কাবুলৰ চিয়া আধিপত্য অঞ্চলত বোমা বিস্ফোৰণ; ৮ জন নিহত

Story by  atv | Posted by  Munni Begum • 1 Years ago
কাবুলৰ চিয়া আধিপত্য অঞ্চলত বোমা বিস্ফোৰণৰ প্ৰতিনিধিত্বমুলক ছবি
কাবুলৰ চিয়া আধিপত্য অঞ্চলত বোমা বিস্ফোৰণৰ প্ৰতিনিধিত্বমুলক ছবি
কাবুল
 
আফগানিস্তানৰ ৰাজধানী কাবুলত আল-কায়েদাৰ মুৰব্বী আয়মান আল-জাৱাহিৰীক মাৰ্কিন সেনাই হত্যা কৰাৰ পিছতে এক প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয় কাবুলত। কাবুলৰ চিয়া সম্প্ৰদায়ৰ আধিপত্য থকা এটা অঞ্চলত হোৱা বিস্ফোৰণত কমেও ৮ জন লোক নিহত হয় আৰু প্ৰায় ৫০ জন লোক আহত হয়। 
 
এই বিস্ফোৰণ ইছলামিক ষ্টেট সন্ত্ৰাসবাদী গোটে সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে। সন্ত্ৰাসবাদী গোটটোৱে ইয়াৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত এক বিবৃতিৰ জৰিয়তে এই কথা স্বীকাৰ কৰিছে। বিস্ফোৰণটোত কমেও ২০ জন লোক নিহত হৈছে সন্ত্ৰাসবাদী গোটটোৱে জনায়।   
উল্লেখ্য বহু দিনৰে পৰাই চুন্নী উগ্ৰপন্থী গোটক ইছলামিক ষ্টেটে আফগানিস্তানৰ চিয়া সম্প্ৰদায়ক লক্ষ্য কৰি আহিছে। কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে জনোৱা মতে  উগ্ৰপন্থীসকলে ৰাজধানী চহৰ খনৰ  জনবসতিপূৰ্ণ অঞ্চলত এই বিস্ফোৰণ সংঘটিত কৰিছে।     
সন্ত্ৰাসবাদীয়ে গোটটোৰ সদস্যই এখন পাচলিৰ গাড়ীত বিস্ফোৰক ৰাখিছিল। বিস্ফোৰণৰ ফলত হোৱা মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। 
উল্লেখ্য ২০২১ চনৰ আগষ্ট মাহত তালিবানে কাবুল দখল কৰিছিল। যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই দেশখন এৰি যোৱাৰ পিছতে তালিবান দেশখনত অধিক সক্ৰিয় হৈ পৰিছিল। মে’ মাহ তিনিটা বিস্ফোৰণে বাল্খ প্ৰদেশৰ ৰাজধানী মাজাৰ-ই-শ্বৰীফক জোকাৰি গৈছিল। উগ্ৰপন্থীসকলে তিনিখন বাছত বিস্ফোৰণ সংঘটিত কৰিছিল। 
এজন তালিবান কমাণ্ডাৰ মহম্মদ আচিফ ৱাজাৰীয়ে কয় যে মৃত আৰু আহতসকলৰ প্ৰায় সংখ্যকেই আফগানিস্তানৰ চিয়া সংখ্যালঘু সম্প্ৰদায়ৰ লোক। তালিবান আৰু ইছলামিক ষ্টেট দুয়োটা চুন্নী জেহাদী সংগঠন। অৱশ্যে, ইছলামৰ ব্যাখ্যা আৰু মতবাদক লৈ দুয়োটা পক্ষৰ মাজত বিবাদ আছে।