আফৰিন পাইলত হোৱাৰ সাফল্যত আত্মহাৰা হৈ পৰা পিতৃ মাতৃয়ে কি কৰিলে?

Story by  atv | Posted by  Munni Begum • 1 Years ago
আফৰিন তেওঁৰ পিতৃ মাতৃৰ সৈতে
আফৰিন তেওঁৰ পিতৃ মাতৃৰ সৈতে
শ্বেখ মহম্মদ ইউনুছ / হায়দৰাবাদ
 
আফৰিন হিৰানীয়ে  যেতিয়া তেওঁৰ বাণিজ্যিক পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰি প্ৰথম বিমানৰ উৰা মাৰিছিল, তেতিয়া তেওঁৰ পিতৃ-মাতৃৰ আনন্দত আত্মহাৰা হৈ পৰিছিল। আফৰিনৰ পৰিয়াল আৰু তেওঁৰ পিতৃ আজিজ হিৰাণীয়ে তেওঁৰ বিপণিত সহকৰ্মীসকলৰ  সৈতে আনন্দ উল্লাস কৰা দেখা যায়। আজিজ হিৰাণীয়ে তেওঁৰ ১৫গৰাকী কৰ্মচাৰীৰ তিৰুমালা, তিৰুপতি দেৱস্থানমলৈ তীৰ্থযাত্ৰাৰ কৰা সকলো খৰচ বহন কৰে।
 
আজিজ হিৰাণীৰ কন্যা পাইলট হোৱাৰ পিছত তেওঁ নিজকে দিয়া এক প্ৰতিশ্ৰুতি আছিল। যে তেওঁ তেওঁৰ কৰ্মচাৰীৰ সৈতে ভগৱান বালালজীৰ দৰ্শনৰ বাবে তিৰুপতিলৈ যাব। ক'ভিড-প্ৰেৰিত লকডাউনৰ বাবে আফৰিনৰ চাকৰি বিলম্বিত হৈছিল। যদিও পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে, আজিজ হিৰাণীয়ে তেওঁৰ বিপণিখন দুদিনৰ বাবে বন্ধ ৰাখে আৰু তেওঁৰ কৰ্মচাৰীৰ সৈতে ভগৱান বালালজীৰ দৰ্শনৰ বাবে তিৰুপতিৰলৈ উৰা মাৰে। কিয়নো তেওঁ এনেদৰেই সৰ্বশক্তিমানক ধন্যবাদ জনাব বিচাৰিছিল।
আজিজ হিৰাণী আৰু তেওঁৰ কৰ্মচাৰীসকল জনজাতীয় সম্প্ৰদায়ৰ আছিল। তেওঁলোকে তীৰ্থযাত্ৰাৰ বাবে হায়দৰাবাদৰ পৰা তিৰুপতিলৈ বিমানেৰে উৰা মাৰিছিল। কৰ্মচাৰীসকলে জীৱনত কেতিয়াও বিমানেৰে যাত্ৰা কৰা নাছিল। তেওঁলোকৰ এইটো প্ৰথম যাত্ৰা আছিল।
আফৰিন হিৰানীয়ে আৱাজ-দ্য ভইচক কয় যে শৈশৱ কালৰ পৰাই মোৰ পাইলট হোৱাৰ সপোন আছিল। মই মোৰ এই লক্ষ্যত উপনীত হবলৈ কঠোৰ পৰিশ্ৰম কৰিছিলো আৰু সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ।  নিজৰ লক্ষ্যত উপনীত হবলৈ আমি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন। যদি নিজৰ লক্ষ্যত উপনীত হবলৈ কোনো ক্ৰুটি নোহোৱাকৈ চেষ্টা কৰে হয় তেন্তে যিকোনো লক্ষ্যত উপনীত হব পাৰি।" 
 
আফৰিন হিৰাণী তেওঁৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ এক মুহূৰ্ত
 
আফৰিন, আদিলাবাদ জিলাৰ ইণ্ডাৰভেলি মণ্ডল স্কুলৰ এগৰাকী প্ৰাক্তন  ছাত্ৰী। আৰফিনৰ পিতৃয়ে তেওঁলোক উন্নত মানৰ শিক্ষা প্ৰদান কৰা যত সম্ভৱ চেষ্টা কৰিছিল। আফৰিনে শেহতীয়াকৈ ব্যক্তিগত বিমান সেৱা ইণ্ডিগোত পাইলট হিচাপে যোগদান কৰিছে।
আজিজ হিৰাণী আদিলাবাদ জিলাৰ ইন্দ্ৰভেলী মণ্ডলৰ এখন বৃহৎ গ্ৰোচাৰী বিপিণিৰ স্বত্বাধিকাৰী। তেওঁ কেতিয়াও কলেজলৈ যোৱা নাছিল কিন্তু নিশ্চিত কৰিছিল যে তেওঁৰ প্ৰতিগৰাকী সন্তানক চহৰৰ সৰ্বশ্ৰেষ্ঠ বিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ সুবিধা কৰি দি উন্নত কেৰিয়াৰ  গঢ়াত সহায় কৰিব। আজিজ হিৰানীয়ে ইন্দ্ৰাভেলি পাব্লিক স্কুল স্থাপন কৰিছিল। যিখন বিদ্যালয়ত দুটা শাখা আছে। আফৰিনৰ মাক নবীনা হিৰাণী এগৰাকী গৃহিণী। আফৰিনৰ সৰু ভাতৃ আলনুৰ হিৰানীয়ে এমবিএ উত্তীৰ্ণ কৰিছে।
আফৰিন হিৰাণীয়ে আদিলাবাদত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ হায়দৰাবাদৰ শ্ৰী চৈতন্য মহাবিদ্যালয়ৰ শীৰ্ষ নম্বৰৰ সৈতে আদিলাবাদ মধ্যৱৰ্তী ছেইণ্ট জোচেফ কনভেন্ট হাই স্কুলৰ পৰা সুখ্যাতিৰে এছ এছ চি উত্তীৰ্ণ হৈছিল। আৰফিনে মাল্লা ৰেড্ডী মহাবিদ্যালয়ৰ পৰা এৰোনটিকেল ইঞ্জিনিয়াৰিংত ডিগ্ৰী লাভ কৰিছিল। পিছত, আফৰিনে অষ্ট্ৰেলিয়ালা লৈ গৈ তাত দুবছৰৰ পাইলট প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। 
 
আজিজ হিৰাণী তেওঁৰ কৰ্মচাৰীৰ সৈতে বিমানবন্দৰত
 
২৮ বছৰীয়া আফৰিনে কয় যে ক'ভিড-১৯ ৰ বাবে, তেওঁ পাইলট হিচাপে চাকৰি পোৱাত পলম হৈছিল। আনহাতে তেওঁ ২০২০ চনত অষ্ট্ৰেলিয়াত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল। ক'ভিড-১৯ আৰু লকডাউনৰ বাবে আফৰিনে তেওঁৰ ঘৰত আৱদ্ধ হৈ থাকিব লগীয়া হৈছিল। তেওঁৰ সফলতাৰ বাবে পিতৃ মাতৃক কৃতিত্ব প্ৰদান কৰিছিল আৰু কয় যে তেওঁলোকৰ উৎসাহ আৰু সমৰ্থনৰ বাবে আজি তেওঁ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
 
আফৰিনৰ দেউতাক আজিজ হিৰানীয়ে যুৱকসকলক, বিশেষকৈ ছোৱালীসকলক প্ৰথমে তেওঁলোকৰ প্ৰিয় ক্ষেত্ৰ বাছনি কৰিবলৈ আৰু তাৰ পিছত সফলতা অৰ্জনৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিবলৈ পৰামৰ্শ দিছিল।