শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে ডুবাইত মুকলি হ'ল সৰ্ববৃহৎ হিন্দু মন্দিৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে ডুবাইত মুকলি হ'ল সৰ্ববৃহৎ হিন্দু মন্দিৰ
শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে ডুবাইত মুকলি হ'ল সৰ্ববৃহৎ হিন্দু মন্দিৰ
ডুবাই
 
ইছলামিক দেশৰ পৰা সাৰ্বজনীন শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা বিলাই মঙলবাৰে সংযুক্ত আৰব আমিৰশ্বাহীৰ আটাইতকৈ ডাঙৰ হিন্দু মন্দিৰটো ডুবাইত মুকলি কৰা হয়। ডুবাইৰ 'উপাসনা গাঁও' হিচাপে পৰিচিত জেবেল আলীত অৱস্থিত এই মন্দিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সহনশীলতা আৰু সহাৱস্থান মন্ত্ৰী শ্বেখ নাহিয়ান বিন মুবাৰক আল নাহিয়ানে। তেওঁ ফিতা কাটি হিন্দু উপাসকসকলৰ বাবে এই আটকধুনীয়া মন্দিৰটো মুকলি কৰি দিয়ে। 
 
উল্লেখ্য যে, ডুবাইৰ এই গাঁওখনত নতুন হিন্দু মন্দিৰটোৰ লগতে আছে সাতটা গীৰ্জা আৰু গুৰু নানক দৰবাৰ শিখ গুৰুদ্বাৰ। মঙলবাৰৰ উদ্বোধনী অনুষ্ঠানত ইউ এ ইৰ কূটনৈতিক মিছনৰ মুৰব্বী, কেইবাটাও ধৰ্মৰ ধৰ্মীয় নেতা, ব্যৱসায়ী, ভাৰতীয় সমাজৰ সদস্যকে ধৰি প্ৰায় ২০০ জন গণ্যমান্য ব্যক্তিয়ে যোগদান কৰে।
এই উপলক্ষে ইউ এ ইত থকা ভাৰতীয় ৰাষ্ট্ৰদূত সুঞ্জয় সুধীৰে কয় যে, "আজি ডুবাইত এটা নতুন হিন্দু মন্দিৰ উদ্বোধন কৰা হৈছে। এয়া প্ৰৱাসী ভাৰতীয় লোকসকলৰ বাবে আদৰণীয় খবৰ। মন্দিৰ মুকলি কৰাটোৱে ইউ এ ইত বসবাস কৰা বৃহৎ হিন্দু জনগোষ্ঠীৰ ধৰ্মীয় আকাংক্ষা পূৰণ কৰিছে।” ইয়াৰ বাবে ইউ এ ই চৰকাৰক ধন্যবাদ জনাই সুঞ্জয় সুধীৰে কয় যে চৰকাৰৰ এই পদক্ষেপে ৩৫ লাখ ভাৰতীয়ক দ্বিতীয় গৃহ প্ৰদান কৰিছে, য’ত তেওঁলোকে বাস কৰে, কাম কৰে আৰু অৰ্থনীতি আৰু সমাজলৈ অৰিহণা আগবঢ়ায়।
শ্ৰফে খালীজ টাইমছক জনোৱা মতে, 'ডুবাইত মন্দিৰ মুকলি কৰাটো কেৱল হিন্দুসকলৰ বাবেই নহয়, ইউএইত থকা সকলো ভাৰতীয়ৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰিছে। মন্দিৰটো হৈছে আমি ধৰ্মক কেনেদৰে গ্ৰহণ কৰো তাৰ প্ৰকৃত প্ৰতিনিধিত্ব। ই আমাৰ সংস্কৃতিসমূহক একত্ৰিত কৰিব।’
উল্লেখ্য যে, দশেৰা উৎসৱৰ এদিন পূৰ্বে উদ্বোধন কৰা এই মন্দিৰটো ইউ এ ইৰ অন্যতম পুৰণি হিন্দু মন্দিৰ সিন্ধী গুৰু দৰবাৰ মন্দিৰৰ সম্প্ৰসাৰণ। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত মন্দিৰৰ ভেটি স্থাপন কৰা হৈছিল।
 
মন্দিৰৰ অফিচিয়েল ৱেবছাইটত উল্লেখ কৰা অনুসৰি, ডুবাইৰ নতুন হিন্দু মন্দিৰটো পুৱা ৬:৩০ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকিব। ডুবাইৰ মন্দিৰটোত দৈনিক প্ৰায় ১০ ৰ পৰা ১২০০ উপাসকক সহজে স্থান দিয়াৰ ক্ষমতা আছে।