পুনৰ জীৱন লাভৰ আশাত ৬০০ টা মৃতদেহ ৰখা হৈছে ফ্ৰীজত

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নিউয়র্ক
 
সমগ্ৰ বিশ্বতে এতিয়া পুনৰ জীৱনৰ আশাত মৃতদেহ ফ্ৰীজত সুমুৱাই ৰখাৰ প্ৰৱণতা আৰম্ভ হৈছে। এই মুহূৰ্তত বিশ্বজুৰি প্ৰায় ৬০০ টা মৃতদেহ ফ্ৰীজত সুমুৱাই ৰখা হৈছে। ইয়াৰে ৩০০ টা মৃতদেহ কেৱল আমেৰিকা আৰু ৰাছিয়াতে আছে। 
 
আইনৰ দিশেৰে এইসকল লোকৰ মৃত্যু হৈছে যদিও ক্ৰায়'নিক্স নামৰ পদ্ধতিৰ বিশ্বাস ৰখা বিজ্ঞানীসকলে দাবী কৰিছে যে এইসকল লোকৰ মৃত্যু হোৱা নাই, বৰঞ্চ সংজ্ঞাহীনহে হৈছে। মৃতদেহ ফ্ৰীজত ৰাখিলে পুনৰ মানৱ জীৱন ধৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে ব্যয় হব প্রায় ডেৰ কোটি টকা।
আমেৰিকান বিজ্ঞানী ৰিচার্ড গিবছনে দাবী কৰিছে যে মানুহক মৃত্যুৰ পিচত জীয়াই ৰখাৰ সকলো পদ্ধতি বিফল হোৱাৰ পিচত এতিয়া মৃতদেহ ফ্ৰীজত ৰখাৰ নতুন পন্থা উদ্ভাৱন কৰা হৈছে। 
ভৱিষ্যতে যদি বিজ্ঞানে আৰু অধিক উন্নতি কৰে, তেন্তে ফ্ৰীজত ৰখা এনে মৃতদেহসমূহত পুনৰ প্ৰাণৰ সঞ্চাৰ কৰিব পৰা যাব বুলি দাবী কৰিছে গিবছনে। 
 
উল্লেখ্য যে ২০১৬ চনত প্ৰথমবাৰলৈ লণ্ডনত কৰ্কটত মৃত্যুমুখত পৰা ১৪ বছৰীয়া কিশোৰী এগৰাকীক প্ৰথমবাৰলৈ ক্ৰায়'নিক্স পদ্ধতিৰে ফ্ৰীজত ৰখা হৈছিল।