টাইৱানক লৈ সংঘাত; আমেৰিকাৰ সৈতে সহযোগিতা বন্ধ কৰিলে চীনে

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
বেইজিং
 
শুকুৰবাৰে চীনে কয় যে এই সপ্তাহত আমেৰিকাৰ সদনৰ অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰাৰ পিছত আমেৰিকাৰ সৈতে হোৱা কেইবাখনো প্ৰতিৰক্ষা বৈঠক বাতিল কৰাৰ লগতে আমেৰিকাৰ সৈতে জলবায়ু সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনা স্থগিত ৰখা হৈছে।

টাইৱান ভ্ৰমণত পেলোছিয়ে “চীনৰ প্ৰবল বিৰোধী আৰু কঠোৰ প্ৰতিনিধিত্বক অৱজ্ঞা কৰা”ৰ উদ্ধৃতি দি বৈদেশিক মন্ত্ৰালয়ে কয় যে বেইজিঙে “চীন-আমেৰিকাৰ জলবায়ু পৰিৱৰ্তন আলোচনা স্থগিত ৰাখিব” আৰু আন দুখন নিৰাপত্তা বৈঠক বাতিলৰ পৰিকল্পনা কৰিছে।
উল্লেখ্য যে, বিশ্বৰ দুখন বৃহৎ কাৰ্বন নিৰ্গমনকাৰী দেশ চীন আৰু আমেৰিকাই যোৱা বছৰ গ্লাছগোত অনুষ্ঠিত কোপেনহেগেন-২৬ শীৰ্ষ সন্মিলনত এক আশ্বৰ্যচকিত জলবায়ু চুক্তি উন্মোচন কৰিছিল।
তেওঁলোকে এই দশকত জলবায়ু ব্যৱস্থা ত্বৰান্বিত কৰাৰ বাবে একেলগে কাম কৰাৰ লগতে জলবায়ু সংকটৰ সমাধানৰ বাবে নিয়মীয়াকৈ বৈঠকত মিলিত হোৱাৰ প্ৰতিশ্ৰুতি দিছিল। 
কিন্তু, আমেৰিকাৰ সদনৰ অধ্যক্ষ নেন্সি পেলোছিৰ টাইৱান ভ্ৰমণক লৈ দেশ দুখনৰ মাজত সম্পৰ্কৰ ফাট মেলে। শুকুৰবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, অবৈধ প্ৰব্ৰজনকাৰীক ঘূৰাই অনা, ন্যায়িক সহায় আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ লগতে ড্ৰাগছ বিৰোধী ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ৱাশ্বিংটনৰ সৈতে তেওঁলোকে সহযোগিতা স্থগিত ৰাখিছে।
ইয়াৰ পূৰ্বে কোৱা হৈছিল যে পেলোছি আৰু তেওঁৰ পৰিয়ালৰ ওপৰত অনিৰ্দিষ্ট নিষেধাজ্ঞা আৰোপ কৰা হ’ব।