ক'ভিড টিকাকৰণৰ অক্লান্ত যোদ্ধা ৰূপজান বেগম

Story by  atv | Posted by  Munni Begum • 2 Years ago
আন্তৰ্জাতিক নাৰী দিৱসত কেন্দ্ৰীয় চৰকাৰৰ পৰা 'শ্ৰেষ্ঠ টিকাকৰণকাৰী বঁটা' গ্ৰহণ কৰিছে ৰূপজান বেগমে
আন্তৰ্জাতিক নাৰী দিৱসত কেন্দ্ৰীয় চৰকাৰৰ পৰা 'শ্ৰেষ্ঠ টিকাকৰণকাৰী বঁটা' গ্ৰহণ কৰিছে ৰূপজান বেগমে
দৌলত ৰহমান / গুৱাহাটী
 
এ এন এম (অক্সিলিয়াৰী নাৰ্চিং মিডৱাইফাৰ) ৰূপজান বেগমে সফলতাৰে ক'ভিড-১৯ টিকাকৰণ অভিযান চলাবলৈ অসমৰ দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলত অৱস্থিত মাদ্ৰাছা, বিদ্যালয়, আৰক্ষী থানা, মছজিদ আৰু ঈদগাহ পৰিদৰ্শন কৰিছিল। তেওঁ নগৰ বস্তি অঞ্চল আৰু আৱাসিক এলেকা সমুহলৈও গৈ টিকাকৰণৰ অভিযান আগুৱাই লৈ গৈছিল। তেওঁৰ এই কামটো একেবাৰে সহজ নাছিল, কিয়নো তেখেতে হাজাৰ হাজাৰ ব্যক্তিৰ সন্মুখীন হৈছিল যিয়ে বিভিন্ন কাৰণত ক'ভিড ভেকছিনৰ পালি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু তেখেতে হাৰ মানি লোৱা নাছিল। আজি, ৰূপজানক এক লাখতকৈও অধিক ব্যক্তিক এককভাৱে ক'ভিড ভেকছিনৰ পালি প্ৰদান কৰাৰ কৃতিত্ব দিয়া হৈছে। 
 
ক'ভিড ভেকচিন পালি প্ৰদানৰ সজাগতামুলক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে ৰূপজান বেগমে
 
ৰূপজানে শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় ক'ভিড টিকাকৰণ কাৰ্যসূচীৰ অংশ হিচাপে স্বাস্থ্যসেৱা কৰ্মীসকলৰ বাবে স্থাপিত শ্ৰেষ্ঠ টিকাকৰণকাৰী বঁটা লাভ কৰিছে। তেওঁ পাণ্ডু এফ আৰ ইউত (প্ৰথম ৰেফাৰেল ইউনিট) এগৰাকী এ এন এম। তেওঁ নতুন দিল্লীৰ কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ডঃ ভাৰতী প্ৰবীন পাৱাৰৰ পৰা শেহতীয়াভাৱে এই বঁটা লাভ কৰিছিল। ২০২২ চনৰ ৮ মাৰ্চত নতুন দিল্লীত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এই বঁটা প্ৰদান কৰা হয়। 
 
বিভিন্নজনক ক'ভিড ভেকচিন পালি প্ৰদান কৰিছে ৰূপজান বেগমে
 
২০২১ চনত দেশত ক'ভিড টিকাকৰণ অভিযান আৰম্ভ হৈছিল। আগশাৰীৰ কৰ্মী, ৬০ বছৰতকৈ অধিক বয়সৰ নাগৰিক, ৪৫ বছৰতকৈ অধিক বয়সৰ নাগৰিক আৰু অৱশেষত ১৮ বছৰতকৈ অধিক বয়সৰ নাগৰিকক টিকাকৰণত  অন্তৰ্ভুক্ত কৰাৰ বাবে সময়ৰ সৈতে কাৰ্যসূচীটো সম্প্ৰসাৰিত কৰা হৈছিল। ২০২২ চনৰ ফেব্ৰুৱাৰীলৈ ৰূপজানে ১,০০,২৬৮০ জন ব্যক্তিক টিকাকৰণ কৰিছে।    
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰূপজানে কয়, "মুছলমান সমাজৰ বহুলোকে (পুৰুষ আৰু মহিলা উভয়ে) প্ৰথমতে ভেকছিনৰ পালি গ্ৰহণ কৰাৰ বাবে অস্বীকাৰ কৰিছিল। তেওঁলোকৰ ভুল ধাৰণা আছিল আৰু অনুভৱ কৰিছিল যে ক'ভিড ভেকছিনবোৰ সন্তানহীনতা, শাৰীৰিক দুৰ্বলতা আৰু অন্যান্য স্বাস্থ্যজটিলতাৰ কাৰণ হ'ব পাৰে। ভুল ধাৰণা আঁতৰাবলৈ আৰু এই লোকসকলক ভেকছিনৰ কাৰ্যকাৰীতাৰ বিষয়ে সৈমান কৰিবলৈ মোক যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল।"    
ৰূপজানে কামৰূপ মেট্ৰ' জিলাৰ গাৰিগাওঁৰ দাৰুল উলুম মাদ্ৰাছাত ধৰ্মীয় গুৰু, শিক্ষক আৰু সাধাৰণ ৰাইজৰ সৈতে কেইবাটাও বৈঠক অনুষ্ঠিত কৰি প্ৰতিটো মুছলমান পৰিয়ালক ক'ভিড ভেকছিন ল'বলৈ সৈমান কৰিছিল। টিকাকৰণ অভিযানৰ শীৰ্ষত ৰূপজানে হাজাৰ হাজাৰ হিতাধিকাৰীক ক'ভিড ভেকছিন প্ৰদান কৰিবলৈ তেওঁৰ নিৰ্ধাৰিত কামৰ সময়তকৈ অতিৰিক্ত সময় কাম কৰিছিল। যোৱা বছৰৰ ২ অক্টোবৰত ৰূপজানে ৬৭০ গৰাকী ব্যক্তিক এটা দিনতে নিজ হাতে টিকাকৰণ কৰিছিল।     
 
এগৰাকী বৃদ্ধা মহিলাক ক'ভিড ভেকচিন পালি প্ৰদান কৰিছে ৰূপজান বেগমে
 
ৰূপজানে কয়, "যদিও আৰম্ভণিতে টিকাকৰণৰ কামটো কঠিন আছিল। দৰিদ্ৰ আৰু নিৰক্ষৰ লোকসকলকে ধৰি সমাজৰ প্ৰায় সকলো লোকে এতিয়া  ভেকছিন গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা বুজি পাইছে। মোৰ শৈশৱৰ পৰাই মই এগৰাকী নাৰ্ছ হ'ব বিচাৰিছিলোঁ। এগৰাকী সফল নাৰ্ছ হোৱাটো সহজ কাম নহয়। আপুনি সম্পূৰ্ণ ধৈৰ্য্য ধৰিব লাগিব আৰু মানুহৰ সেৱা কৰি যাব লাগিব। মই ভাবো যে সৰ্বশক্তিমান আল্লাই মোৰ মাজত ধৈৰ্য্য ধৰাৰ গুণ প্ৰদান কৰিছে। গতিকে এই গুনে মোক টিকাকৰণ অভিযানৰ পথত থিয় দিয়া সকলো বাধা অতিক্ৰম কৰাত সহায় কৰিছে।" 
ৰূপজান বেগমে ১৯৯৬ চনত এ এন এম নাৰ্চিং পাঠ্যক্ৰম মঙলদৈ চিভিল হাস্পাতালৰ পৰা সম্পূৰ্ণ কৰিছে। ২০০৮ চনৰ পৰা তেওঁ কামৰূপ মহানগৰ জিলাৰ পাণ্ডু এফ আৰ ইউত স্বাস্থ্যকৰ্মী হিচাপে কামত নিয়োজিত হৈ আছে। ক'ভিড টিকাকৰণৰ উপৰিও ৰূপজানে এতিয়ালৈ কেইবাটাও অন্য টিকাকৰণ কাৰ্য  সফলভাৱে ৰুপায়ন কৰাত বিশেষ ভুমিকা গ্ৰহণ কৰিছে। আজি পৰা কেইবছৰমান আগতে প্ৰাপ্তবয়স্ক লোকৰ বাবে জাপানীছ এনকেফেলাইটিচ টিকাকৰণ অভিযানত ৰাজ্যৰ স্বাস্থ্য বিভাগে বাধাৰ সন্মুখীন হৈছিল। তেনে অৱস্থাত ৰূপজানে জাপানীছ এনকেফেলাইটিচৰ টিকাকৰণ সফল ভাৱে  ৰূপায়ণ কৰাত সহযোগিতা আগবঢ়াইছিল। 
দুগৰাকী সন্তানৰ মাতৃ ৰূপজানে কয় যে স্বাস্থ্যসেৱা হৈছে মানৱ সেৱা। এই সেৱা পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ কৰা চাকৰিৰ দৰে হ'ব নোৱাৰে।  ক'ভিড টিকাকৰণৰ সময়ত ৰূপজানে বহু কৰ্কট ৰোগী, বাৰ্ধক্যজনীত কাৰণত অতি দুৰ্বল হৈ পৰা লোককো তেওঁলোকৰ ঘৰলৈ গৈ সেৱা আগবঢ়াইছিল।
 
টিকাকৰণ অভিযান উদ্দেশ্যে হোৱা বৈঠকত সাধাৰন ৰাইজৰ সৈতে ৰূপজান বেগম
 
ৰূপজানৰ লগতে এইবছৰ অসমৰ দিপালী সাহাইও শ্ৰেষ্ঠ টিকাকৰণকাৰী বঁটা লাভ কৰিছে। দুয়োগৰাকী স্বাস্থ্য কৰ্মীৰ সেৱাত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত উৎফুল্লিত হৈ কয় যে ক'ভিড নিৰ্মূল অভিযানত ৰূপজান আৰু দিপালী ৰাজ্যখনৰ দুটি শক্তিশালী অস্ত্ৰ। তেওঁলোকৰ অপৰিসীম কষ্ট আৰু ধৰ্য্যই ৰাজ্যখনক ক'ভিমুক্ত হোৱাত অৰিহণা যোগাব। 
 
সম্বৰ্ধনা গ্ৰহণ কৰিছে ৰূপজান বেগমে
 
জিলা টিকাকৰণ বিষয়া ভৱেন্দ্ৰ কুমাৰ দাস, প্ৰোগ্ৰেম মেনেজাৰ হেমাংগ বৈশ্য আৰু ডাটা মেনেজাৰ হাছিম আলীক কৃতজ্ঞতা আৰু ধন্যবাদ জনায় ৰূপজান বেগেমে কয় যে তেওঁৰ শেহতীয়া কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতিয়ে তেওঁক ভৱিষ্যতে তেওঁক আৰু অধিক টিকাকৰণত নিয়োজিত হ'বলৈ উদগণি যোগাব। যিহেতু কেন্দ্ৰীয় চৰকাৰে ১৫ বছৰৰ তলৰ শিশুৰ ক'ভিড টিকাকৰণৰ কথা চিন্তা কৰিছে ৰূপজানে নিজকে ধন্য মানিব, যদি তেওঁ বৃহৎ সংখ্যক  শিশুক টিকাকৰণ কৰাৰ সুযোগ লাভ কৰে।
 
বহুলোকে ৰূপজান বেগমৰ হাতত যাদু থকা বুলি ভাবি তেওঁৰ ওচৰলৈ ভেকচিন পালি গ্ৰহণ কৰিবলৈ আহিছে। যিটো ৰূপজানে  ভগৱানৰ এক আশীৰ্বাদ বুলিহে ভাবে। ৰূপজান বেগমে ভৱিষ্যত প্ৰজন্মক ক'ভিড মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব বিচাৰে।