষী বিভাগত কাম কৰাৰ বিষয়ে মোৰ কোনো পূৰ্ব ধাৰণা নাছিল আৰু ভাবিছিলো যে আৰক্ষী বিভাগ এক পুৰুষ প্ৰধান পেছা। কিন্তু আজি পাঁচ বছৰ অসম আৰক্ষীৰ সেৱাত থকাৰ পিছত মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে খাকী পোছাক পিন্ধাটো পুৰুষ-মহিলা নিৰ্বিশেষে সকলোৰে বাবে এটা কঠিন কাম। যিসকল ব্যক্তি কঠোৰ পৰিশ্ৰমী আৰু নিয়মানুৱৰ্তী হয়, তেনেকুৱা ব্যক্তিহে আৰক্ষী বিভাগৰ বাবে সম্পদ হ'ব পাৰে। 
উল্লেখ্য যে, পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ উপ-আৰক্ষী অধীক্ষক(ডি এছ পি) হিচাপে নাহিদ কৰিশ্মাই কেইবাটাও বিদ্ৰোহী বিৰোধী অভিযানত অংশ লৈছে। পি ডি চি কে(পিপলছ ডেম’ক্ৰেটিক কাউন্সিল ফৰ কাৰ্বি লংৰী), ডি এন এল এ(ডিমাছা নেছনেল লিবাৰেচন আৰ্মী), ইউ পি আৰ এফ(ইউনাইটেড পিপলছ ৰিভলিউচনৰী ফৰ্চ) আদিৰ দৰে উগ্ৰপন্থী গোটৰ বিৰুদ্ধে তেওঁ সাহসেৰে অভিযানত নামিছে।
 
নাহিদ কৰিশ্মাই দুৰ্গম এলেকাত চোলোৱা এক অভিযান
 
২০২০ত পি ডি চি কেৰ বিৰুদ্ধে চলোৱা সফল অভিযানত নাহিদ আছিল অসম আৰক্ষীৰ অন্যতম সদস্য। এই অভিযানৰ পৰা আৰক্ষীয়ে ৩টা ৭.৬৫ এমএম পিষ্টল, ৭.৬৫ এমএমৰ ১০ ৰাউণ্ড গুলী-বাৰুদ, এটা  পইণ্ট ২২ পিষ্টল আৰু ১০ ৰাউণ্ড গুলী উদ্ধাৰ কৰিছিল। 
আন এক সফল অভিযানত নাহিদ আৰু আন আৰক্ষী বিষয়াৰ দল এটাই ডিফু ৰেলৱে ষ্টেচনত ডি এন এল এৰ এগৰাকী লিংকমেনৰ পৰা এটা গ্ৰেনেড উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লিংকমেনজনে গ্ৰেনেডটো দলিয়াবলৈ লওতেই আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰি বহু লোকৰ প্ৰাণ ৰক্ষা কৰে। 
নাহিদ ইউ পি আৰ এফ (ইউনাইটেড পিপলছ ৰিভলিউচনৰী ফ'ৰ্চ)ৰ বিৰুদ্ধে বিদ্ৰোহী বিৰোধী অভিযানৰো অংশ আছিল। এই অভিযানত উগ্ৰপন্থী সংগঠনটোৰ এজন শীৰ্ষ নেতাৰ মৃত্যু হৈছিল আৰু আন কেইবাগৰাকীও জ্যেষ্ঠ কেডাৰ আৰক্ষীৰ জালত পৰিছিল। এই অভিযানত আৰক্ষীয়ে এটা ৭.৬৫ এমএম পিষ্টল, ৭.৬৫ এমএমৰ ৪ ৰাউণ্ড গুলীবাৰুদ, মেগজিনৰ সৈতে এটা পইণ্ট ৩২ পিষ্টল আৰু পইণ্ট ৩২ পিষ্টলৰ ২টা সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
 
 আৰক্ষীৰ এক অভিযানৰ পিছত
 
ডোকমোকা আৰক্ষী চকীৰ গোচৰ নম্বৰ ৫৮/২০২১ৰ সৈতে জড়িত এক ঘটনাত নাহিদ কৰিশ্মাই এক অভিযানৰ নেতৃত্ব দিছিল আৰু এগৰাকী অপহৃত লোকক নিৰাপদে মোকলাই আনে। ঘটনাস্থলীৰ পৰা আৰক্ষীৰ দলটোৱে এটা পইণ্ট ২২ পিষ্টল আৰু কিছু গুলী-বাৰুদ উদ্ধাৰ কৰে। অপহৰণকাৰীৰ সৈতে হোৱা সংঘৰ্ষত এগৰাকী অপহৰণকাৰী নিহত হয়। তেওঁক পিছত প্ৰাক্তন কে পি এল টি কেডাৰ বুলি চিনাক্ত কৰা হয়। 
চলিত বৰ্ষৰ ২২ জানুৱাৰীত নাহিদ অসম আৰক্ষীৰ আন এক সফল অভিযানৰ অংশ আছিল। এই অভিযানত আৰক্ষীয়ে এটা পইণ্ট ২২ ৰাইফল, এটা পইণ্ট ৩০৩ হেণ্ডমেড ৰাইফল, এটা হেণ্ডমেড পিষ্টল, চাৰিটা এইচই ৩৯ হেণ্ড গ্ৰেনেড আদি উদ্ধাৰ কৰিছিল। নাহিদৰ নিৰীক্ষণত যোৱা ২টা বছৰত কাৰ্বি আংলং জিলাৰ ডিফু মহকুমাত মুঠ ১.৮ কেজি হিৰোইন, ১.৬৬ কেজি ব্ৰাউন ছুগাৰ, ৯০০০ৰো অধিক য়াবা টেবলেট, ৩৩৬৩ ছেম্পেক্স টেবলেট, ২৪৮৬ কেজি প’পী ষ্ট্ৰ’ আৰু অন্যান্য চাইক’ট্ৰফিক দ্ৰব্য উদ্ধাৰ হৈছে।
প্ৰশংসনীয় কামৰ বাবে নাহিদ কৰিশ্মাই আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা ২০২১ৰ ফেব্ৰুৱাৰীত ডিজিপিৰ প্ৰশংসাসূচক ৰূপৰ পদক লাভ কৰে। তেওঁ পাঁচবাৰ ডিজিপিৰ প্ৰশংসা-পত্ৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। অসম আৰক্ষীৰ কেইবাটাও সফল অভিযানত অংশ লৈ সাহস আৰু দক্ষতাৰ পৰিচয় দিয়া মহিলা আৰক্ষী বিষয়াগৰাকীয়ে  ডিআইজি(চিআৰ), ডিফু আৰু এছপি, কাৰ্বি আংলঙৰ পৰা ১১বাৰ প্ৰশংসা-পত্ৰ লাভ কৰিছে। 
 
অসম আৰক্ষীৰ প্ৰশংসা-পত্ৰ অৰ্জন নাহিদ কৰিশ্মাৰ
 
নাহিদ কৰিশ্মা ২০২০ চনত গঁড়ৰ চোৰাং চিকাৰ বিৰোধী অভিযানৰ এটা দলৰ অংশ আছিল আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগোৰাতলি ৰেঞ্জত গঁড় হত্যাৰ সৈতে জড়িত পাঁচজন চোৰাং চিকাৰীক আটক কৰিছিল। এই অভিযানত দুটা একে-৫৬ ৰাইফল, এটা একে ৮১, এটা ডিবিবিএল বন্দুক, এটা গ্ৰেনেডৰ লগতে ৪৮০ টা বিভিন্ন গোলাবাৰুদ আৰু কেইটামান শিবিৰৰ সামগ্ৰী উদ্ধাৰ কৰা হয়।
 
কাৰ্বি আংলং জিলাৰ ঘন জংঘলৰ মাজত আৰক্ষীৰ এটা দলৰ সৈতে নাহিদ কৰিশ্মা
 
২০২১ চনত কাৰ্বি আংলং জিলাৰ বকলিয়া আৰক্ষী থানাৰ অধীনত সন্দেহযুক্ত চোৰাং চিকাৰীক আটক কৰা অসম আৰক্ষীৰ অভিযানতো নাহিদ কৰিশ্মাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই অভিযানত দুটা এ.কে চিৰিজ ৰাইফল, ১৫ ৰাউণ্ড সজীৱ গুলীবাৰুদ উদ্ধাৰ হৈছিল। 
অসম আৰক্ষীৰ এইগৰাকী সুদক্ষ মহিলা বিষয়াই শেহতীয়াকৈ এক তথ্যৰ পম খেদি ডকমোকা আৰক্ষী থানা অঞ্চলৰ পৰা এটা সন্দেহজনক গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীৰ পৰা গঁড়ৰ খৰ্গৰ অবৈধ ব্যৱসায়ত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।
৬৬সংখ্যক বন্যপ্ৰাণী সপ্তাহ,২০২০ উপলক্ষে অসম চৰকাৰে নাহিদ কৰিশ্মাক প্ৰশংসাপত্ৰ প্ৰদান কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অনবদ্য অৰিহণা আগবঢ়োৱাৰ বাবে আৰক্ষী বিষয়াগৰাকীক এই প্ৰমাণপত্ৰৰে সন্মানিত কৰে।উজনি অসমৰ ডিব্ৰুগড় জিলাত জন্মগ্ৰহণ কৰা নাহিদ কৰিশ্মাই আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ পৰা সৰুৰে পৰা সদায় অনুপ্ৰেৰণা লাভ কৰিছিল।
 
কাৰ্বি আংলংৰ এক দুৰ্গম এলেকাত আৰক্ষীৰ এটা দলৰ সৈতে নাহিদ কৰিশ্মা
 
নাহিদে কয়, "নিঃসন্দেহে এগৰাকী মহিলা আৰক্ষীৰ কৰ্তব্য পালন কৰাটো অতি কঠিন আৰু প্ৰত্যাহ্বানজনক। কিন্তু সন্মুখলৈ অহা প্ৰত্যাহ্বান আৰু অসুবিধাবোৰ অতিক্ৰম কৰাতো অসম্ভৱ নহয়। জ্যেষ্ঠ বিষয়াসকলৰ নিৰ্দেশনা আৰু সহায় তথা সহকৰ্মীৰ সহযোগিতাৰদ্বাৰা সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰি। গুৰুত্বপূৰ্ণ কথাটো হ'ল নিজৰ ওপৰত বিশ্বাস ৰাখি দৃঢ়তাৰে কাম কাম কৰি যোৱা। মই সৌভাগ্যৱান যে মোৰ পৰিয়ালে মোক যথেষ্ট সহযোগ কৰিছিল। মই আৰক্ষী বিভাগত থকাৰ বাবে মোৰ মা-দেউতা অত্যন্ত সুখী। মই আৰু মোৰ স্বামী দিল্লী বিশ্ববিদ্যালয়ত বন্ধু আছিলোঁ। তেওঁ মোক বহুত সমৰ্থন কৰে আৰু প্ৰত্যাহ্বানপূৰ্ণ জীৱনত তেওঁ মোৰ সাহস আৰু অনুপ্ৰেৰণাৰ উৎস।"