লেবাননৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত সেনা প্ৰধান জোচেফ আউন

Story by  atv | Posted by  Munni Begum • 15 d ago
সেনা প্ৰধান জোচেফ আউন
সেনা প্ৰধান জোচেফ আউন
 
বেইৰুট
 
লেবাননৰ সংসদে বৃহস্পতিবাৰে দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে সেনা প্ৰধান জোচেফ আউনক নিৰ্বাচিত কৰি  দীৰ্ঘদিনীয়া ৰাজনৈতিক অচলাৱস্থাৰ অন্ত পেলাইছে।
 
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছৌদি আৰবে তেওঁৰ বাবে সমৰ্থন লাভ কৰাৰ ব্যাপক প্ৰচেষ্টাৰ পিছত দুটা পৰ্যায়ৰ ভোটদানৰ অন্তত আউনক নিৰ্বাচিত কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ ভোটদানত আউনে ১২৮টা ভোটৰ ভিতৰত ৯৯টা ভোট লাভ কৰে। 
 
ৱাশ্বিংটন আৰু ৰিয়াধৰ  দুয়োখন দেশৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা আউনে নিৰ্বাচিত হোৱাৰ পিছত সামৰিক ভূমিকাৰ পৰা পদত্যাগ কৰি অসামৰিক সাজ-পোছাক পৰিধান কৰি শপত গ্ৰহণ কৰিবলৈ সংসদত উপস্থিত হয়। শপত গ্ৰহণ অনুষ্ঠানত ভাষণত আউনে লেবাননৰ বাবে “নতুন যুগ”ৰ আৰম্ভণিৰ কথা ঘোষণা কৰি দেশখনৰ চলি থকা অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ সৈতে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। 
 
চিএনএনে প্ৰকাশ কৰা অনুসৰি লেবাননত উল্লেখযোগ্য সামৰিক প্ৰভাৱ থকা ইৰাণ সমৰ্থিত উগ্ৰপন্থী গোট হিজবুল্লাহক নিৰস্ত্ৰ কৰাৰ উদ্দেশ্যৰ সংকেত দি তেওঁ ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ অধীনত অস্ত্ৰ-শস্ত্ৰ একচেটিয়া কৰাৰ এক বিৰল প্ৰতিশ্ৰুতিও দিছিল।
 
উল্লেখযোগ্য যে, ইজৰাইলৰ সৈতে হোৱা শেহতীয়া যুদ্ধত যথেষ্ট লোকচান সন্মুখীন নহোৱালৈ মধ্যপ্ৰাচ্যৰ আটাইতকৈ বেছি অস্ত্ৰধাৰী উগ্ৰপন্থী গোট হিজবুল্লাহৰ কেইবাখনো দেশত যথেষ্ট প্ৰভাৱ আছিল। এই সংঘাতৰ লগতে ইয়াৰ মিত্ৰ ৰাষ্ট্ৰ ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ দুৰ্বলতাই গোটটোক নিৰস্ত্ৰ কৰাৰ ক্ষেত্ৰত ঘৰুৱা বিতৰ্ক পুনৰ জগাই তুলিছে। 
 
নৱেম্বৰ মাহত আমেৰিকাৰ দলিলত স্বাক্ষৰিত যুদ্ধবিৰতি চুক্তিয়ে ইজৰাইলৰ সৈতে সীমান্তৱৰ্তী অঞ্চলৰ পৰা হিজবুল্লাহৰ স্থিতি আৰু দুৰ্বল কৰি তুলিছে আৰু ইজৰাইলৰ বাহিনীয়ে জানুৱাৰী মাহৰ শেষৰ ফালে লেবাননৰ ভূখণ্ড এৰিব লাগিব বুলি চিএনএনে প্ৰকাশ কৰিছে।
 
যদিও লেবাননৰ সেনাই ইজৰাইলৰ সৈতে হোৱা যুদ্ধত প্ৰত্যক্ষভাৱে লিপ্ত হোৱা নাছিল, তথাপিও যুদ্ধবিৰতিৰ চৰ্তসমূহ কাৰ্যকৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 
 
ভাষণত আউনে ৰাষ্ট্ৰ হিচাপে লেবাননে ইজৰাইলৰ দখলৰ পৰা মুক্তিৰ বাবে কাম কৰিব বুলি গুৰুত্ব আৰোপ কৰে আৰু ইজৰাইলৰ বাহিনীৰ সৈতে মুখামুখি হোৱাৰ বাবে ঐতিহাসিকভাৱে দায়বদ্ধ হিজবুল্লাহ অবিহনে ইজৰাইলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা কৌশল প্ৰস্তুত কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। 
 
চিএনএনৰ উদ্ধৃতিৰে আউনে কয় যে, লেবানন ৰাষ্ট্ৰই--মই পুনৰ কওঁ, লেবানন ৰাষ্ট্ৰই--ইজৰাইলৰ দখলৰ পৰা মুক্তি পাব। তেওঁ লগতে কয় যে, মোৰ যুগত লেবানন ৰাষ্ট্ৰই ইজৰাইলী দখলৰ পৰা মুক্তি পাবলৈ আৰু নিজৰ আগ্ৰাসনৰ প্ৰতিশোধ ল’বলৈ সক্ষম কৰিবলৈ আমাৰ প্ৰতিৰক্ষা কৌশলৰ আলোচনা অন্তৰ্ভুক্ত হ’ব। 
 
হিজবুল্লাহৰ সমৰ্থিত প্ৰাক্তন ৰাষ্ট্ৰপতি মিচেল আউনে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত ২০২২ চনৰ অক্টোবৰৰ পৰা লেবানন ৰাষ্ট্ৰপতি বিহীন হৈ আছিল। বিগত দুবছৰত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচেষ্টা ১২ বাৰ বিফল হোৱাৰ ফলত লেবাননৰ পশ্চিমীয়া আৰু ইৰাণ সমৰ্থক দলৰ মাজত বিভাজন গভীৰ হৈ পৰিছিল।