মস্কো
ৰাছিয়াৰ আক্ৰমণত গৃহহীন হৈ দুর্ভোগ ভুগিবলগা হোৱা শৰণাৰ্থীসকলক সহায় কৰাৰ উদ্দেশ্যে ২০২১ চনৰ শান্তিৰ নোবেল বঁটা বিজয়ী দুগৰাকী সাংবাদিকৰ এগৰাকী ৰাছিয়াৰ ডিমিটি মুৰাটভৰ নোবেল পদকটো যোৱা নিশা নিলাম হয়। নিলামত লাভ কৰা ধনৰাশি ইউক্রেইনৰ যুদ্ধৰ পিচত শৰণাৰ্থী হোৱা লোকসকললৈ আগবঢ়োৱা হ'ব।
স্বতন্ত্র সংবাদপত্র নিভয়া গেজেটা'ৰ মুখ্য সম্পাদক মুৰাটভে তেওঁৰ পদকটোৰ ৮০৮.১২ কোটি টকাত (১০৩.৫ নিযুত ডলাৰ) নিলাম কৰে। উল্লেখনীয় যে ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ পিচত যোৱা মাৰ্চত কাকতখনে ইয়াৰ প্রকাশন বন্ধ কৰিছিল। ইউক্রেইনৰ বিৰুদ্ধে আৰম্ভ কৰা অবাঞ্ছিত অভিযানক যুদ্ধ বুলি অভিহিত কৰাৰ বাবেই ক্রেমলিনে কার্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবেই মুৰাটভৰ কাকতখনৰ দৰে বহু কাকত তথ্য সংবাদ চেনেল বন্ধ কৰি দিবলগীয়া হৈছিল।
উল্লেখনীয় যে ২০০০ চনৰ পৰা কাকতখনৰ সাংবাদিক আৰু ইয়াৰ সৈতে জড়িত ছজন সংবাদকর্মীক হত্যা কৰা হৈছে। বিগত বৰ্ষত ফিলিপাইনছৰ ৰেপলাৰ নামৰ অনলাইন সংবাদ চেনেলটোৰ সহঃ প্ৰতিষ্ঠাপক মাৰিয়া বেছাৰ সৈতে মুৰাটভে নোবেল বঁটা লাভ কৰিছিল। হেৰিটেজ একচনে জাৰি কৰা এটা ভিডিঅ'ত মূৰাটিভে নোবেল পদকটো নিলাম হোৱাৰ কথা সদৰী কৰিছে।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood