ভাৰতৰ স্থিতিৰ ওপৰত চীনৰ কোনো সন্দেহ আছে বুলি নাভাবিব : জয়শংকৰ

Story by  atv | Posted by  DaulatRahman • 2 Years ago
 এছ জয়শংকৰে
এছ জয়শংকৰে
ছিংগাপুৰ
 
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে "চীন আৰু ভাৰত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিষয়ে চীনৰ কোনো সন্দেহৰ প্ৰয়োজন নাই। মই নাভাবো যে আমি আমাৰ সম্পৰ্কৰ ওপৰত কি দৰে আছোঁ বা কি সঠিক হোৱা নাই সেই বিষয়ে চীনা সকলৰ কোনো সন্দেহ আছে। মই মোৰ সমকক্ষ ৱাং য়িক বহুবাৰ লগ কৰিছোঁ। মই যথেষ্ট স্পষ্টভাৱে, যুক্তিসঙ্গতভাৱে বুজিব পৰাকৈ কোনো সন্দেহ নথকাকৈ কওঁ আৰু মই বিশ্বাসী যে তেওঁলোকে মোৰ কথাখিনি ভালদৰে শুনিছে বা বুজিছে।"
 
তেওঁ শুকুৰবাৰে ছিংগাপুৰৰ ব্লুমবাৰ্গ নিউ ইকনমিক ফ'ৰামত "গ্ৰেটাৰ পাৱাৰ কমেণ্টিচন: দ্য ইমাৰ্জিং ৱৰ্ল্ড অৰ্ডাৰ" (" Greater Power Competition : The Emerging World Order") নামৰ এক আলোচনাত ভাষণ প্ৰদান কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, "বেইজিংৰ কাৰ্যকলাপ আৰু দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত চুক্তি উলংঘনৰ বাবে ভাৰত আৰু চীনৰ সম্পৰ্ক এক বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে। যাৰ বাবে এতিয়াও ইয়াৰ 'বিশ্বাসযোগ্য ব্যাখ্যা' ( Credible Explanation )নাই।"
তেওঁ চীনৰ সৈতে পূব লাডাখ সীমান্ত সংঘৰ্ষৰ সন্দৰ্ভত কয়, "আমি চুবুৰীয়া আৰু আমাৰ সম্পৰ্ক এক বেয়া পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছো। কিয়নো তেওঁলোকে কিছু পদক্ষেপ লৈছে আৰু এই পদক্ষেপসমূহে চুক্তি উলংঘন কৰিছে। যাৰ বাবে তেওঁলোকৰ ওচৰত এতিয়াও বিশ্বাসযোগ্য ব্যাখ্যা নাই। এই পদক্ষেপবোৰে পুনৰ বিবেচনাৰ ইংগিত দিছে । তেওঁলোকে আমাৰ সম্পৰ্ক কি দৰে আগবঢ়াই নিব বিচাৰিছে এই সম্পৰ্কে তেওঁলোকে উত্তৰ দিব লাগিব ।"
অন্যান্য সম্পৰ্কৰ কথা উল্লেখ কৰি জয়শংকৰে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আজি আমাৰ অধিক বিশ্বাসী অংশীদাৰ, অতীততকৈ ধাৰণা, পৰামৰ্শ আৰু কামৰ ব্যৱস্থাৰ বাবে অধিক মুক্ত। মই প্ৰায় ৪০ বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে কাম কৰি আহিছোঁ। এইদৰে আলোচনাৰ সময়ত এক প্ৰশ্নৰ উত্তৰত জয়শংকৰে আমেৰিকাৰ সম্পৰ্কৰ বিষয়ে মন্তব্য কৰে।
 
জয়শংকৰে কয়, "আমেৰিকা যুক্তৰাষ্ট্ৰই কিছু সময়ৰ বাবে কৌশলগতভাৱে চুক্তিবদ্ধ হোৱাৰ কোনো ধৰণৰ প্ৰশ্নই উঠিব নোৱাৰে । তুলনামূলকভাৱে আৰু সম্পূৰ্ণৰূপে, আমেৰিকান শক্তি আৰু আমেৰিকান প্ৰভাৱ আগৰ দৰে নহয়। এই কথাও স্পষ্ট যে চীনৰ সম্প্ৰসাৰণ হৈছে। কিন্তু চীনৰ বৰ্ধিত প্ৰভাৱৰ ধৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ তুলনাত বহুত বেলেগ। আমাৰ এনে কোনো পৰিস্থিতি নাই য'ত চীনে অপৰিহাৰ্যভাৱে বেলেগৰ স্থান যেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান লব পাৰিব।"  
 
আলোচনাত আমেৰিকাৰ প্ৰাক্তন বিদেশ সচিব হিলাৰী ক্লিণ্টন আৰু প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰেও অংশগ্ৰহণ কৰিছিল। 
 
অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক গোট কোৱাডৰ কথা উল্লেখ কৰি জয়শংকৰে কয়, "কিছুমান দেশে এক নিৰ্দিষ্ট উদ্বেগ বা আগ্ৰহৰ বিষয়ত একত্ৰিত হোৱাৰ ই এক ভাল উদাহৰণ।"
 
ই এক বেলেগ ধৰণৰ পৃথিৱী প্ৰতিফলিত কৰে য'ত আমি আগবাঢ়ি আছো... ১৯৮২ চনৰ পিছত প্ৰকৃত পৰিৱৰ্তন এতিয়া ঘটিছে। পৃথিৱীখন কেনেদৰে সলনি হৈ আছে সেই সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে ই একমেৰু (unipolar) নহয় আৰু দ্বিমেৰুও  ( bipolar) নহয়।" দেশসমূহৰ সৈতে কাম কৰাৰ ক্ষেত্ৰত আমি যি কৰি আছো তাৰ বহুখিনি বহুমেৰু কাম, বুলি তেওঁ প্ৰকাশ কৰে ।
 
"এক অৰ্থত, ই আংশিকভাৱে এক ৰণনীতি, আংশিকভাৱে স্বায়ত্তশাসিত অংশীদাৰীত্ব, প্ৰায়ে অতি সমস্যা-আধাৰিত যিহেতু আমি বিভিন্ন বিষয়ত বিভিন্ন দেশৰ সৈতে কাম কৰোঁ," মন্ত্ৰীজনে আলোচনাত এইদৰে কয়।