তালিবানৰ সৈতে বলপূৰ্বক বিবাহৰ পৰা হাত সাৰিবলৈ কন্যাক কম বয়সতে বিয়া দিছে আফগানসকলে

Story by  atv | Posted by  [email protected] • 1 Years ago
এগৰাকী আফগান যুৱতী
এগৰাকী আফগান যুৱতী
কাবুল
 
২০২১ চনৰ আগষ্ট মাহত তালিবানে আফগানিস্তান পুনৰ দখল কৰিছিল। আৰু সেই সময়ৰ পৰা ‘কাবুলীৱালাৰ দেশ’ ক্ৰমান্বয়ে সলনি হৈ আহিছে। শেহতীয়াকৈ দেখা গৈছে যে আফগান ছোৱালীয়ে অতি কম বয়সতে বিয়াত বহিছে। ইয়াৰ আঁৰত আছে তালিবানৰ আতংক।,
 
সমাজকৰ্মী আৰু মানৱ অধিকাৰ কৰ্মীসকলে কয় যে আফগান ছোৱালীৰ কম বয়সৰ বিবাহৰ সংখ্যা বৃদ্ধিৰ কাৰণ হ'ল আফগান পিতৃ-মাতৃৰ আশংকা। অভিভাৱকসকলে বিচাৰে যে কোনো তালিবানে তেওঁলোকৰ কন্যা সন্তানক বলপূৰ্বকভাৱে বিয়া কৰাবলৈ বাধ্য কৰাৰ আগতে তেওঁলোকৰ ছোৱালীক আফগানৰ সৈতে বিয়া কৰাই দিয়া হওক। এই কাৰণেই নাবালক আফগান ছোৱালীৰ বিবাহৰ সংখ্যা লক্ষ্যভাৱে বৃদ্ধি পাইছে।
তদুপৰি, ছোৱালীৰ বিবাহ সম্পন্ন কৰি দিলে পৰিয়ালৰ সদস্যৰ সংখ্যাও কমি যাব। দৰিদ্ৰতাত ভুগি থকা সাধাৰণ আফগানসকলৰ বাবেও ই এক সকাহ। কিন্তু তাৰ ফলস্বৰূপে ছোৱালীৰ শিক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ সম্ভাৱনীয়তা যে কমি আহিছে, সেই কথাটো তেওঁলোকে চিন্তা কৰা নাই। ফলত দেশখনত ছোৱালীৰ সমস্যা দিনক দিনে বৃদ্ধি পাইছে।
উল্লেখ্য যে, যোৱা আগষ্ট মাহত আফগানিস্তানৰ দখল জেহাদীৰ হাতলৈ গৈছিল। তেতিয়াৰ পৰাই দেশখনত আৰম্ভ হৈছিল অন্ধকাৰ যুগ। যদিও ক্ষমতা দখল কৰাৰ পিছত তালিবানে এইবাৰ তেওঁলোকে দমন নহয়, সাধাৰণ আফগান বিশেষকৈ মহিলাৰ স্বাধীনতা ৰক্ষাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হ’ব। কিন্তু অতি সোনকালেই তেওঁলোকৰ স্বৰূপ উন্মোচিত হ'বলৈ ধৰে। 
জেহাদী নেতৃত্বই বিভিন্ন অপৰাধৰ বাবে অংগচ্ছেদ আৰু মূৰ কাটি পেলোৱাৰ দৰে শাস্তিৰ পোষকতা কৰিছে। দেশৰ মহিলাৰ প্ৰতি তালিবান এতিয়াও আক্ৰমণাত্মক। শিক্ষাৰ অধিকাৰকে ধৰি সকলো ক্ষেত্ৰৰ পৰা ছোৱালীক বঞ্চিত কৰা হৈছে। তাৰ লগতে তালিবানে নাবালক ছোৱালীক বলপূৰ্বকভাৱে লৈ গৈ বিয়া কৰাও দেখা যায়।