ৰাজ্যৰ আৰক্ষী বিভাগত মাত্ৰ ৭.৫৯ শতাংশহে মহিলা

Story by  atv | Posted by  Munni Begum • 2 Years ago
মহিলা আৰক্ষীৰ প্ৰতিনিধিত্বমুলক ফটো
মহিলা আৰক্ষীৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
ৰাজ্যৰ আৰক্ষী বিভাগত মাত্ৰ ৭.৫৯ শতাংশ বা ৫,৪৩৪ গৰাকীহে  মহিলা আৰক্ষী নিয়োজিত হৈ আছে। লোকসভাত আৰক্ষী বিভাগত মহিলাৰ সংখ্যা বৃদ্ধি কৰা সম্পৰ্কীয় এক প্রশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে আগবঢ়োৱা তথ্যত এই কথা প্ৰকাশ পাইছে। 
 
তামিলনাডুৰ কংগ্ৰেছ সাংসদ বিজয় বসন্তৰ এক প্রশ্নৰ উত্তৰত কেন্দ্রীয় গৃহ ৰাজ্য নিত্যানন্দ ৰায়ে কয়, "দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষী বিভাগত মুঠ ২,১৫,৫০৮ গৰাকী মহিলা আৰক্ষী আছে আৰু এই সংখ্যাটো মুঠ আৰক্ষীৰ ১০.৩ শতাংশ। কিন্তু আৰক্ষী ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয় হোৱা বাবে ৰাজ্য চৰকাৰে আৰক্ষী বিভাগত অধিক মহিলা আৰক্ষী নিযুক্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা প্রয়োজন।" 
তেওঁ লগতে কয়, "আৰক্ষী বিভাগত মহিলা আৰক্ষীৰ সংখ্যা ৩৩ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে ২০১৩, ২০১৪, ২০১৫, ২০১৯ আৰু ২০২১ চনত গৃহ মন্ত্রালয়ে ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিছে। তদুপৰি কনিষ্টবল তথা উপ-পৰিদৰ্শকৰ খালী পদসমূহত মহিলা আৰক্ষী নিযুক্ত কৰিব পৰাকৈ ব্যৱস্থা ল'বলৈও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক পৰামর্শ দিছে।" 
কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কয়, "প্রতিখন আৰক্ষী থানাত অতি কমেও তিনিগৰাকী মহিলা উপ-পৰিদর্শক আৰু দহগৰাকী মহিলা কনিষ্টবল থকাটো নিশ্চিত কৰা ইয়াৰ প্ৰধান উদ্দেশ্য। আৰক্ষী থানাত মহিলা 'হেল্প ডেস্ক' ২৪ ঘণ্টাই যাতে কার্যক্ষম হয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাটো প্রয়োজনীয়।" 
আনহাতে অসমৰ মহিলা আৰক্ষীৰ তথ্য আগবঢ়াই মন্ত্ৰী ৰায়ে  কয় যে ২০২০ চনৰ জানুৱাৰী মাহলৈকে অসমৰ আৰক্ষী বিভাগত মুঠ ৫,৪৩৪ গৰাকী মহিলা আৰক্ষী আছে আৰু এই সংখ্যাটো ৰাজ্যখনৰ মুঠ আৰক্ষীৰ ৭.৫৯ শতাংশ। এইক্ষেত্ৰত দেশৰ ভিতৰত আৰক্ষী বিভাগত সকলোতকৈ বেছি মহিলা আৰক্ষী থকা ৰাজ্য হৈছে বিহাৰ আৰু ৰাজ্যখনত ২৩,২৪৫ গৰাকী মহিলা আৰক্ষী আছে, যিটো ৰাজ্যখনৰ মুঠ আৰক্ষীৰ ২৫.৩ শতাংশ। 
ইফালে, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে আগবঢ়োৱা তথ্য অনুসৰি কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰত সকলোতকৈ কম মহিলা আৰক্ষী আছে আৰু এই সংখ্যাটো হৈছে ২,৬৭৭ ত যিটো কেন্দ্রীয়শাসিত অঞ্চলটোৰ মুঠ আৰক্ষীৰ ৩.৩১ শতাংশ।