কেলিফৰ্ণিয়াত মৃত অৱস্থাত উদ্ধাৰ অপহৃত চাৰিজনীয়া শিখ পৰিয়াল

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
চাৰিজনীয়া শিখ পৰিয়ালটো
চাৰিজনীয়া শিখ পৰিয়ালটো
কেলিফৰ্ণিয়া
 
কৰ্তৃপক্ষই জনোৱা মতে, অপহৃত ভাৰতীয় মূলৰ চাৰিজনীয়া পৰিয়ালটোক বুধবাৰে কেলিফৰ্ণিয়াত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। মাৰ্চেড কাউন্টিৰ শ্বেৰিফ ভাৰ্ন ৱাৰ্ংকে কয়, “ই এক ভয়ংকৰ ঘটনা, ভয়ংকৰভাৱে অৰ্থহীন।" একেটা অঞ্চলতে মৃতদেহ উদ্ধাৰ হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।
 
কৰ্তৃপক্ষই জনোৱা মতে, চাৰিজনীয়া শিখ পৰিয়ালটো অপহৰণ কৰাৰ গোচৰত এজন ৪৮ বছৰীয়া লোকক জিম্মাত লোৱা হৈছে আৰু তেওঁ নিজকে হত্যা কৰিবলৈ চেষ্টা কৰাৰ পিছত তেওঁৰ অৱস্থা সংকটজনক বুলি কৰ্তৃপক্ষই জনায়।
 
মূলতঃ পঞ্জাৱৰ হোছিয়াৰপুৰৰ হৰসি পিণ্ডৰ বাসিন্দা পৰিয়ালটোক সোমবাৰে কেলিফৰ্ণিয়াৰ মাৰ্চেড কাউন্টিৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত অপহৰণ কৰা হয়।
পৰিয়ালৰ লোকে কয় যে ৮ মহীয়া আৰোহী ধেৰী, তেওঁৰ ২৭ বছৰীয়া মাতৃ জছলীন কৌৰ, ৩৬ বছৰীয়া পিতৃ জছদীপ সিং আৰু পৰিয়ালৰ আত্মীয় ৩৯ বছৰীয়া অমদ্বীপ সিং সৈতে ঘটনাটো সংঘটিত হৈছে।
সোমবাৰে সন্ধিয়া পৰিয়ালৰ এজন সদস্যৰ এখন বাহনত জুই লাগি থকা অৱস্থাত উদ্ধাৰ হুৱাৰ পিছত আইন প্ৰৱৰ্তনকাৰী সংস্থাই নিৰ্ণয় কৰে যে লোক চাৰিজনক অপহৰণ কৰা হৈছে।
 
এক বিজ্ঞপ্তি অনুসৰি, মঙলবাৰে পুৱা চোৰাংচোৱা তথ্য লাভ কৰা হয় যে মাৰ্চেড কাউন্টিৰ এটৱাটাৰৰ এটি এম ত ভুক্তভোগীৰ এখন বেংক কাৰ্ড ব্যৱহাৰ কৰা হৈছে।
 
মাৰ্চেড কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে, “তদন্তকাৰীয়ে বেংক লেনদেন কৰা এজন ব্যক্তিৰ ফটো লাভ কৰিছে আৰু ব্যক্তিজনৰ ৰূপটো মূল অপহৰণস্থলীৰ চিচি টিভি কেমেৰাত ফটোখনৰ সৈতে একে।”