নিজৰ ড্ৰয়িং ৰুমো সমাজ সেৱাৰ কাৰণে ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা ‘পিছা'ৰ প্ৰতিষ্ঠাপক সীমা হুছেইন

Story by  atv | Posted by  [email protected] • 1 Years ago
PISA ৰ সুবিধা লাভ কৰা লৰা-ছোৱালীৰ সৈতে প্ৰতিষ্ঠাপক সীমা হুছেইন
PISA ৰ সুবিধা লাভ কৰা লৰা-ছোৱালীৰ সৈতে প্ৰতিষ্ঠাপক সীমা হুছেইন
দৌলত ৰহমান/গুৱাহাটী
 
মানৱ সেৱা কৰাটো কঠিন যদিও অসম্ভৱ নহয়। ইচ্ছাশক্তি থাকিলে সহজ প্ৰচেষ্টাৰে সমাজৰ সেৱা কৰিব পাৰি। ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হ’ল গুৱাহাটীৰ হাতীগাওঁ নিবাসী সীমা হুছেইন। সমাজসেৱাৰ প্ৰতি থকা দূৰ্বাৰ হেঁপাহে তেওঁক আজিৰ পৰা কেইবছৰমান পূৰ্বে তেওঁৰ নিজৰ বাসগৃহৰ বৰ-ঘৰ অথবা ড্ৰয়িং ৰুমটো অভাৱগ্ৰস্ত ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ শিক্ষাৰ প্ৰশিক্ষণ আগবঢ়োৱাৰ মহৎ কামৰ বাবে ব্যৱহাৰ কৰিছিল। 
 
তেতিয়াৰে পৰা তেওঁ পিছলৈ ঘুৰি চোৱা নাই আৰু ২০১৬ চনত People in Serving Assam (PISA) নামৰ এক স্বেচ্ছাসেৱী সংগঠন স্থাপন কৰে। আজি সীমা হুছেইনৰ নেতৃত্বত এই সংগঠনটোৱে কেৱল অভাৱগ্ৰস্ত আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া প্ৰশিক্ষণ আগবঢ়োৱাই নহয়, বহুতো ভোকাতুৰ ব্যক্তিক খাদ্যও যোগান ধৰি আহিছে। 
 
সংবাদ মাধ্যমৰ দৃষ্টিৰ পৰা সদায়ে আঁতৰি থকা উচ্চ শিক্ষিত ভদ্ৰ মহিলা তথা দুটা সন্তানৰ মাতৃ সীমা হুছেইনে ‘আৱাজ-দ্য ভইচ’ক কয় যে তেওঁ যেতিয়া স্থানীয় অভাৱগ্ৰস্ত শিশুসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিবলৈ নিজৰ বৰ-ঘৰ অথবা ড্ৰয়িং ৰুম মুকলি কৰি দিছিল, তেতিয়াই মানুহক বিভিন্ন ধৰণে সেৱা আগবঢ়োৱাৰ আন বহুতো ধাৰণা তেওঁৰ মনৰ মাজলৈ আহিছিল। 
 

“অভাৱগ্ৰস্ত শিশুসকলে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়িছিল আৰু গুণগত শিক্ষাৰ পৰা বঞ্চিত হৈছিল। চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰই দ্বিতীয় শ্ৰেণীৰ কিতাপো পঢ়িব পৰা নাছিল। মই আৰু মোৰ সতীৰ্থ ছাহিদ ৰিজৱী বৰা আৰু কবিতা তালুকদাৰে ছাত্ৰ-ছাত্ৰীসকলক সপ্তাহৰ পাঁচটা দিন বিনামূলীয়া পঢ়োৱা আৰম্ভ কৰিলো। শনিবাৰৰ দিনটো আৰ্ট ক্লাছৰ বাবে সংৰক্ষিত কৰি ৰাখিছো। আমি অত্যন্ত সুখী যে আমাৰ প্ৰচেষ্টাৰ ফল পোৱা গৈছে আৰু আমাৰ বিনামূলীয়া টিউচনৰ পিছত এই শিশুবোৰে শৈক্ষিকভাৱে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ এই কৃতকাৰ্যতাৰ পিছত আমি যথেষ্টসংখ্যক অন্য ছাত্ৰ-ছাত্ৰীৰ সঁহাৰি লাভ কৰিলো আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমি চম্ভালিব নোৱাৰা হৈ পৰিলো। সেয়েহে, আমি কিছু বোজা ল’বলৈ দৰমহা থকা দুজনমান শিক্ষক নিযুক্তি দিলোঁ।’-সীমা হুছেইনে কয়।
 
যিহেতু অভাৱগ্ৰস্ত আৰু দৰিদ্ৰ শিশুসকল জীৱনৰ আৰু বহুতো বস্তুৰ পৰা বঞ্চিত হৈছিল, সেয়েহে সীমা হুছেইন আৰু স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে শিক্ষা সেৱাৰ বাহিৰেও অন্য কিছু কাৰ্যকলাপ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। ‘দৰিদ্ৰ শিশুসকলক আমি জন্মদিনৰ পাৰ্টি, সকলো গুৰুত্বপূৰ্ণ উৎসৱ উদযাপন আৰু গুৱাহাটীৰ ভিতৰত তথা বাহিৰত ভ্ৰমণৰ ব্যৱস্থা কৰো। সিহঁতৰ মুখত দেখিবলৈ পোৱা আনন্দ আৰু হাঁহিবোৰেই আমাৰ বাবে পৰম প্ৰাপ্তি আৰু সুখ। দুখীয়া আৰু অভাৱগ্ৰস্ত শিশুসকলক আমি শ্বপিং মললৈ লৈ যাও, কে এফ চি(KFC)ত খাবলৈ লৈ যাও, পি ভি আৰ(PVR) চিনেমা হলত চিনেমা চাবলৈ লৈ যাও। দীঘলীয়া বন্ধৰ সময়ছোৱাত আমি ওচৰৰ চাহ বাগিচাবোৰলৈ তেওঁলোকক লৈ যাম বুলি ভাবিছিলো, যাতে শিশুসকলে বাগিচাৰ জীৱনটো কিধৰণৰ হয়, সেয়া প্ৰত্যক্ষ কৰাৰ লগতে উপলব্ধি কৰিব পাৰে। কিন্তু, ২০২০ চনৰ আৰম্ভণিতে কোভিড-১৯ মহামাৰীয়ে বিশ্বত ত্ৰাস সৃষ্টি কৰে আৰু আমাৰ সকলো শিক্ষা তথা প্ৰশিক্ষণ সম্পৰ্কীয় কাম-কাজ স্তব্ধ হৈ পৰে। বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হয়। আমাৰ ইয়াত শিক্ষা গ্ৰহণ কৰি থকা অধিকাংশ শিশুৰ পিতৃ-মাতৃ আছিল আনৰ ঘৰত কাম কৰা লোক, ৰিক্সাৱালা, ঠেলাৱালা অথবা আৱৰ্জনা সংগ্ৰহ কৰা লোক। তেওঁলোকে গুৱাহাটীত লকডাউন দিয়া পিছতে নিজৰ গাঁওলৈ গুচি গৈছিল।’-সীমা হুছেইনে কয়।
 
PISA ৰ বৰদিন উদযাপনৰ মুহূৰ্তত
 
কিন্তু, সীমা হুছেইন আৰু তেওঁৰ People in Serving Assam (PISA) দলৰ সদস্যসকলে মহামাৰী কোভিড-১৯ৰ প্ৰাদূৰ্ভাৱক নেওচি দৃঢ় ইচ্ছাশক্তি আৰু সেৱাৰ মনোভাৱেৰে দৰিদ্ৰ আৰু নিপীড়িত লোকসকলক সহায় আগবঢ়োৱা কাম অব্যাহত ৰাখে। ২০২০ চনৰ মাৰ্চ মাহত সংগঠনটোৱে লকডাউন আৰু কৰ’না মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ মাজতে নিজৰ কাৰ্যকলাপ কিছু সালসলনি কৰি ভোকাতুৰ লোকসকলক খাদ্য যোগান ধৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে মহানগৰীৰ বামুনীমৈদামস্থিত হাফিজনগৰ, ভেটাপাৰা, ৰে’লৱে লাইনৰ কাষত থকা বস্তি অঞ্চলসমূহত বাস কৰা পৰিয়ালবোৰক বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰে। 
 
“ফুটপাথ আৰু ৰাস্তাত বাস কৰা অভাৱগ্ৰস্তসকলৰ হাতত ৰন্ধা-বঢ়াৰ কোনো উপায় নাছিল। তেনে পৰিস্থিতিত পিছা(PISA)ৰ স্বেচ্ছাসেৱক গৌতম সাহাই পুৱাই  নিজৰ গাড়ীৰে ৰুটি আৰু গাখীৰৰ পেকেট তেওঁলোকৰ মাজত বিতৰণ কৰে। সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হোৱাৰ বাবে গোটেই নিশা ভোকত শুই থকা ভিক্ষাৰীসকলে স্বাস্থ্যকৰ ব্ৰেকফাষ্টসমূহ আগ্ৰহেৰে গ্ৰহণ কৰিছিল।” সীমা হুছেইনে কয়। 
 
সীমা হুছেইনে খাদ্য নিজেই বনাইছে আৰু বিতৰণ কৰিছে
 
২০২০ চনত কোভিডৰ ভয়াৱহতা তুংগত উঠাৰ সময়তে মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছিল আৰু পিছা(PISA)ই সেই সময়ত দৰিদ্ৰসকলৰ মাজত গোটেই মাহটো কণী, বুট, খেজুৰ আৰু বিৰিয়ানীৰ দৰে স্বাস্থ্যকৰ খাদ্যৰ পেকেট বিতৰণ কৰিছিল। ছৈয়দ মাৰুফ আৰু তেওঁৰ ভাতৃ জাভেদৰ সক্ৰিয় সহায়ত পিছাৰ স্বেচ্ছাসেৱকসকলে ৰমজানৰ শেষ দিনলৈকে ৰন্ধা-বঢ়া কৰি ইফতাৰ বিতৰণ কৰিছিল।
 
‘মাৰাত্মক মহামাৰীৰ সেই ভয়াবহ দিনবোৰ কাৰো বাবে সহজ নাছিল, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ বাবে সেয়া দুৰ্বিসহ হৈ পৰিছিল। বহুতে নিশাটোৰ ভিতৰতে চাকৰি আৰু জীৱিকাৰ পথ হেৰুৱাই দিশহাৰা হৈছিল। গতিকে, ‘পিছা’(PISA)ৰ সদস্যসকলক তেওঁলোকৰ ফোন নম্বৰসমূহ অতি দুৰ্বল লোকসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ কোৱা হৈছিল। যিকোনো সময়তে যিকোনো মানুহক সহায় কৰিবলৈ আমি তেওঁলোকৰ ওচৰত আছিলো। প্ৰথম অৱস্থাত দুৰ্দশাগ্ৰস্ত লোকসকলৰ মাজত খাদ্য বিতৰণ কৰিবলৈ যোৱাটোও সহজ নাছিল। তথাপি, আমাৰ স্বেচ্ছাসেৱকসকলে হাৰ মনা নাছিল আৰু মহামাৰীৰ কঠিন দিনবোৰ দুখীয়া-দুৰ্দশাগ্ৰস্তসকলক সহায়ৰ হাত আগবঢ়াই যাবলৈ সক্ষম হৈছিল।’ পিছাৰ আটাইতকৈ সক্ৰিয় সদস্য ছাহিদ ৰিজৱী বৰাই এইদৰে মন্তব্য কৰে। 
 
PISA ৰ Tuition ক্লাছ আৰু ফুৰিবলৈ যোৱা মুহূৰ্তত 
 
২০২১ চনৰ শেষৰ ভাগৰ পৰা ক’ভিড-১৯ ৰ সংক্ৰমণ হ্ৰাস পাবলৈ ধৰাত PISA এ অভাৱগ্ৰস্ত আৰু দৰিদ্ৰ শিশুসকলক বিনামূলীয়াকৈ পঢ়োৱা কাম পুনৰ আৰম্ভ কৰে। বৰ্তমান বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে ৪গৰাকী শিক্ষাৰ্থীৰ সম্পূৰ্ণ খৰচ সংগঠনটোৱে বহন কৰি আছে। তেওঁলোকৰ ভিতৰত এগৰাকী ছোৱালীও আছে। PISAৰ পৰা লাভ কৰা সহায়-সহযোগিতাৰ বলত ববিদুল ইছলাম নামৰ শিক্ষাৰ্থীজনে অতি শীঘ্ৰে ইউ এছ টি এম(University of Science and Technology, Meghalaya)ৰ পৰা ডি ফাৰ্ম (ডিপ্লমা ইন ফাৰ্মাচী) সম্পূৰ্ণ কৰিব। ববিদুলৰ মাতৃয়ে মানুহৰ ঘৰে ঘৰে গৈ দান-বৰঙণি বিচাৰিছিল৷ একেদৰে, মমিন খেজেৰ নামৰ শিক্ষাৰ্থীজন এতিয়া দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত পঢ়ি আছে। তেওঁৰ মাতৃ অকলশৰীয়া আছিল বাবে পুত্ৰক পঢ়োৱাৰ কোনো উপায় নাছিল। সেইবাবে ‘পিছা’ নামৰ সংগঠনটোৱে পঢ়াৰ দায়িত্ব গ্ৰহণ কৰে। আনহাতে, বাকী দুজন শিক্ষাৰ্থীয়ে হাইস্কুলত পঢ়ি আছে।
 
“এয়া শিক্ষাৰ্থীসকলৰ বাবে সৌভাগ্যৰ বিষয় আছিল যে তেওঁলোকে ‘পিছা’ৰ সান্নিধ্য লাভ কৰিছিল, যাৰ বাবে তেওঁলোকৰ জীৱন এতিয়া সঠিক দিশত আগবাঢ়িছে। কোৱা বাহুল্য যে, তেওঁলোকে চাকৰি অথবা জীৱিকাৰ সুৰক্ষিত পথ নোপোৱা পৰ্যন্ত আমি তেওঁলোকক পথ প্ৰদৰ্শন কৰিম।’ সীমা হুছেইন।
 
লৰা-ছোৱালীবোৰে KFC ত খোৱা আৰু শ্বপিং ম'লত যোৱা দৃশ্য
 
সীমা হুছেইনৰ মতে প্ৰতি নিশা শ শ লোক ভোকত শুই থকাটো এক বাস্তৱ সত্য ঘটনা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আন এক পদক্ষেপ হাতত লয়। “আমি বিয়াৰ পাৰ্টি বা যিকোনো অনুষ্ঠানত ৰৈ যোৱা অতিৰিক্ত খাদ্য সংগ্ৰহ কৰো আৰু সেইবোৰ তাৎক্ষণিকভাৱে দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ কৰোঁ, যিসকলে দামী মাংস, মাছ কিনি খাব নোৱাৰে। বিয়াৰ পাৰ্টি বা যিকোনো অনুষ্ঠানৰ পৰা ফোন কল আহিলে, আমি নিশা দেৰি হ’লেও লৰালৰিকৈ ওলাই যাওঁ”।–হুছেইনে কয়। 
উল্লেখ্য যে, চলিত বৰ্ষৰ ১৬ মে’ৰ নিশা প্ৰায় ১০.৩০ বজাত ‘পিছা’ই জয়া নগৰস্থিত বিমলা বিবাহ ভৱনত প্ৰস্তুত কৰা বিভিন্ন খাদ্যৰ ৫০% ৰৈ যোৱাৰ খবৰ লাভ কৰে। পিছাৰ স্বেচ্ছাসেৱকসকলে এই সুযোগ অথলে যাব নিদি ততাতৈয়াকৈ বিবাহস্থলীত উপস্থিত হয় আৰু নিশাই বিভিন্ন স্থানীয় অঞ্চলত ভিক্ষাৰী আৰু দুখীয়াৰ মাজত বিবাহস্থলীত ৰৈ যোৱা খাদ্যসমূহ বিতৰণ কৰে।
স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ উপৰিও ‘পিছা’ই দুখীয়া লোকৰ মাজত কাপোৰ বিতৰণৰো পদক্ষেপ হাতত লৈছে। তেওঁলোকে গুৱাহাটী আৰু ইয়াৰ আশে-পাশে অভাৱগ্ৰস্তসকলৰ মাজত গৰম কাপোৰ আৰু কম্বল বিতৰণ কৰে।
 
স্বেচ্ছাসেৱক গৌতম সাহা আৰু ৰিজবী আলম বৰাই কাপোৰ বিতৰণ কৰা মুহূৰ্তত
 
“মই মোৰ হৃদয়ৰ কথা শুনিছো। মই মগজুৰে নহয়, হৃদয়ৰ পৰা কথাবোৰ চিন্তা কৰো। গতিকে যেতিয়াই মই গম পাওঁ যে ক’ৰবাত কাৰোবাক আমাৰ সহায়ৰ প্ৰয়োজন আছে, তেতিয়াই আমি আগবাঢ়ি যাও। ধন ক’ৰ পৰা আহিব, সেই কথা চিন্তা নকৰো। অৱশ্যে, কেনেবাকৈ আমি ধনৰ ব্যৱস্থাপনা কৰিবলৈ সক্ষম হঁও। আমাৰ চৌপাশৰ মানুহবোৰ প্ৰকৃততে খুৱ দয়ালু স্বভাৱৰ। যদি কাৰোবাৰ বাবে লেপটপ কিনিব লাগে আৰু টকাখিনি ক’ৰ পৰা পাম নাজানো,  সেই সময়ত এজন দয়ালু ব্যক্তিয়ে আমাৰ চিন্তা দূৰ কৰে। দৰিদ্ৰতা আৰু ভোকৰ কোনো ধৰ্ম নাই। গতিকে, মানৱতাবাদ আমাৰ বাবে সকলো। ভোকাতুৰক খুৱাওঁতে বা ল’ৰা-ছোৱালীক শিক্ষা দিওঁতে আমি জাতি, ধৰ্ম বা ভাষাৰ কথা নাভাবো। বহল দৃষ্টিভংগীৰে আমি চিন্তা কৰো যে খাদ্যই যদি শক্তি প্ৰদান কৰে, তেন্তে শিক্ষাই আমাৰ নাগৰিকসকলক শক্তিশালী কৰি তুলিব আৰু জাতি গঠনত সহায় কৰিব।’- সীমা হুছেইনে কয়।
উল্লেখ্য যে, ‘পিছা’ৰ পদক্ষেপক ৰেহানা আলম আৰু গৌতম সাহাই নগদ ধন অথবা অন্য ধৰণে সদায় সহযোগ কৰি আহিছে। “সীমা হুছেইন হ’ল দুখীয়াক সহায় কৰা এগৰাকী হৃদয়ৱান মহিলা আৰু এগৰাকী নিৰৱ কৰ্মী। দুখীয়া, আৰ্তজনক তেওঁ অতি আন্তৰিকতাৰে সহায় কৰে। সীমাই এই কথাবোৰ কাৰো সন্মুখত দেখাই নুফুৰে আৰু তেওঁ সদায় প্ৰচাৰৰ পৰা আঁতৰি থাকে।’-ৰেহানাই কয়।
ইফালে, বিশিষ্ট ব্যৱসায়ী গৌতম সাহাই কয় “মই সদায় দুখীয়া আৰু অভাৱগ্ৰস্ত লোকক সহায় কৰিব বিচাৰি আছিলো। কিন্তু, সঠিক প্লেটফৰ্ম বিচাৰি পোৱা নাছিলো। সেয়ে, এই কাম কৰিব পৰা নাছিলো। অৱশেষত মই PISAৰ দৰে সততা আৰু নিষ্ঠাৰে দৰিদ্ৰজনক সহায় কৰি থকা স্বেচ্ছাসেৱী সংগঠন এটা  বিচাৰি পালোঁ।”
 
শৈশৱতে ছেইণ্ট মেৰী কনভেণ্টত কেথলিক মিছনেৰীসকলৰদ্বাৰা শিক্ষা লাভ কৰা সীমা হুছেইনে দৰিদ্ৰ আৰু আৰ্তজনক সহায় কৰাৰ ক্ষেত্ৰত সদায় নীৰৱে কাম কৰি আহিছে। সেই হিচাপে অনাথ আশ্ৰমলৈ যোৱা, অভাৱগ্ৰস্ত লোকৰ বাবে পুৰণি কাপোৰ আৰু খাদ্য সংগ্ৰহ কৰা আদি স্বভাৱ তেওঁৰ মাজত পূৰ্বৰে পৰা নিহিত হৈ আছে। কিন্তু, এই সকলোবোৰ কাম তেওঁ অতি নীৰৱে কৰি আহিছে। এক কথাত সীমা হুছেইন আৰু ‘পিছা’ৰ স্বেচ্ছাসেৱকসকল হ’ল আমাৰ সমাজৰ প্ৰকৃত বীৰ, যিয়ে কোনো লাভালাভ বা পুৰস্কাৰৰ আশা নকৰাকৈ সমাজক সহায় কৰি আছে।